মথিয়ে লিখা শুভবাৰ্তা
১৭ ছদিনৰ পাছত যীচুৱে পিতৰ, যাকোব আৰু তেওঁৰ ভায়েক যোহনক লগত লৈ এখন ওখ পাহাৰলৈ উঠি গʼল আৰু তাত তেওঁলোকৰ বাহিৰে কোনো নাছিল। ২ তেওঁলোকৰ সন্মুখতে যীচুৰ ৰূপ সলনি হʼল। তেওঁৰ চেহেৰা সূৰ্য্যৰ দৰে উজ্জ্বল হʼল আৰু তেওঁৰ কাপোৰ পোহৰৰ দৰে জিলিকিবলৈ ধৰিলে।* ৩ তেতিয়া হঠাতে তেওঁলোকে তাত মোচি আৰু এলিয়াক দেখা পালে আৰু তেওঁলোকে যীচুৰ লগত কথা পাতি আছিল। ৪ তেতিয়া পিতৰে যীচুক কʼলে, “প্ৰভু আমি ইয়াত থকাটো আমাৰ কাৰণে আনন্দৰ বিষয়। যদি আপুনি বিচাৰে, তেনেহʼলে মই ইয়াত তিনিটা তম্বু সাজিম, এটা আপোনাৰ কাৰণে, এটা মোচিৰ কাৰণে আৰু এটা এলিয়াৰ কাৰণে।” ৫ তেওঁ যেতিয়া কৈ আছিল, সেই সময়তে এডোখৰ উজ্জ্বল মেঘে তেওঁলোকক ঢাকি ধৰিলে আৰু চোৱা! সেই মেঘৰ পৰা এই মাত শুনিবলৈ পোৱা গʼল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁক মই গ্ৰহণ কৰিলোঁ। এওঁৰ কথা শুনা।” ৬ এই কথা শুনি শিষ্যসকলে বৰ ভয় খালে আৰু মাটিত উবুৰি খাই পৰিল। ৭ তেতিয়া যীচুৱে তেওঁলোকৰ ওচৰলৈ আহি তেওঁলোকক চুই কʼলে, “উঠা, ভয় নকৰিবা।” ৮ যেতিয়া তেওঁলোকে মূৰ তুলি চালে, তেতিয়া যীচুৰ বাহিৰে তাত কাকো দেখা নাপালে। ৯ ইয়াৰ পাছত যেতিয়া তেওঁলোকে পাহাৰৰ পৰা নামি আহিছিল, তেতিয়া যীচুৱে তেওঁলোকক আদেশ দিলে, “মানুহৰ পুত্ৰ জীৱিত নোহোৱালৈকে এই দৰ্শনৰ বিষয়ে তোমালোকে কাকো নকʼবা।”
১০ কিন্তু শিষ্যসকলে তেওঁক সুধিলে, “তেনেহʼলে এলিয়া প্ৰথমে আহিব লাগে বুলি নিয়ম শিকোৱা লোকে* কিয় কয়?” ১১ তেওঁ উত্তৰ দিলে, “এলিয়া নিশ্চয় প্ৰথমে আহিব আৰু সকলোবোৰ আগৰ দৰেই কৰি দিব। ১২ কিন্তু মই তোমালোকক কওঁ যে এলিয়া আহিলে আৰু তেওঁলোকে চিনি নাপালে। আৰু তেওঁৰ লগত তেওঁলোকে যি বিচাৰিছিল, সেইদৰেই কৰিলে। ঠিক সেইদৰে মানুহৰ পুত্ৰও তেওঁলোকৰ হাতত দুখ ভোগ কৰিব।” ১৩ তেতিয়া শিষ্যসকলে বুজি পালে যে যীচুৱে যোহন বাপ্তিষ্মা দিওঁতাজনৰ বিষয়ে কৈ আছে।
