মথিয়ে লিখা শুভবাৰ্তা
১২ এবাৰ বিশ্ৰাম-বাৰে* যীচুৱে নিজৰ শিষ্যসকলৰ লগত শস্যৰ পথাৰৰ মাজেদি গৈ আছিল। সেই সময়তে তেওঁৰ শিষ্যসকলৰ ভোক লাগিল। আৰু তেওঁলোকে শস্যৰ থোক চিঙি চিঙি খাবলৈ ধৰিলে। ২ এয়া দেখি ফৰীচীবিলাকে তেওঁক কʼলে, “চাওক, আপোনাৰ শিষ্যসকলে এনে কাম কৰিছে, যি বিশ্ৰাম-বাৰে কৰিব নালাগে।” ৩ যীচুৱে তেওঁলোকক কʼলে, “যেতিয়া দায়ূদ আৰু তেওঁৰ লোকসকলক ভোক লাগিছিল, তেতিয়া তেওঁলোকে কি কৰিলে, এই বিষয়ে তোমালোকে পঢ়া নাই নে? ৪ ঈশ্বৰলৈ আগবঢ়োৱা ৰুটি কেৱল পুৰোহিতসকলে খাব পাৰিছিল। তথাপিও তেওঁ ঈশ্বৰৰ ভৱনত সোমালে আৰু তেওঁলোকে সেই ৰুটি খালে। আৰু এইদৰে কৰাটো দায়ূদ আৰু তেওঁৰ লোকসকলৰ কাৰণে নিয়মৰ বিৰুদ্ধে আছিল। ৫ বা মন্দিৰত সেৱা কৰা পুৰোহিতসকলে বিশ্ৰাম-বাৰে নিয়ম পালন নকৰিও নিৰ্দোষী হয়, এই বিষয়ে তোমালোকে পঢ়া নাই নে? ৬ কিন্তু মই তোমালোকক কওঁ, মন্দিৰতকৈও মহান এজন ইয়াত আছে। ৭ মই বলিদান নিবিচাৰোঁ, কিন্তু তোমালোকে আনক দয়া কৰাটো বিচাৰোঁ। তোমালোকে এই কথাষাৰৰ অৰ্থ বুজা হʼলে তোমালোকে নিৰ্দোষী লোকসকলক দোষী নকৰিলাহেঁতেন। ৮ কিয়নো মানুহৰ পুত্ৰ বিশ্ৰাম-বাৰৰ প্ৰভু হয়।”
৯ তাৰ পাছত যীচুৱে সেই ঠাইৰ পৰা গৈ তেওঁলোকৰ সভাঘৰত সোমাল। ১০ আৰু চোৱা, তাত এজন মানুহ আছিল আৰু সেই মানুহজনৰ এখন হাত শুকাই গৈছিল।* তেতিয়া কিছুমান লোকে যীচুক দোষ দিয়াৰ উদ্দেশ্যেৰে এইদৰে সুধিছিল, “বিশ্ৰাম-বাৰে বেমাৰ ঠিক কৰাটো উচিত নে?” ১১ তেওঁ কʼলে, “তোমালোকৰ মাজৰ কাৰোবাৰ যদি কেৱল এটা ভেড়া থাকে আৰু সেই ভেড়াটো যদি বিশ্ৰাম-বাৰে গাতত পৰে, তেনেহʼলে তাক তুলিবলৈ নোযোৱা কোনোবা আছেনে? ১২ তেনেহʼলে চিন্তা কৰাচোন ভেড়াতকৈ মানুহ কিমান মূল্যৱান! সেইবাবে, বিশ্ৰাম-বাৰে ভাল কাম কৰাটো কোনো ভুল নহয়।” ১৩ তাৰ পাছত তেওঁ সেই ব্যক্তিজনক কʼলে, “তোমাৰ হাতখন আগবঢ়াই দিয়া।” যেতিয়া তেওঁ নিজৰ হাতখন আগবঢ়াই দিলে, তেতিয়া তেওঁৰ হাতখন আন হাতখনৰ দৰে ভাল হৈ গʼল। ১৪ কিন্তু ফৰীচীবিলাকে বাহিৰলৈ ওলাই গʼল আৰু