ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ১ তীমথিয় ৪
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

১ তীমথিয় কিতাপৰ সাৰাংশ

      • দুষ্ট স্বৰ্গদূতবিলাকৰ শিক্ষাৰ পৰা সাৱধান (১-৫)

      • খ্ৰীষ্টৰ এজন ভাল সেৱক কেনেকৈ হʼব পাৰি (৬-১০)

        • শৰীৰৰ ব্যায়াম আৰু ঈশ্বৰৰ ভক্তিৰ মাজত পাৰ্থক্য (৮)

      • নিজৰ শিক্ষাৰ ওপৰত ধ্যান দিয়া (১১-১৬)

১ তীমথিয় ৪:১৫

ফুটনোট

  • *

    বা “ধ্যান কৰি থাকা।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
১ তীমথিয় ৪:১-১৬

তীমথিয়লৈ প্ৰথম চিঠি

৪ ঈশ্বৰৰ প্ৰেৰণাৰে কোৱা বাক্যই স্পষ্টকৈ কয় যে আগলৈ এনে সময় আহিব, যেতিয়া ভুল পথলৈ নিয়া মিছা বাৰ্তা আৰু দুষ্ট স্বৰ্গদূতবিলাকৰ শিক্ষাৰ ওপৰত ধ্যান দিয়াৰ কাৰণে কিছুমান লোকে বিশ্বাস কৰিবলৈ এৰি দিব। ২ কিয়নো তেওঁলোকে এনে কপটীয়াবিলাকৰ মিছা কথাত ভুল যাব, যিসকলৰ বিবেক অচেতন হৈ গৈছে, যিদৰে গৰম লোহাৰে দাগ দিলে ছাল অচেতন হৈ যায়। ৩ তেওঁলোকে বিয়া কৰিবলৈ মানা কৰিব আৰু কিছুমান বস্তু নাখাবলৈ লোকসকলক আজ্ঞা দিব, কিন্তু ঈশ্বৰে সেই খোৱা বস্তুবোৰ সৃষ্টি কৰিছে যাতে যিসকলে বিশ্বাস কৰে আৰু সত্যক সঠিকভাৱে জানে তেওঁলোকে ধন্যবাদ দি সেইবোৰ যেন খাব পাৰে। ৪ কিয়নো ঈশ্বৰৰ প্ৰতিটো সৃষ্টি উত্তম হয় আৰু ধন্যবাদ দি খালে, খাব নোৱাৰা বস্তু এনে একোৱেই নাই। ৫ কাৰণ ঈশ্বৰৰ বাক্য আৰু প্ৰাৰ্থনাৰ কাৰণে সেই খোৱা বস্তু পবিত্ৰ হৈ যায়।

৬ ভাইসকলক এই পৰামৰ্শ দিলে তুমি খ্ৰীষ্ট যীচুৰ এজন ভাল সেৱক হʼবা আৰু তুমি বিশ্বাসৰ বাক্য আৰু সেই উত্তম শিক্ষাৰে নিজকে প্ৰতিপালন কৰি থাকিবা, যি তুমি বহুত যত্নেৰে পালন কৰি আহিছা। ৭ কিন্তু ঈশ্বৰক নিন্দা কৰা মিছা কাহিনীবোৰৰ পৰা আঁতৰি থাকা, যিদৰে সেইবোৰ বৃদ্ধ তিৰোতাবিলাকে শুনায়। ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ ভক্তি কৰিবলৈ লক্ষ্য ৰাখা আৰু সেই লক্ষ্যত উপনীত হʼবলৈ নিজকে প্ৰশিক্ষণ দি থাকা। ৮ কাৰণ শৰীৰৰ ব্যায়াম কেৱল কিছু পৰিমাণে লাভজনক হয়, কিন্তু ঈশ্বৰৰ ভক্তি সকলো কথাৰ কাৰণে লাভজনক, কিয়নো এয়া আজি আৰু আহিবলগীয়া সময়তো জীৱন দিবলৈ প্ৰতিজ্ঞা কৰে। ৯ এই কথাৰ ওপৰত ভৰসা কৰিব পাৰি আৰু এয়া সম্পূৰ্ণৰূপে গ্ৰহণ কৰাৰ যোগ্য। ১০ সেইবাবে, আমি কঠোৰ পৰিশ্ৰম কৰি সংঘৰ্ষ কৰি আছোঁ, কিয়নো আমি এজন জীৱিত ঈশ্বৰৰ ওপৰত আশা ৰাখিছোঁ, যিজন সকলো ধৰণৰ লোকসকলৰ উদ্ধাৰকৰ্তা হয়, বিশেষকৈ সেই লোকসকলৰ, যিসকল বিশ্বাসযোগ্য হয়।

১১ এই কথাবোৰৰ আজ্ঞা দি থাকা আৰু এইবোৰৰ বিষয়ে শিকাই থাকা। ১২ কোনেও যেন তোমাৰ কম বয়সৰ কাৰণে তোমাক তল চকুৰে নাচাওক। ইয়াৰ পৰিৱৰ্তে কথা কোৱাত, আচাৰ-ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতা বজাই ৰখাত বিশ্বাসযোগ্য লোকসকলৰ কাৰণে এক উদাহৰণ হোৱা। ১৩ যেতিয়ালৈকে মই নাহোঁ, তেতিয়ালৈকে লোকসকলৰ আগত পঢ়ি শুনাবলৈ, তেওঁলোকক উৎসাহিত কৰিবলৈ আৰু শিক্ষা দিবলৈ মনে-প্ৰাণে লাগি থাকা। ১৪ প্ৰাচীন গোষ্ঠীয়ে যেতিয়া তোমাৰ ওপৰত হাত ৰাখিছিল, তেতিয়া ভৱিষ্যবাণীৰ যোগেদি তোমাক যি বৰদান দিয়া হৈছিল, সেই বৰদানক অৱহেলা নকৰিবা। ১৫ এই কথাবোৰৰ বিষয়ে গভীৰভাৱে চিন্তা কৰি থাকা* আৰু এইবোৰত লাগি থাকা যাতে তোমাৰ উন্নতি সকলোৱে স্পষ্টকৈ দেখা পায়। ১৬ নিজৰ ওপৰত আৰু নিজৰ শিক্ষাৰ ওপৰত সদায় ধ্যান দি থাকা। এইবোৰ কথাতেই লাগি থাকা, কিয়নো এনে কৰিলে তুমি নিজৰ আৰু তোমাৰ কথা শুনা লোকসকলৰো উদ্ধাৰ কৰিবা।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক