গালাতীয়াসকললৈ চিঠি
৫ এই স্বাধীনতা পাবলৈ খ্ৰীষ্টই আমাক মুকলি কৰিলে। সেইবাবে, দৃঢ় হৈ থাকা আৰু নিজকে আকৌ দাসত্বৰ যুঁৱলিত বান্ধিবলৈ নিদিবা।
২ চোৱা! মই পৌল, তোমালোকক কৈ আছোঁ যে যদি তোমালোকে চুন্নৎ কৰোৱা, তেনেহʼলে খ্ৰীষ্টই তোমালোকৰ কাৰণে যি কৰিলে, তাৰ একো লাভ নহʼব। ৩ মই চুন্নৎ কৰিবলৈ যোৱা সকলো পুৰুষক আকৌ এবাৰ কৈছোঁ যে যদি কোনোবাই চুন্নৎ কৰায়, তেনেহʼলে তেওঁ মোচিৰ বাকী সকলো নিয়ম পালন কৰিব লাগিব। ৪ তোমালোক, যিসকলে নিয়ম পালন কৰি ভাল মানুহ বুলি গণিত হʼবলৈ চেষ্টা কৰি আছা, তোমালোকে খ্ৰীষ্টৰ পৰা বেলেগ হৈ গৈছা। তোমালোকে তেওঁৰ মহা-কৃপা হেৰুৱাই পেলাইছা। ৫ কিন্তু আমি পবিত্ৰ শক্তিৰ যোগেদি বিশ্বাসেৰে ভাল মানুহ বুলি গণিত হোৱাৰ আশা কৰোঁ আৰু সেয়া আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। ৬ কিয়নো যিজন খ্ৰীষ্ট যীচুৰ লগত একতাত আছে, তেওঁৰ কাৰণে চুন্নৎ কৰা বা নকৰাটো কোনো অৰ্থ নাৰাখে, ইয়াৰ পৰিৱৰ্তে প্ৰেমেৰে বিশ্বাসৰ কাম কৰাটোহে অৰ্থ ৰাখে।
৭ তোমালোকে সত্যৰ পথত ভালদৰেই চলি* আছিলা। তেনেহʼলে কোনে তোমালোকক সত্যতা পালন কৰিবলৈ বাধা দিলে? ৮ এনেধৰণৰ শিক্ষা সেই ঈশ্বৰৰ ফালৰ পৰা নহয়, যিজনে তোমালোকক মাতিছে। ৯ অলপ খমিৰে সানি থোৱা গোটেই আটাখিনি খমিৰ কৰি দিয়ে। ১০ তোমালোক, যিসকল প্ৰভুৰ লগত একতাত আছা, তোমালোকৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে তোমালোকে আন কোনো চিন্তাধাৰাক গ্ৰহণ নকৰা। কিন্তু যিজনে তোমালোকৰ কাৰণে সমস্যা সৃষ্টি কৰি আছে, তেওঁ যোনেই নহওক কিয়, তেওঁ নিশ্চয় শাস্তি পাব, যি তেওঁ পোৱাৰ যোগ্য। ১১ ভাইসকল, যদি মই এতিয়াও চুন্নৎ কৰাৰ বিষয়ে প্ৰচাৰ কৰি আছোঁ, তেনেহʼলে মোৰ ওপৰত এতিয়ালৈকে কিয় অত্যাচাৰ কৰা হৈছে? মই এইদৰে কৰা হʼলে যাতনাৰ কাঠৰ* কাৰণে লোকসকলে উজুতি খোৱাৰ কোনো সম্ভাৱনা নাথাকিলেহেঁতেন। ১২ যিজনে তোমালোকক চিন্তিত কৰিব বিচাৰে, তেওঁ নিজৰ অংগ কাটি পেলোৱাটোৱেই ভাল।*
