ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ইফিচীয়া ৪
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

ইফিচীয়া কিতাপৰ সাৰাংশ

      • খ্ৰীষ্টৰ শৰীৰৰ একতা (১-১৬)

        • মানুহৰ ৰূপত উপহাৰ (৮)

      • পুৰণি ব্যক্তিত্ব আৰু নতুন ব্যক্তিত্ব (১৭-৩২)

ইফিচীয়া ৪:১১

ফুটনোট

  • *

    গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

  • *

    বা “শুভবাৰ্তা শুনাওঁতা।”

ইফিচীয়া ৪:১২

ফুটনোট

  • *

    বা “লোকসকলে প্ৰশিক্ষণ পায়।”

ইফিচীয়া ৪:১৩

ফুটনোট

  • *

    বা “পৰিপক্ক; পূৰ্ণবয়স্ক।”

ইফিচীয়া ৪:১৫

ফুটনোট

  • *

    অৰ্থাৎ মুৰব্বী।

ইফিচীয়া ৪:১৭

ফুটনোট

  • *

    বা “ব্যৰ্থ।”

ইফিচীয়া ৪:১৯

ফুটনোট

  • *

    আক্ষ., “তেওঁলোকৰ অনুভৱ নাইকিয়া হʼল।”

  • *

    গ্ৰীক ভাষাত আচেলʼগেইয়া। শব্দকোষ চাওক।

ইফিচীয়া ৪:২৭

ফুটনোট

  • *

    আক্ষ., “দিয়াবল।” শব্দকোষ চাওক।

  • *

    বা “দিয়াবলক ঠাই নিদিবা।”

ইফিচীয়া ৪:২৯

ফুটনোট

  • *

    আক্ষ., “পচি যোৱা।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
  • ২৬
  • ২৭
  • ২৮
  • ২৯
  • ৩০
  • ৩১
  • ৩২
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
ইফিচীয়া ৪:১-৩২

ইফিচীয়াসকললৈ চিঠি

৪ সেইবাবে মই পৌল, প্ৰভুৰ এজন শিষ্য হোৱাৰ কাৰণে বন্দী হৈ আছোঁ আৰু তোমালোকক অনুৰোধ কৰিছোঁ যে তোমালোকৰ আচাৰ-ব্যৱহাৰ সেই নিমন্ত্ৰণৰ যোগ্য হওক, যি তোমালোকক দিয়া হৈছে। ২ নম্ৰতা, কোমলতা আৰু ধৈৰ্য্যেৰে সৈতে প্ৰেমেৰে এজনে-আনজনক সহন কৰি থাকা, ৩ নিজৰ মাজত শান্তি বজাই ৰাখিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা, যিয়ে তোমালোকক একতাৰ সেই বান্ধোনত বান্ধি ৰাখে, যি তোমালোকে পবিত্ৰ শক্তিৰে লাভ কৰা। ৪ শৰীৰ এক আৰু পবিত্ৰ শক্তিও এক, যিদৰে সেই আশাও এক, যাক পাবলৈ তোমালোকক নিমন্ত্ৰণ কৰা হৈছিল। ৫ এজনেই প্ৰভু, এটাই বিশ্বাস, এটাই বাপ্তিষ্মা। ৬ আৰু সকলোৰে এজনেই ঈশ্বৰ আৰু পিতৃ আছে, যিজন সকলোৰে ওপৰত আছে আৰু সকলোৰে যোগেদি আৰু সকলোতে কাম কৰে।

৭ খ্ৰীষ্টই প্ৰতিজনকে যি দান দিছে, তাৰ অনুসৰি আমাৰ মাজৰ প্ৰতিজনকে মহা-কৃপা দেখুৱা হৈছে। ৮ সেইবাবে, শাস্ত্ৰই কয়, “যেতিয়া তেওঁ ওপৰলৈ উঠিল, তেতিয়া বন্দীবিলাকক লৈ গʼল। তেওঁ মানুহৰ ৰূপত উপহাৰ দিলে।” ৯ ‘তেওঁ ওপৰলৈ উঠিল,’ এই কথাৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে, তেওঁ তলত অৰ্থাৎ পৃথিৱীতো নামি আহিছিল। ১০ যিজন নামি আহিছিল, তেৱেঁই স্বৰ্গতকৈয়ো ওপৰলৈ উঠিল যাতে তেওঁ সকলো কথা পূৰ কৰে।

