থিচলনীকীয়াসকললৈ প্ৰথম চিঠি
২ ভাইসকল, তোমালোকে জানা যে আমি তোমালোকৰ তালৈ যোৱাটো ব্যৰ্থ নহʼল। ২ যিদৰে তোমালোকে জানা, আমি ফিলিপীত বহুত কষ্ট ভুগিছিলোঁ আৰু আমাক অপমান কৰা হৈছিল, তথাপি নিজৰ ঈশ্বৰৰ সহায়ত আমি সাহস গোটালোঁ যাতে ইমান বিৰোধ হোৱাৰ সত্ত্বেও* তোমালোকক তেওঁৰ শুভবাৰ্তা শুনাব পাৰোঁ। ৩ আমি তোমালোকক যি শিক্ষা দিওঁ, সেয়া মিছা কথাৰ ওপৰত আধাৰিত বা বেয়া উদ্দেশ্যেৰে নহয় আৰু ইয়াত কোনো ছলনাও নাই। ৪ কিন্তু ঈশ্বৰে আমাক শুভবাৰ্তা শুনোৱাৰ যোগ্য বুলি ভাবি এই দায়িত্ব দিছে, সেইবাবে আমি যিয়েই কওঁ, সেয়া মানুহক নহয়, কিন্তু ঈশ্বৰক আনন্দিত কৰিবলৈ কওঁ, যিজনে আমাৰ হৃদয়ক পৰীক্ষা কৰে।
৫ আচলতে, তোমালোকে জানা যে আমি কেতিয়াও তোমালোকৰ মিছা প্ৰশংসা কৰা নাছিলোঁ আৰু আমাৰ কোনো বস্তুৰ লোভ নাছিল, যাক লুকুৱাবলৈ আমি ভাও ধৰিবলগীয়া হʼল। ঈশ্বৰ এই কথাৰ সাক্ষী হয়। ৬ আমি তোমালোকৰ পৰাই হওক বা আনৰ পৰাই হওক, কোনো মানুহৰ পৰা প্ৰশংসা পাব বিচৰা নাছিলোঁ, আমি বিচৰা হʼলে খ্ৰীষ্টৰ পাঁচনি* হোৱাৰ বাবে তোমালোকৰ ওপৰত গধুৰ বোজা হʼব পাৰিলোঁহেঁতেন। ৭ ইয়াৰ পৰিৱৰ্তে, আমি তোমালোকৰ লগত কোমলতাৰে ব্যৱহাৰ কৰিলোঁ, যিদৰে এগৰাকী গাখীৰ খোৱাওঁতা মাকে নিজৰ সন্তানৰ প্ৰেমেৰে যত্ন লয়। ৮ তোমালোকৰ প্ৰতি কোমল স্নেহ থকাৰ বাবে আমি তোমালোকক ঈশ্বৰৰ শুভবাৰ্তা কেৱল শুনোৱাই নাছিলোঁ, কিন্তু তোমালোকৰ কাৰণে আমি নিজৰ জীৱন দিবলৈও সাজু আছিলোঁ, কিয়নো তোমালোক আমাৰ অতি প্ৰিয় আছিলা।
৯ ভাইসকল, আমি যি কঠোৰ পৰিশ্ৰম কৰিছিলোঁ আৰু যি সংঘৰ্ষ কৰিছিলোঁ, সেই সকলো তোমালোকৰ নিশ্চয় মনত আছে। যেতিয়া আমি তোমালোকক ঈশ্বৰৰ শুভবাৰ্তা শুনাইছিলোঁ, তেতিয়া দিনে-ৰাতিয়ে কাম কৰিছিলোঁ যাতে তোমালোকৰ কাৰো ওপৰত গধুৰ বোজা নহওঁ। ১০ তোমালোক, যিসকল যীচুৰ শিষ্য হৈছা, তোমালোকৰ লগত ব্যৱহাৰ কৰাৰ সময়ত আমি কেনেকৈ বিশ্বাসী, সঠিক আৰু নিৰ্দোষী বুলি প্ৰমাণিত হৈছোঁ, এই কথাৰ তোমালোক সাক্ষী হোৱা আৰু ঈশ্বৰো হয়। ১১ তোমালোকে ভালদৰে জানা যে আমি তোমালোক প্ৰতিজনকে উপদেশ দিছিলোঁ, শান্ত্বনা দিছিলোঁ আৰু শিকাই-বুজাই আছিলোঁ, যিদৰে এজন পিতৃয়ে নিজৰ সন্তানৰ লগত কৰে ১২ যাতে তোমালোকৰ আচাৰ-ব্যৱহাৰ সদায় ঈশ্বৰৰ দৃষ্টিত সঠিক হয়, যিজনে তোমালোকক নিজৰ ৰাজ্য আৰু নিজৰ মহিমাত সহভাগী হʼবলৈ মাতিছে।