যীচুক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে। ১৫ যীচুৱে এই কথা জানিব পাৰি তাৰ পৰা ওলাই গʼল। বহুতো লোকে তেওঁৰ পিছে পিছে গʼল আৰু তেওঁ সেই সকলোৰে বেমাৰ সুস্থ কৰিলে। ১৬ কিন্তু যীচুৱে তেওঁ কোন হয়, এই বিষয়ে কাকো নকʼবলৈ তেওঁলোকক কʼলে, ১৭ যাতে ভৱিষ্যবক্তা যিচয়াৰ যোগেদি কোৱা এই কথাষাৰ পূৰ হয়,
১৮ “চোৱা, তেওঁ মোৰ সেৱক, তেওঁক মই বাছনি কৰিলোঁ। তেওঁ মোৰ প্ৰিয়জন, তেওঁক মই গ্ৰহণ কৰিলোঁ। মই তেওঁক পবিত্ৰ শক্তি দিম আৰু প্ৰকৃত ন্যায় কি হয়, তেওঁ ৰাষ্ট্ৰৰ লোকসকলক দেখুৱাব। ১৯ তেওঁ কাজিয়াও নকৰিব, তেওঁ জোৰেৰে নিচিঞৰিব আৰু তেওঁৰ মাত ৰাস্তাৰ* লোকসকলে শুনিও নাপাব। ২০ তেওঁ থেতেলি যোৱা নলখাগৰি নাভাঙিব। নুমাবলৈ ধৰা চাকি গছো নুনুমাব আৰু তেওঁ সম্পূৰ্ণৰূপে ন্যায় কৰিব। ২১ সঁচাকৈ, ৰাষ্ট্ৰৰ লোকসকলে তেওঁৰ নামত আশা ৰাখিব।”
২২ ইয়াৰ পাছত তেওঁলোকে দুষ্ট স্বৰ্গদূতে পোৱা এজন ব্যক্তিক যীচুৰ ওচৰলৈ আনিলে আৰু সেই ব্যক্তিজনে চকুৰে দেখা পোৱা নাছিল আৰু কথা কʼব নোৱাৰিছিল।* যীচুৱে সেই ব্যক্তিজনক ভাল কৰিলে আৰু তেওঁ কথা কʼব পাৰিলে আৰু চকুৰে দেখা পালে। ২৩ এয়া দেখি লোকসকলে আচৰিত হʼল আৰু এইদৰে কʼবলৈ ধৰিলে, “তেওঁ হয়তো দায়ূদৰ বংশৰ হয়।” ২৪ এয়া শুনি ফৰীচীসকলে কʼলে, “এই মানুহজনে দুষ্ট স্বৰ্গদূতবিলাকৰ ৰজা বেল্চবূবৰ* সহায়তহে লোকসকলৰ পৰা দুষ্ট স্বৰ্গদূতক উলিয়ায়।” ২৫ যীচুৱে তেওঁলোকৰ মনৰ কথা বুজি পাই কʼলে, “যি ৰাজ্যত বিভেদৰ সৃষ্টি হয়, সেয়া ধ্বংস হৈ যাব। আৰু যি চহৰ বা ঘৰত বিভেদৰ সৃষ্টি হয়, সেয়া টিকি নাথাকিব। ২৬ ঠিক সেইদৰে, চয়তানে যদি চয়তানক উলিয়ায়, তেনেহʼলে তেওঁলোকৰ মাজত বিভেদৰ সৃষ্টি হʼল। আৰু তেওঁ নিজেই নিজৰ বিৰুদ্ধে হʼল। যদি এইদৰে হয়, তেনেহʼলে তেওঁৰ ৰাজ্য কেনেকৈ টিকি থাকিব? ২৭ আৰু মই যদি বেল্চবূবৰ সহায়ত দুষ্ট স্বৰ্গদূতক উলিয়াওঁ, তেনেহʼলে তোমালোকৰ শিষ্যবিলাকে কাৰ সহায়ত সিহঁতক উলিয়ায়? সেইবাবে, তেওঁলোকেই তোমালোকৰ ন্যায় কৰিব। ২৮ কিন্তু মই যদি ঈশ্বৰৰ পবিত্ৰ শক্তিৰ সহায়ত দুষ্ট স্বৰ্গদূতবিলাকক উলিয়াওঁ, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে, ঈশ্বৰৰ ৰাজ্য পালেহি আৰু তোমালোকে ইয়াক ধ্যান দিয়া নাই। ২৯ অথবা শক্তিশালী ব্যক্তিক প্ৰথমে নাবান্ধিলে কোনোবাই জানো তেওঁৰ ঘৰত সোমাই বস্তু লুট কৰিব পাৰে? শক্তিশালী ব্যক্তিক বন্ধাৰ পাছতহে তেওঁৰ ঘৰত সকলো বস্তু তেওঁ লুট কৰিব পাৰিব। ৩০ যি কোনোৱে মোৰ ফলীয়া নহয়, তেওঁ মোৰ বিৰুদ্ধে হʼব। আৰু যি কোনোৱে মোৰ লগত নোগোটায়, তেওঁ ইফাল-সিফাল কৰি দিয়ে।
৩১ সেইবাবে, মই তোমালোকক কওঁ, মানুহৰ সকলো ধৰণৰ পাপ আৰু নিন্দাজনক কথা ক্ষমা কৰা হʼব। কিন্তু পবিত্ৰ শক্তিৰ বিৰুদ্ধে কোৱা কোনো নিন্দাজনক কথা ক্ষমা কৰা নহʼব। ৩২ উদাহৰণস্বৰূপে, যদি কোনোবাই মানুহৰ পুত্ৰৰ বিৰুদ্ধে কয়, তেনেহʼলে তেওঁক ক্ষমা কৰা হʼব। কিন্তু যিজনে পবিত্ৰ শক্তিৰ বিৰুদ্ধে কয়, তেওঁক এই জগতত* আৰু আহিবলগীয়া জগততো ক্ষমা কৰা নহʼব।
৩৩ যদি তোমালোক ভাল গছ হয়, তেনেহʼলে তোমালোকৰ ফলো ভাল হʼব। আৰু যদি তোমালোক বেয়া গছ হয়, তেনেহʼলে তোমালোকৰ ফলো বেয়া হʼব। কিয়নো ফলৰ যোগেদি এজোপা গছক চিনাক্ত কৰিব পাৰি। ৩৪ হে সাপৰ বংশবিলাক, তোমালোকে নিজে দুষ্ট হৈ কেনেকৈ ভাল কথা কʼব পাৰা? কিয়নো হৃদয়ত যি থাকে, সেয়াই মুখৰ পৰা ওলায়। ৩৫ ভাল মানুহে ভাল কথা কয়, কিয়নো তেওঁৰ হৃদয় ভাল কথাৰে ভৰি থাকে। কিন্তু বেয়া মানুহে বেয়া কথা কয়, কিয়নো তেওঁৰ হৃদয় বেয়া কথাৰে ভৰি থাকে। ৩৬ মই তোমালোকক কওঁ, লোকসকলে যি অৰ্থ নথকা কথাবোৰ কয়, তাৰ বাবে তেওঁলোকে ন্যায়ৰ দিনত হিচাপ দিব লাগিব। ৩৭ নিজৰ কথাৰ কাৰণে তোমালোকক ভাল ব্যক্তি বুলি গণ্য কৰা হʼব। আৰু নিজৰ কথাৰ কাৰণে তোমালোকক দোষী বুলি কোৱা হʼব।”
৩৮ এইবোৰ শুনি কিছুমান নিয়ম শিকোৱা লোকে* আৰু ফৰীচীবিলাকে যীচুক কʼলে, “হে গুৰু, আপুনি আমাক কিবা চিন দেখুৱাটো আমি বিচাৰোঁ।” ৩৯ যীচুৱে তেওঁলোকক কʼলে, “এই যুগৰ দুষ্ট আৰু বিশ্বাসঘাতক* লোকসকলে সদায় কিবা চিন চাবলৈ বিচাৰি থাকে। কিন্তু যোনা ভৱিষ্যবক্তা চিনৰ বাহিৰে আন কোনো চিন তেওঁলোকক দেখুৱা নহʼব। ৪০ যিদৰে যোনাই এটা ডাঙৰ মাছৰ পেটত তিনি দিন আৰু তিনি ৰাতি আছিল, ঠিক সেইদৰে মানুহৰ পুত্ৰয়ো পৃথিৱীৰ গৰ্ভত তিনি দিন আৰু তিনি ৰাতি থাকিব। ৪১ ন্যায়ৰ সময়ত এই যুগৰ লোকসকলৰ লগত নীনবিৰ লোকসকলে জীয়াই উঠিব আৰু তেওঁলোকক দোষাৰূপ কৰিব। কিয়নো তেওঁলোকে যোনাৰ প্ৰচাৰ শুনি অনুতাপ কৰিছিল। কিন্তু চোৱা, ইয়াত যোনাতকৈও মহান এজন আছে। ৪২ ন্যায়ৰ সময়ত দক্ষিণৰ ৰাণীক এই যুগৰ লোকসকলৰ লগত জীয়াই তোলা হʼব আৰু ৰাণীয়ে তেওঁলোকক দোষাৰূপ কৰিব। কিয়নো তেওঁ চলোমনৰ বুদ্ধিৰ কথা শুনিবলৈ বহু দূৰৈৰ পৰা আহিছিল। কিন্তু চোৱা, ইয়াত চলোমনতকৈও মহান এজন আছে।
৪৩ যেতিয়া এজন দুষ্ট স্বৰ্গদূত কোনো এজন মানুহৰ পৰা ওলাই আৰাম কৰিবলৈ ঠাই বিচাৰি পানী নথকা শুকান ঠাইবোৰত ঘূৰি ফূৰে, কিন্তু সি কোনো ঠাই বিচাৰি নাপায়। ৪৪ তেতিয়া সি কয়, ‘মই যি ঘৰৰ পৰা ওলাই আহিলোঁ, আকৌ মই সেই ঘৰলৈ উভতি যাম।’ পাছত সি আহি দেখে যে ঘৰখন খালী আৰু সজাই-পৰাই পৰিষ্কাৰকৈ থোৱা আছে। ৪৫ তেতিয়া সেই দুষ্ট স্বৰ্গদূতে নিজতকৈও দুষ্ট আৰু সাতটা দুষ্ট স্বৰ্গদূতক নিজৰ লগত লৈ আহে আৰু সিহঁতে সেই মানুহজনৰ ভিতৰত সোমাই তাতে থাকিবলৈ ধৰে। আৰু মানুহজনৰ অৱস্থা আগতকৈও বেছি বেয়া হৈ পৰে। এই দুষ্ট যুগৰ লোকসকলৰ অৱস্থাও ঠিক এইদৰেই হʼব।”
৪৬ যেতিয়া যীচুৱে লোকসকলৰ লগত কথা পাতি আছিল, তেতিয়া চোৱা তেওঁৰ মা আৰু ভায়েকবিলাকে তেওঁৰ লগত কথা পাতিবলৈ বাহিৰত থিয় হৈ আছিল। ৪৭ তেতিয়া কোনোবা এজনে যীচুক কʼলে, “চাওক, আপোনাৰ মা আৰু ভাইবিলাকে আপোনাৰ লগত কথা পাতিবলৈ বাহিৰত থিয় হৈ আছে।” ৪৮ তেতিয়া যীচুৱে তেওঁক কʼলে, “মোৰ মা আৰু মোৰ ভাইবিলাক কোন হয়?” ৪৯ তাৰ পাছত তেওঁ নিজৰ শিষ্যসকলৰ ফালে দেখুৱাই কʼলে, “চোৱা, এওঁলোক হৈছে মোৰ মা আৰু ভাই! ৫০ কিয়নো যিজনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পূৰ কৰে, তেৱেঁই মোৰ ভাই, মোৰ ভনী আৰু মোৰ মা হয়।”