মাৰ্কে লিখা শুভবাৰ্তা
৫ তাৰ পাছত তেওঁলোকে সাগৰৰ সিপাৰে থকা গেৰাচেনীয়াবিলাকৰ এলেকাত পালেগৈ। ২ যীচুৱে নাৱৰ পৰা নমাৰ লগে লগে দুষ্ট স্বৰ্গদূতে পোৱা এজন মানুহ কবৰৰ* মাজৰ পৰা ওলাই তেওঁৰ ওচৰলৈ আহিলে। ৩ এই মানুহজন কবৰত থাকিছিল। কোনেও তাক বান্ধি ৰাখিব নোৱাৰিছিল, আনকি শিকলিৰেও নোৱাৰিছিল। ৪ তাক বাৰে বাৰে বেৰী আৰু শিকলিৰে বন্ধা হৈছিল, কিন্তু সি শিকলি ছিঙি দিছিল, বেৰীও ডোখৰ ডোখৰ কৰিছিল আৰু তাক নিয়ন্ত্ৰণ কৰিবলৈ কাৰো ওচৰত শক্তি নাছিল। ৫ সি দিনে-ৰাতিয়ে কবৰ আৰু পাহাৰৰ মাজত চিঞৰি আছিল আৰু শিলেৰে নিজকে আঘাত কৰি আছিল। ৬ কিন্তু সি দূৰৰ পৰা যীচুক দেখাৰ লগে লগে দৌৰি তেওঁৰ ওচৰলৈ আহিলে আৰু মূৰ দোৱাই তেওঁক প্ৰণাম কৰিলে। ৭ তাৰ পাছত সি জোৰেৰে চিঞৰি কʼলে, “হে যীচু, মহান ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত মোৰ কি কাম? মই ঈশ্বৰৰ শপত দি আপোনাক কৈছোঁ, মোক কষ্ট নিদিব।” ৮ সি এইদৰে কোৱাৰ কাৰণ হৈছে, যীচুৱে তাক কৈছিল, “হে দুষ্ট স্বৰ্গদূত, এই মানুহজনৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই যা।” ৯ কিন্তু যীচুৱে তাক সুধিলে, “তোৰ নাম কি?” সি কʼলে, “মোৰ নাম পলটন, কাৰণ আমি বহুত আছোঁ।” ১০ আৰু সেই এলেকাৰ পৰা সিহঁতক বাহিৰলৈ নপঠাবলৈ সি যীচুক বাৰে বাৰে মিনতি কৰিলে।
১১ সেই সময়তে গাহৰিৰ এটা ডাঙৰ জাক, সেই পাহাৰত চৰি আছিল। ১২ সেইবাবে, দুষ্ট স্বৰ্গদূতবিলাকে তেওঁক মিনতি কৰিলে, “আমাক সেই গাহৰিবোৰলৈ পঠাই দিয়ক যাতে আমি সেইবোৰত সোমাব পাৰোঁ।” ১৩ যীচুৱে সিহঁতক যাবলৈ অনুমতি দিলে, তেতিয়া দুষ্ট স্বৰ্গদূতবিলাকে, সেই মানুহজনৰ শৰীৰৰ পৰা বাহৰিলৈ ওলাই গাহৰিবোৰত সোমাল আৰু প্ৰায় ২,০০০ গাহৰিৰ জাকে বেগেৰে দৌৰিলে আৰু পাহাৰৰ গৰাৰ পৰা সাগৰত পৰি সকলো গাহৰি পানীত ডুবি মৰিল। ১৪ কিন্তু গাহৰি চৰোৱা লোকসকলে তাৰ পৰা পলাই গʼল আৰু তেওঁলোকে চহৰ আৰু আশে-পাশে থকা এলেকালৈ গৈ ঘটনাৰ বিষয়ে সকলো কথা কʼলে আৰু তাত কি হৈছিল লোকসকলে চাবলৈ আহিল। ১৫ তেওঁলোকে যীচুৰ ওচৰলৈ আহি দেখিলে যে আগতে দুষ্ট স্বৰ্গদূতৰ পলটনে পোৱা মানুহজন বহি আছে, এতিয়া তেওঁ কাপোৰ পিন্ধি আছে আৰু তেওঁ ভাল হৈ গʼল আৰু এয়া দেখি লোকসকলে বৰ ভয় খালে। ১৬ যিসকলে এই সকলো ঘটনা নিজ চকুৰে দেখিলে, তেওঁলোকে লোকসকলক কʼলে যে দুষ্ট স্বৰ্গদূতে পোৱা মানুহজনৰ লগত এই সকলো কেনেকৈ হʼল আৰু গাহৰিবোৰৰ কি অৱস্থা হʼল। ১৭ সেইবাবে, তেওঁলোকৰ এলেকাৰ পৰা ওলাই যাবলৈ যীচুক মিনতি কৰিবলৈ ধৰিলে।
১৮ যেতিয়া যীচু নাৱত উঠিবলৈ লৈছিল, তেতিয়া আগতে দুষ্ট স্বৰ্গদূতে পোৱা, সেই মানুহজনে যীচুৰ লগত যাবলৈ মিনতি কৰিবলৈ ধৰিলে। ১৯ কিন্তু যীচুৱে তেওঁক আহিবলৈ নিদিলে আৰু কʼলে, “নিজৰ ঘৰলৈ যোৱা আৰু যিহোৱাই* তোমাৰ কাৰণে কি কি কৰিলে আৰু তোমাৰ ওপৰত কিমান দয়া দেখুৱালে, এই বিষয়ে নিজৰ পৰিয়ালক কোৱাগৈ।” ২০ তেতিয়া সেই মানুহজন তাৰ পৰা গুচি গʼল আৰু দিকাপলিত* যীচুৱে তেওঁৰ বাবে কৰা সেই সকলো কামৰ বিষয়ে লোকসকলক জনাবলৈ ধৰিলে আৰু লোকসকল আচৰিত হʼল।
২১ যেতিয়া যীচুৱে নাৱেৰে সাগৰ পাৰ হৈ উভটি আহিলে, তেতিয়া তেওঁৰ ওচৰত এটা ডাঙৰ ভীৰ গোট খালে আৰু যীচু সাগৰৰ পাৰতে আছিল। ২২ তালৈ সভাঘৰৰ এজন অধিকাৰী আহিল, যাৰ নাম যায়ীৰ আছিল। তেওঁ যীচুক দেখাৰ লগে লগে তেওঁৰ ভৰিত পৰিল। ২৩ আৰু তেওঁ বাৰে বাৰে যীচুক মিনতি কৰিবলৈ ধৰিলে, “মোৰ ছোৱালীজনীৰ অৱস্থা একেবাৰে বেয়া।* অনুগ্ৰহ কৰি মোৰ লগত বলক আৰু তাইক সুস্থ কৰক।”* ২৪ তেতিয়া যীচুৱে তেওঁৰ লগত গʼল আৰু এটা ডাঙৰ ভীৰ ঠেলা-হেঁচা কৰি তেওঁৰ পিছে পিছে যাবলৈ ধৰিলে।
২৫ তাত এনে এগৰাকী তিৰোতা আছিল, যাৰ ১২ বছৰৰ পৰা তেজ বোৱা বেমাৰ আছিল। ২৬ তেওঁ বহুতো চিকিৎসকৰ ওচৰত চিকিৎসা কৰি কৰি বহুত কষ্ট ভুগিব লগা হৈছিল আৰু তেওঁৰ ওচৰত যি আছিল, সেই সকলো খৰচ কৰিও তেওঁ সুস্থ নহʼল, আনকি তেওঁৰ অৱস্থা বেছিহে বেয়া হʼল। ২৭ যেতিয়া তেওঁ যীচুৰ বিষয়ে শুনিলে, তেতিয়া তেওঁ ভীৰৰ মাজেদি যীচুৰ পিছফালে আহি তেওঁৰ কাপোৰ চুলে। ২৮ কিয়নো তেওঁ কৈছিল, “যদি মই তেওঁৰ কাপোৰখনকে চুই লওঁ, তেনেহʼলে মই ভাল হৈ যাম।” ২৯ সেই সময়তে তেওঁৰ তেজ বোৱা বন্ধ হৈ গʼল আৰু তেওঁ অনুভৱ কৰিলে যে তেওঁৰ সেই কষ্টদায়ক বেমাৰ ভাল হৈ গʼল।
৩০ সেই সময়তে যীচুৱে নিজৰ শৰীৰৰ পৰা শক্তি ওলাই যোৱা গʼম পালে আৰু তেওঁ পিছফালে ঘূৰি চাই ভীৰক কʼলে, “মোৰ কাপোৰ কোনে চুলে?” ৩১ কিন্তু শিষ্যসকলে কʼলে, “আপুনি দেখিছে যে ভীৰে আপোনাক কেনেকৈ হেঁচি ধৰিছে, তথাপিও আপুনি কৈছে, ‘মোক কোনে চুলে?’” ৩২ কিন্তু কোনে কৰিলে, সেয়া জানিবলৈ তেওঁ চাৰিওফালে চাবলৈ ধৰিলে। ৩৩ তেতিয়া তেওঁ সুস্থ হʼল বুলি গʼম পাই সেই তিৰোতাগৰাকীয়ে ভয়ত কঁপি কঁপি আহি, তেওঁৰ আগত পৰি সকলো সঁচা কথা কʼলে। ৩৪ যীচুৱে তেওঁক কʼলে, “মোৰ ছোৱালী, তোমাৰ বিশ্বাসে তোমাক সুস্থ কৰিলে। যোৱা, এতিয়া আৰু চিন্তা নকৰিবা। এই কষ্টদায়ক বেমাৰ তোমাৰ আৰু কেতিয়াও নহওক।”
৩৫ তেওঁ কৈ থকাৰ সময়তে সভাঘৰৰ অধিকাৰী যায়ীৰৰ ঘৰৰ পৰা কিছুমান মানুহ আহি কʼবলৈ ধৰিলে, “তোমাৰ ছোৱালীজনী মৰি গʼল! এতিয়া গুৰুক আৰু কিয় কষ্ট দিব লাগে?” ৩৬ কিন্তু যীচুৱে যেতিয়া তেওঁলোকৰ কথা শুনিলে, তেতিয়া তেওঁ সভাঘৰৰ অধিকাৰীজনক কʼলে, “ভয় নকৰিবা, কেৱল বিশ্বাস ৰাখা।” ৩৭ তাৰ পাছত তেওঁ পিতৰ, যাকোব আৰু তেওঁৰ ভাই যোহনৰ বাহিৰে আন কাকো নিজৰ লগত আহিবলৈ নিদিলে।
৩৮ যেতিয়া তেওঁলোকে সভাঘৰৰ অধিকাৰীৰ ঘৰ পালেগৈ, তেতিয়া তেওঁলোকে দেখিলে যে তাত বহুত হুলস্থূল হৈ আছে। লোকসকলে চিঞৰি চিঞৰি কান্দি আছে আৰু দুখ কৰি আছে। ৩৯ যীচুৱে ভিতৰলৈ যোৱাৰ পাছত তেওঁলোকক কʼলে, “তোমালোকে কিয় কান্দিছা আৰু হুলস্থূল কৰি আছা? ছোৱালীজনী মৰা নাই, টোপনি গৈছে।” ৪০ এই কথা শুনি তেওঁলোকে যীচুক ঠাট্টা কৰিবলৈ ধৰিলে। কিন্তু যীচুৱে সকলোকে বাহিৰলৈ পঠিয়াই দিলে। আৰু ছোৱালীজনীৰ মা-দেউতা আৰু নিজৰ শিষ্যসকলক লগত লৈ ছোৱালীজনীক যʼত শুৱাই থৈছিল, তালৈ গʼল। ৪১ তাৰ পাছত যীচুৱে ছোৱালীজনীৰ হাতত ধৰি কʼলে, “টালিথা কুমী,” যাৰ অৰ্থ হৈছে, “মই তোমাক কৈছোঁ, উঠা মোৰ ছোৱালীজনী!” ৪২ সেই সময়তে ছোৱালীজনী উঠি খোজকাঢ়িবলৈ ধৰিলে। (তাইৰ বয়স ১২ বছৰ আছিল।) এয়া দেখি তেওঁলোকে বহুত আনন্দিত হʼল। ৪৩ কিন্তু এই বিষয়ে কাকো নকʼবলৈ যীচুৱে তেওঁলোকক বাৰে বাৰে সাৱধান কৰি কʼলে আৰু তাইক কিবা খোৱা বস্তু দিবলৈ কʼলে।