যোহনে লিখা শুভবাৰ্তা
১৬ মই তোমালোকক এইবোৰ কথা কোৱাৰ কাৰণ হৈছে যাতে তোমালোকে মোক এৰি নোযোৱা। ২ লোকসকলে তোমালোকক সভাঘৰৰ পৰা বাহিৰ কৰি দিব। ইয়াৰ উপৰিও, এনে সময় আহি আছে যেতিয়া সকলোৱে তোমালোকক হত্যা কৰিব, তেওঁলোকে ভাবিব যে তেওঁলোকে ঈশ্বৰৰ পবিত্ৰ সেৱা কৰিছে। ৩ কিন্তু তেওঁলোকে মোৰ পিতৃক আৰু মোক নজনাৰ কাৰণে এই কামবোৰ কৰিব। ৪ কিন্তু মই তোমালোকক এই সকলো কথা কʼলোঁ যাতে এইবোৰ যেতিয়া ঘটিব, তেতিয়া তোমালোকৰ মনত পৰিব যে মই তোমালোকক এই কথাবোৰ কৈছিলোঁ।
মই আগতে তোমালোকক এই কথাবোৰ কোৱা নাছিলোঁ, কাৰণ মই তোমালোকৰ লগত আছিলোঁ। ৫ কিন্তু এতিয়া মই মোক পঠোৱা জনৰ ওচৰলৈ গৈ আছোঁ, তথাপিও তোমালোকৰ মাজৰ কোনেও মোক সোধা নাই যে আপুনি কʼলৈ গৈ আছে? ৬ মই তোমালোকক এইবোৰ কথা কোৱাৰ কাৰণে তোমালোকৰ হৃদয় দুখেৰে ভৰি পৰিছে। ৭ তথাপিও মই তোমালোকক সঁচাকৈ কৈছোঁ, মই তোমালোকৰ ভালৰ কাৰণে গৈ আছোঁ। কাৰণ মই যদি নাযাওঁ, তেনেহʼলে সেই সহায়কৰ্তা কেতিয়াও তোমালোকৰ ওচৰলৈ নাহিব। কিন্তু মই যদি যাওঁ, তেনেহʼলে মই তেওঁক তোমালোকৰ ওচৰলৈ পঠাম। ৮ যেতিয়া সেই সহায়কৰ্তা আহিব, তেতিয়া স্পষ্টকৈ দেখুৱাব যে পাপ কি হয়, ভাল কাম কি হয় আৰু ন্যায় কি হয়। ৯ প্ৰথমতে তেওঁ জগতৰ পাপৰ বিষয়ে কʼব, কিয়নো তেওঁলোকে মোৰ ওপৰত বিশ্বাস কৰা নাই। ১০ তাৰ পাছত তেওঁ দেখুৱাব যে মই কৰা কামবোৰ ভাল হয়, কিয়নো মই পিতৃৰ ওচৰলৈ গৈ আছোঁ আৰু তোমালোকে মোক আকৌ দেখা নাপাবা। ১১ ইয়াৰ পাছত তেওঁ কʼব যে ঈশ্বৰে কাৰ ন্যায় কৰিব, কিয়নো এই জগতৰ ৰজাৰ ন্যায় কৰা হʼল।
১২ মই তোমালোকক আৰু বহুতো কথা কʼবলগীয়া আছে, কিন্তু এতিয়া তোমালোকে সেইবোৰ বুজিব নোৱাৰা। ১৩ কিন্তু তেওঁ* অৰ্থাৎ সত্যৰ পবিত্ৰ শক্তি যেতিয়া আহিব, তেতিয়া তেওঁ তোমালোকক সত্য ভালদৰে বুজিবলৈ সহায় কৰিব। কিয়নো তেওঁ নিজৰ ফালৰ পৰা নকʼব, ইয়াৰ পৰিৱৰ্তে যি কথা তেওঁ ঈশ্বৰৰ ফালৰ পৰা শুনে, সেইবোৰহে কʼব আৰু আহিবলগীয়া কথাৰ বিষয়ে তোমালোকক জনাব। ১৪ তেওঁ মোৰ মহিমা কৰিব, কিয়নো তেওঁ মোৰ পৰা যি শুনিলে, সেয়াই তোমালোকক কʼব। ১৫ যিবোৰ পিতৃৰ হয় সেই সকলো মোৰ হয়। সেইবাবে, মই কʼলোঁ যে সেই সহায়কৰ্তাই মোৰ পৰা যি শুনে, সেয়াই তোমালোকক কʼব। ১৬ এতিয়াৰ পৰা কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা, কিন্তু আকৌ অলপ সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ পাবা।”
১৭ তেতিয়া তেওঁৰ কিছুমান শিষ্যই এজনে-আনজনক কʼবলৈ ধৰিলে, “এওঁ যি আমাক কৈ আছে, ইয়াৰ অৰ্থ কি: ‘এতিয়াৰ পৰা কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা, কিন্তু আকৌ অলপ সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ পাবা’ আৰু ‘কিয়নো মই নিজৰ পিতৃৰ ওচৰলৈ গৈ আছোঁ’?” ১৮ সেইবাবে, তেওঁলোকে কʼবলৈ ধৰিলে, “এওঁ যি কৈ আছে, ‘কিছু সময়ৰ পাছত,’ ইয়াৰ অৰ্থ কি? তেওঁ কি বিষয়ে কৈ আছে আমি নাজানোঁ।” ১৯ যীচুৱে জানিছিল যে তেওঁলোকে তেওঁক প্ৰশ্ন সুধিব বিচাৰিছে, সেইবাবে তেওঁ শিষ্যসকলক কʼলে, “তোমালোকে এজনে-আনজনক এয়া সুধি আছা নে যে মই এইদৰে কিয় কʼলোঁ: ‘কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা, কিন্তু আকৌ অলপ সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ পাবা’? ২০ মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকে কান্দিবা আৰু শোক কৰিবা কিন্তু জগতে আনন্দ কৰিব। তোমালোকৰ দুখ লাগিব, কিন্তু তোমালোকৰ দুখ আনন্দলৈ সলনি হʼব। ২১ এগৰাকী তিৰোতাই যেতিয়া সন্তান জন্ম দিবলৈ হয়, তেতিয়া তেওঁ বহুত কষ্ট পায়, কিয়নো তেওঁৰ সময় আহি পৰে। কিন্তু যেতিয়া তেওঁ সন্তান জন্ম দিয়ে, তেতিয়া তেওঁ নিজৰ কষ্ট পাহৰি যায় আৰু নিজৰ সন্তানক দেখি আনন্দিত হয়। ২২ ঠিক সেইদৰে, তোমালোকেও এতিয়া দুখ কৰি আছা। কিন্তু যেতিয়া মই তোমালোকক আকৌ দেখা দিম, তেতিয়া তোমালোকৰ হৃদয় আনন্দিত হʼব আৰু তোমালোকৰ সেই আনন্দ কোনেও কাঢ়ি নিব নোৱাৰিব। ২৩ সেই দিনা তোমালোকে মোক একো প্ৰশ্ন নকৰিবা। মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকে পিতৃক যিয়েই খোজা তেওঁ মোৰ নামেৰে তোমালোকক দিব। ২৪ এতিয়ালৈকে তোমালোকে মোৰ নামেৰে একোৱেই খোজা নাই। খোজা তেতিয়া তোমালোকে পাবা, এইদৰে তোমালোকৰ আনন্দ সম্পূৰ্ণ হʼব।
২৫ এইবোৰ কথা মই তোমালোকক উদাহৰণ দি কʼলোঁ। সেই সময় আহি আছে, যেতিয়া মই তোমালোকৰ লগত উদাহৰণ দি কথা নাপাতিম, কিন্তু পিতৃৰ বিষয়ে স্পষ্টকৈ কʼম। ২৬ সেই দিনা তোমালোকে মোৰ নামেৰে পিতৃক প্ৰাৰ্থনা কৰিবা। মই কোৱাৰ অৰ্থ এয়া নহয় যে মই তোমালোকৰ কাৰণে পিতৃক মিনতি কৰিম। ২৭ পিতৃয়ে নিজে তোমালোকক প্ৰেম কৰে, কিয়নো তোমালোকে মোক প্ৰেম কৰা আৰু মই পিতৃৰ ফালৰ পৰা আহিছোঁ বুলি তোমালোকে বিশ্বাস কৰিলা। ২৮ মই পিতৃৰ ফালৰ পৰা এই জগতলৈ আহিছোঁ। এতিয়া মই এই জগত এৰি পিতৃৰ ওচৰলৈ গৈ আছোঁ।”
২৯ তেওঁৰ শিষ্যসকলে কʼলে, “এতিয়া আপুনি আমাক স্পষ্টকৈ কৈ আছে আৰু উদাহৰণ দি কোৱা নাই। ৩০ এতিয়া আপুনি জানে যে আপুনি সকলো কথা জানে আৰু কোনেও আপোনাক প্ৰশ্ন কৰাৰ প্ৰয়োজন নাই। সেইবাবে, আপুনি ঈশ্বৰৰ ফালৰ পৰা হয় বুলি আমি বিশ্বাস কৰোঁ।” ৩১ যীচুৱে কʼলে, “তোমালোকে এতিয়া বিশ্বাস কৰা নে? ৩২ চোৱা! সেই সময় আহি আছে, আচলতে আহিয়েই পালে, যেতিয়া তোমালোক সকলোৱে ইফাল-সিফাল হৈ যাবা আৰু নিজৰ নিজৰ ঘৰলৈ গুচি যাবা আৰু মোক অকলশৰীয়াকৈ এৰি যাবা। তথাপি মই অকলশৰীয়া নহওঁ, কিয়নো পিতৃ মোৰ লগত আছে। ৩৩ মই তোমালোকক এইবোৰ কথা কোৱাৰ কাৰণ হৈছে যাতে তোমালোকে মোৰ যোগেদি শান্তি পোৱা। জগতত তোমালোকে কষ্ট ভুগিব লাগিব। কিন্তু ভয় নকৰিবা! মই এই জগতক জয় কৰিলোঁ।”