১১ আৰু তেওঁ কিছুমানক পাঁচনি,* কিছুমানক ভৱিষ্যবক্তা, কিছুমানক প্ৰচাৰক,* কিছুমানক ৰখীয়া আৰু শিক্ষক হিচাপে নিযুক্ত কৰিলে ১২ যাতে পবিত্ৰ লোকসকলৰ শুধৰণি হয়* আৰু তেওঁলোকে সেৱাৰ কাম কৰে আৰু খ্ৰীষ্টৰ শৰীৰ তেতিয়ালৈকে বাঢ়ি গৈ থাকে, ১৩ যেতিয়ালৈকে আমি সকলোৱে বিশ্বাসত আৰু ঈশ্বৰৰ পুত্ৰৰ সঠিক জ্ঞানৰ একতা লাভ নকৰোঁ আৰু সম্পূৰ্ণৰূপে ডাঙৰ* হোৱা মানুহৰ দৰে নহওঁ অৰ্থাৎ খ্ৰীষ্টৰ পূৰ্ণতা লাভ নকৰোঁ। ১৪ সেইবাবে, আমি এতিয়াৰে পৰা সৰু লʼৰা-ছোৱালীৰ দৰে নহওঁ, যিসকলক মিছা কথাবোৰৰ ঢৌৰে ঢলং-পলং কৰা হয় আৰু সকলো ধৰণৰ শিক্ষাৰ বতাহত ইফাল-সিফাললৈ নিয়া হয়। কিয়নো সিহঁতে এনে মানুহবিলাকৰ কথা শুনে, যিসকলে ছলেৰে আৰু বৰ চতুৰতাৰে বিশ্বাসঘাত কৰি সিহঁতক ফুচলায়। ১৫ গতিকে, আহা আমি সঁচা কথা কওঁ আৰু সকলো কথাত প্ৰেমেৰে খ্ৰীষ্টত বাঢ়ি গৈ থাকোঁ, যিজন আমাৰ মূৰ* হয়। ১৬ খ্ৰীষ্টৰ যোগেদি শৰীৰৰ গোটেই অংগ ইটোৱে-সিটোৰ লগত সংযুক্ত হৈ আছে আৰু গুৰুত্বপূৰ্ণ কাম কৰা প্ৰতিটো জোৰাই ইটোৱে-সিটোক সহযোগ কৰে। যেতিয়া শৰীৰৰ প্ৰতিটো অংগই ভালদৰে কাম কৰে, তেতিয়া ইয়াৰ পৰা শৰীৰ বাঢ়ি গৈ থাকে আৰু প্ৰেমত মজবুত হৈ গৈ থাকে।

১৭ সেইবাবে, মই প্ৰভুৰ আগত তোমালোকক এয়া কৈছোঁ আৰু তোমালোকক অনুৰোধ কৰিছোঁ যে তোমালোকে এতিয়াৰে পৰা জগতৰ লোকসকলৰ দৰে নহʼবা, যিসকলে নিজৰ অনৰ্থক* চিন্তাধাৰাৰ অনুসৰি চলে। ১৮ তেওঁলোকৰ মন অন্ধকাৰ হৈ আছে আৰু ঈশ্বৰে আমাক যি জীৱন দিব বিচাৰে, সেয়া তেওঁলোকে গ্ৰহণ নকৰে, কাৰণ তেওঁলোকে ঈশ্বৰক জানিব নিবিচাৰে আৰু তেওঁলোকৰ হৃদয় কঠোৰ। ১৯ তেওঁলোকে নিৰ্লজ্জতাৰ সকলো সীমা পাৰ কৰিলে* আৰু নিজকে নিৰ্লজ্জভাৱে কৰা পাপ কামত* গতাই দিলে যাতে সকলো ধৰণৰ অশুচি কাম কৰি থাকে আৰু তেওঁলোকে বেছিতকৈ বেছি সেইদৰে কৰিবলৈ হাবিয়াহ কৰে।

