যোহনে লিখা শুভবাৰ্তা
১৫ মই আঙুৰৰ প্ৰকৃত লতা হওঁ আৰু মোৰ পিতৃ খেতিয়ক হয়। ২ মোৰ যি যি ডালত ফল নধৰে, তেওঁ তাক কাটি পেলায় আৰু যি যি ডালত ফল ধৰে, সেইবোৰ তেওঁ কাটি পৰিষ্কাৰ কৰে যাতে তাত আৰু বেছিকৈ ফল ধৰে। ৩ মই তোমালোকক কোৱা বাক্যৰ কাৰণে তোমালোকে ইতিমধ্যে পৰিষ্কাৰ হৈছা। ৪ মোৰ লগত একতাত থাকা আৰু মই তোমালোকৰ লগত একতাত থাকিম। যিদৰে আঙুৰৰ লতাৰ পৰা বেলেগ হৈ ডালে ফল উৎপন্ন কৰিব নোৱাৰে, ঠিক সেইদৰে তোমালোকেও মোৰ লগত একতাত নাথাকিলে ফল উৎপন্ন কৰিব নোৱাৰা। ৫ মই আঙুৰৰ লতা হওঁ আৰু তোমালোক ডাল হোৱা। যিসকলে মোৰ লগত একতাত থাকে আৰু যিসকলৰ লগত মই একতাত থাকোঁ, তেওঁ বহুত ফল উৎপন্ন কৰে। মোৰ পৰা বেলেগ হৈ তোমালোকে একোৱেই কৰিব নোৱাৰা। ৬ যি কোনোৱে মোৰ লগত একতাত নাথাকে, তেওঁ এনে ডালৰ নিচিনা হয়, যাক পেলাই দিয়া হয় আৰু যি শুকাই যায়। লোকসকলে এনে ডালবোৰক গোটাই জুইত পেলাই দিয়ে আৰু জ্বলাই দিয়ে। ৭ যদি তোমালোকে মোৰ লগত একতাত থাকা আৰু মোৰ কথাবোৰ তোমালোকৰ হৃদয়ত থাকে, তেনেহʼলে তোমালোকে যিয়েই খোজা, সেয়া তোমালোকক দিয়া হʼব। ৮ যদি তোমালোকে অধিক ফল উৎপন্ন কৰা আৰু নিজকে মোৰ শিষ্য হয় বুলি প্ৰমাণিত কৰা, তেনেহʼলে মোৰ পিতৃৰ মহিমা হʼব। ৯ যিদৰে পিতৃয়ে মোক প্ৰেম কৰিলে, ময়ো তোমালোকক প্ৰেম কৰিলোঁ। তোমালোকে মোৰ প্ৰেমৰ যোগ্য হৈ থাকা। ১০ যদি তোমালোকে মোৰ আজ্ঞাবোৰ পালন কৰা, তেনেহʼলে মোৰ প্ৰেমৰ যোগ্য হৈ থাকিবা, যিদৰে মই পিতৃৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ প্ৰেমৰ যোগ্য হৈ থাকোঁ।
১১ মই তোমালোকক এইবোৰ কথা কোৱাৰ কাৰণ হৈছে যে তোমালোকে সেই আনন্দ পোৱা, যি আনন্দ মই পাইছোঁ আৰু সেই আনন্দ কেতিয়াও শেষ নহওক। ১২ মই তোমালোকক এই আজ্ঞা দিছোঁ, মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও এজনে-আনজনক প্ৰেম কৰা। ১৩ নিজৰ বন্ধুসকলৰ কাৰণে নিজৰ জীৱন দিয়াতকৈ শ্ৰেষ্ঠ প্ৰেম আৰু হʼব পাৰে নে? ১৪ মই দিয়া আজ্ঞাবোৰ যদি তোমালোকে পালন কৰা, তেনেহʼলে তোমালোক মোৰ বন্ধু। ১৫ এতিয়া মই তোমালোকক দাস বুলি নকওঁ, কিয়নো মালিকে যি কৰে, সেয়া দাসে নাজানে। কিন্তু মই তোমালোকক নিজৰ বন্ধু বুলি কʼলোঁ, কিয়নো মই নিজৰ পিতৃৰ পৰা যি যি শুনিলোঁ, সেই সকলো তোমালোকক জনালোঁ। ১৬ তোমালোকে মোক বাছনি কৰা নাই, কিন্তু মই তোমালোকক বাছনি কৰিলোঁ, মই তোমালোকক নিযুক্ত কৰাৰ কাৰণ হৈছে যে তোমালোক যোৱা আৰু ফল উৎপন্ন কৰি থাকা। আৰু তোমালোকৰ ফল সদায় থাকক যাতে তোমালোকে মোৰ নামেৰে পিতৃক যিয়েই খোজা, সেয়া যেন তোমালোকক দিয়ে।
১৭ মই তোমালোকক এই সকলো আজ্ঞা দিয়াৰ কাৰণ হৈছে যাতে তোমালোকে এজনে-আনজনক প্ৰেম কৰা। ১৮ জগতে যদি তোমালোকক ঘৃণা কৰে, তেনেহʼলে মনত ৰাখা, তোমালোকক ঘৃণা কৰাৰ আগতে জগতে মোক ঘৃণা কৰিলে। ১৯ তোমালোক জগতৰ হোৱা হʼলে জগতে তোমালোকক নিজৰ বুলি প্ৰেম কৰিলেহেঁতেন। কিন্তু তোমালোক জগতৰ নোহোৱা, ইয়াৰ পৰিৱৰ্তে মই তোমালোকক জগতৰ পৰা বাছনি কৰিলোঁ। সেইবাবে, জগতে তোমালোকক ঘৃণা কৰে। ২০ মই যি কথা তোমালোকক কʼলোঁ, সেয়া মনত ৰাখা। এজন দাস নিজৰ মালিকতকৈ ডাঙৰ নহয়। যদি সিহঁতে মোক অত্যাচাৰ কৰিলে, তেনেহʼলে তোমালোককো কৰিব। যদি সিহঁতে মোৰ কথা শুনিলে, তেনেহʼলে তোমালোকৰো শুনিব। ২১ কিন্তু তেওঁলোকে মোৰ নামৰ কাৰণে তোমালোকৰ বিৰুদ্ধে এইবোৰ কৰিব। কিয়নো তেওঁলোকে মোক পঠোৱা জনক নাজানে। ২২ মই নহা হʼলে আৰু তেওঁলোকৰ লগত কথা নপতা হʼলে তেওঁলোকৰ পাপ নহʼলহেঁতেন। কিন্তু এতিয়া তেওঁলোকে নিজৰ পাপৰ কাৰণে কোনো বাহানা মাৰিব নোৱাৰে। ২৩ যিজনে মোক ঘৃণা কৰে, তেওঁ মোৰ পিতৃকো ঘৃণা কৰে। ২৪ মই তেওঁলোকৰ মাজত সেইবোৰ কাম কৰিলোঁ, যি আন কোনেও কৰা নাছিল। মই তেওঁলোকৰ মাজত এইবোৰ কাম নকৰা হʼলে তেওঁলোকৰ কোনো পাপ নহʼলহেঁতেন। কিন্তু এতিয়া তেওঁলোকে মোক দেখিছে আৰু মোক আৰু মোৰ পিতৃক ঘৃণা কৰিলে। ২৫ কিন্তু এইদৰে ঘটাৰ কাৰণ হৈছে নিয়মত লিখা এই কথা যেন পূৰ হয়, ‘কোনো কাৰণ নোহোৱাকৈ তেওঁলোকে মোক ঘৃণা কৰিলে।’ ২৬ মই মোৰ পিতৃৰ ওচৰৰ পৰা তোমালোকলৈ এক সহায়কৰ্তা পঠাম অৰ্থাৎ সত্যৰ পবিত্ৰ শক্তি, যি পিতৃৰ পৰা আহে। সেই সহায়কৰ্তাই মোৰ বিষয়ে সাক্ষ্য দিব। ২৭ তাৰ পাছত তোমালোকেও মোৰ বিষয়ে সাক্ষ্য দিব লাগিব, কাৰণ আৰম্ভণিৰে পৰা তোমালোক মোৰ লগত আছা।