১৩ ভাইসকল, তোমালোকক স্বাধীন হʼবলৈ মতা হৈছিল, কিন্তু এই স্বাধীনতা শৰীৰৰ বেয়া ইচ্ছা পূৰ কৰাৰ সুযোগ বুলি নাভাবিবা, ইয়াৰ পৰিৱৰ্তে দাস হৈ প্ৰেমেৰে এজনে-আনজনৰ সেৱা কৰা। ১৪ কাৰণ গোটেই নিয়মৰ মূল কথা এই এটা আজ্ঞাত আছে,* “তুমি নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।” ১৫ কিন্তু যদি তোমালোকে এজনে-আনজনক আঘাত আৰু আক্ৰমণ কৰাত লাগি থাকা, তেনেহʼলে তোমালোকে সাৱধানে থাকিবা যেন তোমালোকে এজনে-আনজনক ধ্বংস কৰি নিদিয়া।
১৬ কিন্তু মই কৈছোঁ, পবিত্ৰ শক্তিৰ নিৰ্দেশনাৰ অনুসৰি চলি থাকা আৰু তোমালোকে শৰীৰৰ বেয়া ইচ্ছা কেতিয়াও পূৰ নকৰিবা। ১৭ কাৰণ শৰীৰৰ ইচ্ছা পবিত্ৰ শক্তিৰ বিৰুদ্ধে হয় আৰু পবিত্ৰ শক্তি শৰীৰৰ ইচ্ছাৰ বিৰুদ্ধে হয়। এই দুয়োটাই ইটোৱে-সিটোৰ বিৰুদ্ধে হয়, সেইবাবে তোমালোকে যি কৰিব বিচাৰা, সেয়া নকৰা। ১৮ যদি তোমালোকে পবিত্ৰ শক্তিৰ নিৰ্দেশনাৰ অনুসৰি চলা, তেনেহʼলে তোমালোক নিয়মৰ অধীনত নাই।
১৯ শৰীৰৰ কামবোৰতো স্পষ্টকৈ দেখা পোৱা যায়। সেইবোৰ হৈছে, অনৈতিক শাৰীৰিক সম্পৰ্ক,* অশুচিতা, নিৰ্লজ্জভাৱে কৰা পাপ কাম,* ২০ মূৰ্তি পূজা, যাদুবিদ্যা,* শত্ৰুতা, বিবাদ, হিংসা, খঙেৰে জ্বলি-পকি উঠা, কাজিয়া, বিভেদ, ধৰ্মীয় গোট,* ২১ ঈৰ্ষা, মতলীয়া, নিয়ন্ত্ৰণ নকৰাকৈ আনন্দ-ফূৰ্তি কৰা আৰু এনেধৰণৰ আৰু বেয়া কামবোৰ। মই এই বেয়া কামবোৰৰ বিষয়ে তোমালোকক সাৱধান কৰিছোঁ, যিদৰে মই আগতেও কৰিছিলোঁ যে যিসকল লোকে এনে কামবোৰত লাগি থাকে, তেওঁলোক ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহʼব।
২২ আনহাতে, পবিত্ৰ শক্তিৰ ফল হৈছে: প্ৰেম, আনন্দ, শান্তি, ধৈৰ্য্য, কৃপা, ভাল কাম, বিশ্বাস, ২৩ কোমলতা, আত্মনিয়ন্ত্ৰণ। এনে বিষয়বোৰৰ বিৰুদ্ধে কোনো নিয়ম নাই। ২৪ যিসকল খ্ৰীষ্ট যীচুৰ হয়, তেওঁলোকে নিজৰ শৰীৰক তাৰ কামভাৱ আৰু ইচ্ছাৰ সৈতে কাঠত গজাল মাৰি দিলে।
২৫ যদি আমি পবিত্ৰ শক্তিৰ অনুসৰি জীৱন-যাপন কৰোঁ, তেনেহʼলে আহা, আমি এইদৰেই পবিত্ৰ শক্তিৰ অনুসৰি সঠিকভাৱে চলি থাকোঁ। ২৬ আমি অহংকাৰী নহওঁ, এজনে-আনজনৰ লগত প্ৰতিযোগিতা কৰিবলৈ উৎসাহিত নকৰোঁ আৰু এজনে-আনজনক ঈৰ্ষা নকৰোঁ।