যাকোবৰ চিঠি
৪ তোমালোকৰ মাজত বিবাদ আৰু কাজিয়া কিয় হৈ আছে? এই সকলোবোৰ তোমালোকৰ শৰীৰৰ ইচ্ছাৰ কাৰণে নহয় নে, যিবোৰে তোমালোকৰ শৰীৰক নিয়ন্ত্ৰণ কৰিবলৈ তোমালোকৰ লগত যুঁজি থাকে? ২ তোমালোকে বিচাৰা, তথাপি তোমালোকে নোপোৱা। তোমালোকে হত্যা কৰা আৰু লোভ কৰা, তথাপিও লাভ কৰিব নোৱাৰা। তোমালোকে বিবাদ আৰু কাজিয়া কৰি থাকা। তোমালোকৰ ওচৰত এই কাৰণে নাই, কিয়নো তোমালোকে নোখোজা। ৩ আৰু যেতিয়া খোজা তেতিয়া নোপোৱা, কিয়নো তোমালোকে বেয়া উদ্দেশ্যেৰে খোজা যাতে তোমালোকে ইয়াক শৰীৰৰ ইচ্ছা পূৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰা।
৪ হে ব্যভিচাৰ কৰা লোকসকল,* তোমালোকে নাজানা নে যে জগতৰ বন্ধু হোৱাৰ অৰ্থ হৈছে ঈশ্বৰৰ শত্ৰু হোৱা? সেইবাবে, যিজনে এই জগতৰ বন্ধু হʼব বিচাৰে, তেওঁ ঈশ্বৰৰ শত্ৰু হৈ পৰে। ৫ তোমালোকে কি ভাবা, শাস্ত্ৰই এই কথা এনেই কয় নে, “আমাৰ ভিতৰত যি মনোভাৱ আছে, ইয়ে আমাৰ ভিতৰত ঈৰ্ষা উৎপন্ন কৰি নিজৰ ইচ্ছাবোৰ পূৰ কৰিবলৈ উৎসাহিত কৰি থাকে”? ৬ কিন্তু ঈশ্বৰে দিয়া মহা-কৃপাৰ কাৰণে সেই ঈৰ্ষাৰ মনোভাৱক আমি দমন কৰিব পাৰোঁ। সেইবাবে, শাস্ত্ৰই কয়, “ঈশ্বৰে অহংকাৰীসকলক বিৰোধ কৰে, কিন্তু নম্ৰ লোকসকলক মহা-কৃপা কৰে।”
৭ সেইবাবে, নিজকে ঈশ্বৰৰ অধীন কৰা, কিন্তু চয়তানৰ* বিৰোধ কৰা আৰু সি তোমালোকৰ ওচৰৰ পৰা পলাই যাব। ৮ ঈশ্বৰৰ কাষ চাপা আৰু তেওঁ তোমালোকৰ কাষ চাপিব। হে পাপীবিলাক, নিজৰ হাত ধোৱা, হে সন্দেহ কৰা লোকবিলাক,* নিজৰ হৃদয়ক শুদ্ধ কৰা। ৯ দুখ কৰা, শোক কৰা আৰু কান্দা। তোমালোকৰ হাঁহি শোকলৈ পৰিৱৰ্তন হওক আৰু তোমালোকৰ আনন্দ নিৰাশালৈ পৰিৱৰ্তন হওক। ১০ যিহোৱাৰ* দৃষ্টিত নিজকে নম্ৰ কৰা আৰু তেওঁ তোমালোকক ওখ কৰিব।
১১ ভাইসকল, এজনে-আনজনৰ বিৰুদ্ধে কʼবলৈ বন্ধ কৰা। যিজনে কোনো ভাইৰ বিৰুদ্ধে কয় বা তেওঁক দোষী কৰে, তেওঁ ঈশ্বৰৰ নিয়মৰ বিৰুদ্ধে কয় আৰু তেওঁ সেই নিয়মক দোষ দিয়ে। যদি তুমি নিয়মক দোষ দিয়া, তেনেহʼলে তুমি সেই নিয়ম পালন কৰা নাই, ইয়াৰ পৰিৱৰ্তে তাৰ ন্যায়ী হৈছা। ১২ নিয়ম দিয়াজন আৰু ন্যায়ীতো এজনেই আছে, যিজনে বচাবও পাৰে আৰু ধ্বংসও কৰিব পাৰে। তেনেহʼলে আনক দোষী কৰাজন তুমি কোন হোৱা?
১৩ শুনা, তোমালোকে কোৱা, “আজি বা কালি আমি সেই চহৰলৈ যাম আৰু তাত এবছৰ থাকিম আৰু ব্যৱসায় কৰিম আৰু খুব টকা-পইচা উপাৰ্জন কৰিম।” ১৪ কিন্তু তোমালোকে নাজানা যে কালি তোমালোকৰ জীৱনৰ কি হʼব, কিয়নো তোমালোক সেই কুঁৱলীৰ দৰে হোৱা, যি অলপ সময়ৰ কাৰণে দেখা পোৱা যায় আৰু তাৰ পাছত নাইকিয়া হৈ যায়। ১৫ ইয়াৰ পৰিৱৰ্তে, তোমালোকে এয়া কোৱা উচিত, “যদি যিহোৱাৰ* ইচ্ছা হয়, তেনেহʼলে আমি কালিৰ দিন চাবলৈ পাম আৰু এই কাম কৰিম বা সেই কাম কৰিম।” ১৬ কিন্তু তোমালোকেতো অহংকাৰ কৰা আৰু ফিতাহি মাৰা। এইদৰে অহংকাৰ কৰাটো বহুত বেয়া কথা হয়। ১৭ সেইবাবে, যদি কোনোবাই সঠিক কাম কৰিবলৈ জানে, তথাপিও নকৰে, তেনেহʼলে তেওঁ পাপ কৰে।