১৩ সেইবাবে, আমি সকলো সময়ত ঈশ্বৰক ধন্যবাদ দিওঁ, কাৰণ যেতিয়া তোমালোকে ঈশ্বৰৰ বাক্য আমাৰ পৰা শুনিছিলা, তেতিয়া ইয়াক মানুহৰ বাক্য বুলি নহয়, কিন্তু ঈশ্বৰৰ বাক্য বুলি ভাবি গ্ৰহণ কৰিছিলা আৰু এয়া সঁচাকৈ ঈশ্বৰৰ বাক্য। আৰু তোমালোক, যিসকল যীচুৰ শিষ্য হোৱা, তোমালোকৰ ওপৰত এই বাক্যই প্ৰভাৱ পেলাইছে। ১৪ ভাইসকল, তোমালোকে ঈশ্বৰৰ সেই মণ্ডলীবোৰৰ উদাহৰণত চলিছা, যি যিহূদিয়াত খ্ৰীষ্ট যীচুৰ লগত একতাত আছে। কিয়নো তেওঁলোকে যেনেকৈ যিহূদী লোকসকলৰ হাতত দুখ-কষ্ট সহন কৰিছে, তেনেকৈ তোমালোকেও নিজৰ দেশৰ লোকসকলৰ হাতত দুখ-কষ্ট সহন কৰিছা। ১৫ সেই যিহূদীসকলে প্ৰভু যীচুক আৰু ভৱিষ্যবক্তাসকলকো হত্যা কৰিলে আৰু আমাৰ ওপৰতো অত্যাচাৰ কৰিলে আৰু তেওঁলোকে ঈশ্বৰক আনন্দিত নকৰি সকলো মানুহৰ বিৰুদ্ধে কাম কৰে। ১৬ কিয়নো তেওঁলোকে ইস্ৰায়েলী নোহোৱা লোকক প্ৰচাৰ কৰাত আমাক বাধা দিছে যাতে তেওঁলোকৰ উদ্ধাৰ নহয়। এইদৰে তেওঁলোকে নিজৰ পাপ বঢ়াই গৈ থাকে। কিন্তু এতিয়া ঈশ্বৰৰ ক্ৰোধ তেওঁলোকৰ ওপৰত নামি আহিছে।
১৭ ভাইসকল, যেতিয়া আমি কিছু সময়ৰ কাৰণে তোমালোকৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল (যদিও তোমালোক আমাৰ পৰা দূৰত আছিলা, কিন্তু হৃদয়ৰ পৰা ওচৰত আছিলা), তেতিয়া তোমালোকক লগ কৰিবলৈ* আমাৰ বৰ ইচ্ছা আছিল, সেইবাবে আমি তোমালোকৰ ওচৰত আহিবলৈ সকলো ধৰণে চেষ্টা কৰিলোঁ। ১৮ আমি, হয়, মই পৌলে দুবাৰ তোমালোকৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু চয়তানে আমাৰ ৰাস্তাত বাধা দিলে। ১৯ আমাৰ প্ৰভু যীচুৰ উপস্থিতিৰ সময়ত আমাৰ আশা বা আনন্দ বা বিজয়ৰ কিৰীটি কোন হʼব? সেয়া তোমালোকেই নহʼবা নে? ২০ হয়, তোমালোক আমাৰ গৌৰৱ আৰু আনন্দ হোৱা।