২০ কিন্তু তোমালোকে খ্ৰীষ্টৰ বিষয়ে এনেধৰণৰ শিক্ষা পোৱা নাই। ২১ যীচুৱে সত্যৰ বিষয়ে শিকাইছিল আৰু তোমালোকে যদি তেওঁৰ পৰা শুনিছা আৰু তেওঁৰ দ্বাৰা শিক্ষা লাভ কৰিছা, তেনেহʼলে তোমালোকে সেইবোৰ ভালদৰে বুজি পাবা। ২২ তোমালোকক শিকোৱা হৈছিল যে তোমালোকে নিজৰ পুৰণি ব্যক্তিত্বক উলিয়াই পেলোৱা উচিত, যি তোমালোকৰ আগৰ আচাৰ-ব্যৱহাৰৰ অনুসৰি হয় আৰু যি বিশ্বাসঘাত কৰা ইচ্ছাবোৰৰ কাৰণে ভ্ৰষ্ট হৈ গৈ আছে। ২৩ আৰু তোমালোকে যেন নিজৰ চিন্তাধাৰা দিনক দিনে নতুন কৰা ২৪ আৰু নতুন ব্যক্তিত্বক পিন্ধি লোৱা উচিত, যি ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি সৃষ্টি কৰা হৈছে আৰু এই ব্যক্তিত্ব সঠিক মানদণ্ড আৰু প্ৰকৃত বিশ্বাসৰ ওপৰত আধাৰিত।

২৫ সেইবাবে, যিহেতু এতিয়া তোমালোকে ঠগবাজিৰ কামবোৰ এৰি দিছা, গতিকে তোমালোকৰ মাজৰ প্ৰতিজনে নিজৰ চুবুৰীয়াক সঁচা কথা কোৱা, কাৰণ আমি একেটা শৰীৰৰ বেলেগ বেলেগ অংগ হওঁ। ২৬ ক্ৰোধিত হʼলেও পাপ নকৰিবা। বেলি মাৰ নোযোৱাৰ আগতেই তোমালোকৰ খং শান্ত হওক ২৭ আৰু চয়তানক* সুযোগ নিদিবা।* ২৮ যিজনে চুৰ কৰে, তেওঁ এতিয়াৰে পৰা চুৰ নকৰক। ইয়াৰ পৰিৱৰ্তে, তেওঁ কঠোৰ পৰিশ্ৰম কৰক আৰু নিজৰ হাতে ভাল কাম কৰক যাতে অভাৱ হোৱা কোনো ব্যক্তিক দিবলৈ তেওঁৰ হাতত কিবা থাকে। ২৯ তোমালোকৰ মুখৰ পৰা একো বেয়া* কথা নোলাওক, কিন্তু প্ৰয়োজন অনুসৰি এনে কথা ওলাওক, যাৰ পৰা শুনা লোকসকলে উৎসাহিত হয় আৰু লাভৱান হয়। ৩০ আৰু তোমালোকে ঈশ্বৰৰ পবিত্ৰ শক্তিক দুখিত নকৰিবা, যি শক্তিৰ যোগেদি তোমালোকক সেই দিনৰ কাৰণে মোহৰ মৰা হৈছে, যেতিয়া মুক্তিৰ মূল্যৰ দ্বাৰা তোমালোকক মুকলি কৰা হʼব।

৩১ সকলো ধৰণৰ ঈৰ্ষা, খং, ক্ৰোধ, আনৰ ওপৰত চিঞৰা আৰু গালি-শপনি লগতে হানি কৰা সকলো ধৰণৰ কথাক নিজৰ পৰা দূৰ কৰা। ৩২ ইয়াৰ পৰিৱৰ্তে, এজনে-আনজনৰ লগত কৃপাৰে ব্যৱহাৰ কৰা আৰু কোমলতাৰে কৰুণা দেখুৱাই এজনে-আনজনক হৃদয়েৰে ক্ষমা কৰা, যিদৰে ঈশ্বৰেও খ্ৰীষ্টৰ যোগেদি তোমালোকক হৃদয়েৰে ক্ষমা কৰিলে।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক