মথিয়ে লিখা শুভবাৰ্তা
২৮ বিশ্ৰাম-বাৰৰ পাছত সপ্তাহৰ প্ৰথম দিনা পুৱতি নিশাতে মৰিয়ম মগ্দলীনী আৰু আনজনী মৰিয়মে কবৰ চাবলৈ আহিল।
২ কিছু সময়ৰ আগতে এটা ডাঙৰ ভূমিকম্প হৈছিল। কিয়নো যিহোৱাৰ* স্বৰ্গদূত স্বৰ্গৰ পৰা নামি আহিছিল। তেওঁ কবৰৰ দুৱাৰৰ পৰা শিলচটা বগৰাই তাৰ ওপৰত বহি আছিল। ৩ স্বৰ্গদূতজন বিজুলীৰ দৰে জিলিকি আছিল আৰু তেওঁৰ কাপোৰ বৰফৰ দৰে বগা আছিল। ৪ পহৰা দিয়া লোকসকলে ইমানেই ভয় খালে যে তেওঁলোকে কপিবলৈ ধৰিলে আৰু মৰা মানুহৰ দৰে ঠৰ লাগিল।
৫ কিন্তু এই তিৰোতা কেইজনীয়ে যেতিয়া কবৰৰ ওচৰলৈ আহিল, তেতিয়া স্বৰ্গদূতজনে তেওঁলোকক কʼলে, “ভয় নকৰিবা, তোমালোকে যীচুক বিচাৰি আছা ন, যিজনক কাঠত আঁৰি হত্যা কৰা হৈছিল?” ৬ তেওঁ ইয়াত নাই, যিদৰে তেওঁ কৈছিল তেওঁক জীৱিত কৰা হৈছে। আহাঁ, তেওঁক ৰখা ঠাইত চোৱাহি। ৭ এতিয়া তোমালোক সোনকালে যোৱা আৰু তেওঁৰ শিষ্যসকলক কোৱাগৈ যে তেওঁক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হʼল আৰু তেওঁ তোমালোকতকৈ আগতে গালীললৈ যাব আৰু তাত তোমালোকে তেওঁক দেখা পাবা। মই তোমালোকক এই বাৰ্তাই দিবলৈ আহিছোঁ।
৮ এয়া শুনি তেওঁলোকে লগে লগে কবৰৰ ওচৰৰ পৰা ওলাই আহিল, যদিও তেওঁলোকে ভয় খাইছিল, কিন্তু বহুত আনন্দিতও হৈছিল। তেওঁলোকে যীচুৰ শিষ্যসকলক খবৰ দিবলৈ দৌৰি দৌৰি গৈ আছিল। ৯ কিন্তু হঠাতে যীচুৱে তেওঁলোকক ৰাস্তাত লগ পালে আৰু তেওঁলোকক সম্ভাষণ জনালে। তেওঁলোকে যীচুৰ ওচৰলৈ গৈ তেওঁৰ ভৰিত ধৰিলে আৰু মূৰ দোৱাই তেওঁক প্ৰণাম কৰিলে। ১০ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “ভয় নকৰিবা, যোৱা, মোৰ ভাইবিলাকক গালীললৈ যাবলৈ কোৱাগৈ, তেওঁলোকে তাতে মোক দেখা পাব।”
১১ যেতিয়া এই তিৰোতাসকলে ৰাস্তাতে আছিল, তেতিয়া কবৰ পহৰা দিয়া লোকসকলৰ মাজৰ কিছুমানে চহৰলৈ গʼল আৰু তেওঁলোকে সকলো ঘটনা প্ৰধান পুৰোহিতসকলক জনালে। ১২ তেতিয়া প্ৰধান পুৰোহিতসকলে যিহূদী নেতাসকলক মাতিলে আৰু তেওঁলোকৰ লগত আলোচনা কৰাৰ পাছত সৈনিকসকলক বহুতো ৰূপৰ মুদ্ৰা দিলে। ১৩ আৰু তেওঁলোকক কʼলে, “তোমালোকে কʼবা যে ৰাতি যেতিয়া আমি শুই আছিলোঁ, তেতিয়া তেওঁৰ শিষ্যসকলে আহি তেওঁৰ মৃতদেহ চুৰ কৰি লৈ গʼল। ১৪ আৰু ৰাজ্যপালে যেতিয়া এই কথা শুনিব, তেতিয়া আমি তেওঁক বুজাই দিম, তোমালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই।” ১৫ তেতিয়া পহৰা দিয়া লোকসকলে ৰূপৰ মুদ্ৰা লʼলে আৰু তেওঁলোকক যিদৰে কোৱা হৈছিল, ঠিক সেইদৰেই কৰিলে। এই কথা যিহূদীসকলৰ মাজত বিয়পি গʼল আৰু আজিলৈকে এইদৰেই চলি আছে।
১৬ সেই ১১ জন শিষ্যই গালীলৰ সেই পাহাৰত গʼল, যʼত যীচুৱে তেওঁলোকক লগ কৰিবলৈ কৈছিল। ১৭ যেতিয়া তেওঁলোকে যীচুক দেখিলে, তেতিয়া তেওঁলোকে মূৰ দোৱাই প্ৰণাম কৰিলে, কিন্তু তেওঁলোকৰ মাজৰ কিছুমানে সন্দেহ কৰিলে। ১৮ যীচুৱে তেওঁলোকৰ ওচৰলৈ আহি তেওঁলোকক কʼলে, “স্বৰ্গত আৰু পৃথিৱীত সকলো অধিকাৰ মোক দিয়া হৈছে। ১৯ সেইবাবে যোৱা আৰু সকলো ৰাষ্ট্ৰৰ লোকসকলক মোৰ শিষ্য হʼবলৈ শিকোৱা আৰু তেওঁলোকক পিতৃ, পুত্ৰ আৰু পবিত্ৰ শক্তিৰ নামেৰে বাপ্তিষ্মা দিয়া। ২০ আৰু মই তোমালোকক যি যি আজ্ঞা দিছোঁ, সেই সকলো কথা পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া। আৰু চোৱা! জগতৰ ব্যৱস্থাৰ শেষ সময়লৈকে মই সদায় তোমালোকৰ লগত থাকিম।”