ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ১ তীমথিয় ১
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

১ তীমথিয় কিতাপৰ সাৰাংশ

      • নমস্কাৰ (১, ২)

      • মিছা শিক্ষকসকলৰ বিষয়ে সতৰ্কবাণী (৩-১১)

      • পৌলৰ ওপৰত মহা-কৃপা কৰা হʼল (১২-১৬)

      • চিৰকালৰ ৰজা (১৭)

      • ‘ভালদৰে সংঘৰ্ষ কৰা’ (১৮-২০)

১ তীমথিয় ১:১

ফুটনোট

  • *

    গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”

১ তীমথিয় ১:২

ফুটনোট

  • *

    ইয়াৰ অৰ্থ হৈছে, “ঈশ্বৰক আদৰ কৰা ব্যক্তি।”

১ তীমথিয় ১:৫

ফুটনোট

  • *

    বা “আদেশৰ; আজ্ঞাৰ।”

১ তীমথিয় ১:৯

ফুটনোট

  • *

    বা “যিসকলৰ অন্তৰত অটুট প্ৰেম নাই।”

১ তীমথিয় ১:১০

ফুটনোট

  • *

    গ্ৰীক ভাষাতপৰনিয়া। শব্দকোষ চাওক।

  • *

    বা “মিছা শপত খোৱা লোক।”

  • *

    বা “স্বাস্থ্যকৰ।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
১ তীমথিয় ১:১-২০

তীমথিয়লৈ প্ৰথম চিঠি

১ আমাৰ উদ্ধাৰকৰ্তা ঈশ্বৰ আৰু আমাৰ আশা খ্ৰীষ্ট যীচুৰ আজ্ঞাৰ অনুসৰি মই পৌল, খ্ৰীষ্ট যীচুৰ এজন পাঁচনি* হওঁ। ২ আৰু মই বিশ্বাসত মোৰ প্ৰকৃত লʼৰা তীমথিয়লৈ* এই চিঠি লিখি আছোঁ:

আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ ফালৰ পৰা তোমালোকলৈ মহা-কৃপা, দয়া আৰু শান্তি হওক।

৩ যেতিয়া মই মাকিদনিয়া যাবলগীয়া আছিল, তেতিয়া মই তোমাক ইফিচত থাকিবলৈ উৎসাহিত কৰিছিলোঁ। এতিয়া মই তোমাক উৎসাহিত কৰিছোঁ যে তাত যিসকল লোকে বেলেগ ধৰণৰ শিক্ষা দি আছে, তেওঁলোকক আজ্ঞা দিয়া যে তেওঁলোকে যেন এইদৰে নকৰে ৪ আৰু মিছা কাহিনী আৰু বংশাৱলীৰ ওপৰত যেন ধ্যান নিদিয়ে। তাৰ পৰা একো লাভ নহয়, ইয়াৰ পৰিৱৰ্তে এইবোৰে কেৱল মনে সজা ধাৰণা সৃষ্টি কৰে আৰু এইবোৰ ঈশ্বৰৰ সেই ব্যৱস্থাৰ অনুসৰি নহয়, যাৰ সম্পৰ্ক বিশ্বাসৰ লগত আছে। ৫ সঁচাকৈ এই নিৰ্দেশনাৰ* উদ্দেশ্য এই যে আমি শুদ্ধ মন আৰু শুদ্ধ বিবেকেৰে আৰু সেই বিশ্বাসৰ অনুসৰি প্ৰেম কৰোঁ, যʼত কোনো কপট নাই। ৬ ইয়াৰ পৰা বিচলিত হৈ কিছুমান লোকে অপ্ৰয়োজনীয় কথাবোৰত ব্যস্ত হৈ পৰিছে। ৭ তেওঁলোকে নিয়ম শিকাওঁতা হʼবলৈতো বিচাৰে, কিন্তু যিবোৰ কথা তেওঁলোকে কয় আৰু যিবোৰ কথাত লাগি থাকে, সেইবোৰ তেওঁলোকে নিজেই বুজি নাপায়।