১৪ যেতিয়া তেওঁলোকে লোকসকলৰ ওচৰলৈ আহিলে, তেতিয়া এজন ব্যক্তিয়ে যীচুৰ ওচৰলৈ আহিল আৰু আঁঠুকাঢ়ি কʼবলৈ ধৰিলে, ১৫ “প্ৰভু, মোৰ লʼৰাৰ ওপৰত দয়া কৰক, কাৰণ ইয়াৰ মৃগী বেমাৰ আছে আৰু ইয়াৰ অৱস্থা একেবাৰে বেয়া। সি কেতিয়াবা জুইত আৰু কেতিয়াবা পানীত পৰি যায়। ১৬ মই ইয়াক আপোনাৰ শিষ্যসকলৰ ওচৰলৈ আনিছিলোঁ, কিন্তু তেওঁলোকে ইয়াক সুস্থ কৰিব নোৱাৰিলে।” ১৭ তেতিয়া যীচুৱে কʼলে, “হে অবিশ্বাসী আৰু পাপী প্ৰজন্মৰ* লোকসকল, কিমান দিনলৈকে মই তোমালোকৰ লগত থাকিম? কেতিয়ালৈকে মই তোমালোকক সহ্য কৰিম? তেওঁক মোৰ ওচৰলৈ লৈ আনা।” ১৮ তেতিয়া যীচুৱে সেই লʼৰাজনক পোৱা দুষ্ট স্বৰ্গদূতক ধমকি দিলে আৰু সি তাৰ পৰা ওলাই গʼল। সেই সময়তে লʼৰাজন সুস্থ হৈ গʼল। ১৯ ইয়াৰ পাছত শিষ্যসকলে যীচুৰ ওচৰলৈ অকলে আহিলে আৰু কʼলে, “আমি সেই দুষ্ট স্বৰ্গদূতক কিয় উলিয়াব নোৱাৰিলোঁ?” ২০ যীচুৱে কʼলে, “তোমালোকৰ কম বিশ্বাসৰ কাৰণে। মই তোমালোকক সঁচাকৈ কৈছোঁ, এটি সৰিয়হ গুটিৰ সমানো যদি তোমালোকৰ বিশ্বাস থাকে, তেনেহʼলে এই পাহাৰটোক তোমালোকে কʼবা, ‘ইয়াৰ পৰা তালৈ যা, তেতিয়া ই যাব।’ তোমালোকৰ বাবে একোৱেই অসম্ভৱ নহʼব।” ২১* —
২২ যেতিয়া যীচু আৰু তেওঁৰ শিষ্যসকল গালীলত একেলগে আছিল, তেতিয়া তেওঁ শিষ্যসকলক কʼলে, “মানুহৰ পুত্ৰৰ লগত বিশ্বাসঘাত কৰা হʼব আৰু তেওঁক লোকসকলৰ হাতত গতাই দিয়া হʼব। ২৩ লোকসকলে তেওঁক হত্যা কৰিব আৰু তৃতীয় দিনাখন তেওঁক জীয়াই তোলা হʼব।” এই কথা শুনি শিষ্যসকলৰ বহুত দুখ লাগিল।
২৪ যেতিয়া তেওঁলোকে কফৰনাহূম আহি পালে, তেতিয়া যিসকলে মন্দিৰৰ কৰ* তোলে তেওঁলোকে পিতৰৰ ওচৰলৈ আহি কʼলে, “তোমালোকৰ গুৰুৱে মন্দিৰৰ কৰ নিদিয়ে নেকি?” ২৫ পিতৰে কʼলে, “হয়, দিয়ে।” কিন্তু যেতিয়া তেওঁ ঘৰৰ ভিতৰলৈ সোমাল, তেতিয়া পিতৰে কোৱাৰ আগতেই যীচুৱে তেওঁক সুধিলে, “চিমোন, তুমি কি ভাবা? জগতৰ ৰজাসকলে কোন লোকসকলৰ পৰা কৰ বা মাচুল লয়? নিজৰ লʼৰাবিলাকৰ পৰা, নে আন লোকসকলৰ পৰা?” ২৬ যেতিয়া তেওঁ কʼলে, “আন লোকসকলৰ পৰা,” তেতিয়া যীচুৱে তেওঁক কʼলে, “ইয়াৰ অৰ্থ হৈছে লʼৰাবিলাকে কৰ দিয়াৰ কোনো প্ৰয়োজন নাই। ২৭ কিন্তু তেওঁলোকে যেন আমাৰ কাৰণে উজুটি নাখায়, সেইবাবে তুমি সাগৰৰ পাৰলৈ যোৱা আৰু মাছ ধৰিবলৈ বৰশী বোৱা আৰু প্ৰথমে যি মাছ উঠিব তাৰ মুখ মেলিবা আৰু তাত তুমি এটা ৰূপৰ মুদ্ৰা* পাবা। সেয়া নি নিজৰ আৰু মোৰ কাৰণে কৰ তোলা লোকসকলক দি দিবা।”