যাকোবৰ চিঠি
১ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ দাস যাকোবে চাৰিওফালে সিঁচৰিত হোৱা সেই ১২ গোষ্ঠীলৈ লিখিছে:
নমস্কাৰ!
২ মোৰ ভাইসকল, যেতিয়া তোমালোকে বিভিন্ন ধৰণৰ পৰীক্ষাৰ মাজেদি পাৰ হোৱা, তেতিয়া ইয়াক বৰ আনন্দৰ বিষয় বুলি ভাবিবা। ৩ কিয়নো তোমালোকে জানা যে এইদৰে পৰীক্ষিত হোৱা তোমালোকৰ বিশ্বাসে ধৈৰ্য্য উৎপন্ন কৰে। ৪ কিন্তু ধৈৰ্য্যক নিজৰ কাম পূৰ কৰিবলৈ দিয়া যাতে তোমালোকে সকলো ক্ষেত্ৰত নিখুঁত হোৱা আৰু তোমালোকৰ কোনো দোষ নাথাকক।
৫ সেইবাবে, তোমালোকৰ মাজত যদি কাৰোবাৰ বুদ্ধিৰ অভাৱ হয়, তেনেহʼলে তেওঁ ঈশ্বৰৰ পৰা খুজি থাকক আৰু সেয়া তেওঁক দিয়া হʼব। কিয়নো ঈশ্বৰে সকলোকে খং নকৰাকৈ* উদাৰতাৰে দিয়ে। ৬ কিন্তু অলপো সন্দেহ নকৰাকৈ বিশ্বাসেৰে খুজি থাকা, কিয়নো যিজনে সন্দেহ কৰে, তেওঁ বতাহে ইফাল-সিফাল কৰা সাগৰৰ ঢৌৰ নিচিনা হয়। ৭ আচলতে এনে মানুহে এয়া আশা নকৰক যে তেওঁ যিহোৱাৰ* পৰা কিবা পাব। ৮ এনে মানুহ দুই মনৰ হয় আৰু সকলো বিষয়ত অস্থিৰ হৈ থাকে।
৯ যিজন ভাই দুখীয়া, তেওঁ এই কাৰণে আনন্দ কৰক* যে তেওঁক উচ্চ কৰা হৈছে ১০ আৰু যিজন ধনী হয়, তেওঁ এই কাৰণে আনন্দ কৰক যে তেওঁক দীন কৰা হৈছে, কিয়নো তেওঁ মুকলি পথাৰত ফুলা ফুলৰ দৰে নাইকিয়া হৈ যাব। ১১ যিদৰে সূৰ্য্যৰ অতি তাপৰ কাৰণে ঘাঁহ মৰহি যায় আৰু তাৰ ফুল শুকাই সৰি পৰে আৰু তাৰ সুন্দৰতা নাইকিয়া হৈ যায়, ঠিক সেইদৰে ধনী মানুহেও ধন-সম্পত্তিৰ পিছে পিছে গৈ লুপ্ত হৈ যাব।
১২ যিজন মানুহে পৰীক্ষাত ধৈৰ্য্য ধৰে, তেওঁ সুখী কিয়নো সফলতাৰে পৰীক্ষাৰ সন্মুখীন হোৱাৰ পাছত* তেওঁ জীৱনৰ কিৰীটি পাব, যাৰ প্ৰতিজ্ঞা যিহোৱাই* সেই লোকসকলৰ লগত কৰিছে, যিসকলে তেওঁক সদায় প্ৰেম কৰে। ১৩ পৰীক্ষাৰ সময়ত কোনেও এইদৰে নকওক, “ঈশ্বৰে মোৰ পৰীক্ষা লৈ আছে।” কিয়নো বেয়া বিষয়ৰ যোগেদি ঈশ্বৰৰ পৰীক্ষা কৰিব পৰা নাযায় আৰু তেওঁ নিজেও বেয়া বিষয়ৰ যোগেদি আনৰ পৰীক্ষা নলয়। ১৪ কিন্তু প্ৰতিজনৰ ইচ্ছাই তেওঁক আকৰ্ষিত আৰু প্ৰলোভিত কৰে,* যাৰ কাৰণে তেওঁ পৰীক্ষাত পৰে। ১৫ তাৰ পাছত ইচ্ছা গৰ্ভৱতী হয় আৰু পাপক জন্ম দিয়ে আৰু যেতিয়া পাপ কৰা হয়, তেতিয়া ইয়াৰ পৰিণাম মৃত্যু হয়।
১৬ মোৰ মৰমৰ ভাইসকল, নিজকে নুভুলাবা।* ১৭ প্ৰতিটো ভাল উপহাৰ আৰু প্ৰতিটো উত্তম দান স্বৰ্গৰ পৰা আহে অৰ্থাৎ আকাশৰ জ্যোতিবোৰৰ পিতৃৰ ফালৰ পৰা আহে, যিজন ছাঁৰ দৰে পৰিৱৰ্তন নহয়। ১৮ আমাক সত্যৰ বাক্যৰে উৎপন্ন কৰাটোৱেই তেওঁৰ ইচ্ছা আছিল যাতে তেওঁ সৃষ্টি কৰা মানৱজাতিৰ মাজত আমি প্ৰথম ফলৰ দৰে হʼব পাৰোঁ।
১৯ মোৰ মৰমৰ ভাইসকল, এই কথা জানি লোৱা: প্ৰতিজনে শুনিবলৈ সদায় সাজু থাকক, কʼবলৈ খৰ-খেদা নকৰক আৰু সোনকালে খং নকৰক। ২০ কিয়নো ক্ৰোধ কৰা মানুহে ঈশ্বৰৰ দৃষ্টিত যি সঠিক, সেই অনুসৰি নচলে। ২১ সেইবাবে, সকলো ধৰণৰ অশুচিতা আৰু দুষ্টতাৰ প্ৰতিটো দাগ* দূৰ কৰা আৰু যেতিয়া তোমালোকৰ ভিতৰত বাক্য সিঁচা হয়, তেতিয়া তাক কোমলতাৰে গ্ৰহণ কৰা, কিয়নো ইয়ে তোমালোকৰ জীৱন বচাব পাৰে।
২২ কেৱল বাক্য শুনোঁতা নহʼবা, যিজনে মিছা প্ৰমাণবোৰৰ যোগেদি নিজকে ভুলায়, কিন্তু বাক্য পালন কৰোঁতা হোৱা। ২৩ কিয়নো যিজনে বাক্য শুনে, কিন্তু সেয়া পালন নকৰে, তেওঁ সেই মানুহজনৰ দৰে হয়, যিজনে আইনাত নিজৰ* চেহেৰা চায়। ২৪ তেওঁ নিজকে চায় আৰু গুচি যায় আৰু তেওঁ দেখাত কেনেকুৱা, সেয়া লগে লগে পাহৰি যায়। ২৫ কিন্তু যিজন মানুহে স্বাধীনতা দিয়া নিখুঁত নিয়মক ভালদৰে চালি-জাৰি চায় আৰু তাত লাগি থাকে, এনে মানুহে শুনি পাহৰি নাযায় কিন্তু সেইবোৰ পালন কৰে আৰু ইয়াৰ পৰা তেওঁ আনন্দ লাভ কৰে।
২৬ যদি কোনো মানুহে নিজকে ঈশ্বৰৰ উপাসক* বুলি ভাবে, কিন্তু নিজৰ জিভাক মজবুতেৰে লেকাম নলগায়, তেনেহʼলে তেওঁ নিজৰ হৃদয়ক ভুলায় আৰু তেওঁ উপাসনা কৰাটো ব্যৰ্থ। ২৭ আমাৰ ঈশ্বৰ আৰু পিতৃৰ দৃষ্টিত শুদ্ধ আৰু নিষ্কলংক উপাসনা* হʼল: অনাথ আৰু বিধৱাসকলক সমস্যাৰ সময়ত যত্ন লোৱা আৰু এই জগতৰ অশুচিতাৰ পৰা নিজকে পৃথকে ৰখা।