৮ আমি জানোঁ যে নিয়ম ভাল হয়, যদি কোনোবাই তাক সঠিকভাৱে পালন কৰে। ৯ এই সত্যতাক মনত ৰাখি নিয়ম ভাল মানুহৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে এনে লোকসকলৰ কাৰণে বনোৱা হয়, যিসকল দুষ্ট আৰু বিদ্ৰোহী হয়, ভক্তিহীন আৰু পাপী হয়, যিসকল বিশ্বাসী নহয়,* পবিত্ৰ কথাবোৰক তুচ্ছ বুলি ভাবে, মা-দেউতাক হত্যা কৰে, হত্যাকাৰী, ১০ অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰখা লোক, পুৰুষৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা পুৰুষ, অপহৰণ কৰা লোক, মিছলীয়া, প্ৰতিজ্ঞা পূৰ নকৰা লোক,* আৰু এনেধৰণৰ সকলো কাম কৰা লোকসকল আছে, যি লাভজনক* শিক্ষাৰ বিৰুদ্ধে হয়। ১১ এই লাভজনক শিক্ষা আনন্দিত ঈশ্বৰৰ সেই মহিমাপূৰ্ণ শুভবাৰ্তাৰ অনুসৰি হয়, যি শুনোৱাৰ দায়িত্ব মোক দিয়া হৈছে।

১২ আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ প্ৰতি মই কৃতজ্ঞ, যিজনে মোক শক্তি দিছে, কিয়নো তেওঁ মোক বিশ্বাসযোগ্য বুলি ভাবি নিজৰ সেৱাৰ কাৰণে নিযুক্ত কৰিছে। ১৩ যদিও মই আগতে ঈশ্বৰক নিন্দা কৰোঁতা আৰু অত্যাচাৰ কৰোঁতা আৰু অহংকাৰী আছিলোঁ, তথাপি মোৰ ওপৰত দয়া কৰা হʼল, কিয়নো মই অজানিতে আৰু বিশ্বাস নথকাৰ কাৰণে এইবোৰ কৰিছিলোঁ। ১৪ কিন্তু আমাৰ প্ৰভুৱে মোৰ ওপৰত প্ৰচুৰ পৰিমাণে মহা-কৃপা দেখুৱালে আৰু মই খ্ৰীষ্ট যীচুৰ পৰা বিশ্বাস আৰু প্ৰেম লাভ কৰিলোঁ। ১৫ এই কথা ভৰসাযোগ্য আৰু সম্পূৰ্ণৰূপে গ্ৰহণ কৰাৰ যোগ্য হয় যে খ্ৰীষ্ট যীচুৱে পাপীবিলাকক উদ্ধাৰ কৰিবলৈ জগতলৈ আহিছিল। আৰু সেই পাপীবিলাকৰ ভিতৰত ময়েই আটাইতকৈ ডাঙৰ পাপী হওঁ। ১৬ তথাপিও মোৰ ওপৰত দয়া কৰা হʼল, যাতে এই মহা-পাপীৰ যোগেদি খ্ৰীষ্ট যীচুৱে দেখুৱায় যে তেওঁ কিমান ধৈৰ্য্য ধৰে আৰু মই সেই সকলোৰে কাৰণে এক উদাহৰণ হওঁ, যিসকলে অনন্ত জীৱন পাবলৈ তেওঁৰ ওপৰত বিশ্বাস কৰে।

১৭ চিৰকালৰ ৰজা, অবিনাশী, অদৃশ্য আৰু একমাত্ৰ ঈশ্বৰৰ আদৰ আৰু তেওঁৰ মহিমা সদায় কাললৈকে হৈ থাকক। আমেন।

১৮ হে মোৰ লʼৰা তীমথিয়, তোমাৰ বিষয়ে যি ভৱিষ্যবাণী কৰা হৈছিল, সেইবোৰৰ ওপৰত ধ্যান দি মই তোমাক নিৰ্দেশনা দিছোঁ যে তুমি ইয়াৰ অনুসৰি ভালদৰে সংঘৰ্ষ কৰি থাকা। ১৯ আৰু নিজৰ বিশ্বাস আৰু শুদ্ধ বিবেক বজাই ৰাখা, এই শুদ্ধ বিবেকৰ কথা নুশুনাৰ কাৰণে কিছুমান লোকৰ বিশ্বাসৰ জাহাজ ভাঙি গৈছে। ২০ তেওঁলোকৰ মাজত হুমিনায় আৰু আলেকজেন্দাৰো আছে আৰু মই তেওঁলোকক চয়তানৰ হাতত গতাই দিলোঁ, এইদৰে যেন তেওঁলোকে ঈশ্বৰক নিন্দা কৰিব নালাগে বুলি শিকিব পাৰে।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক