ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ৰোমীয়া ১৩
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

ৰোমীয়া কিতাপৰ সাৰাংশ

      • অধিকাৰীসকলৰ অধীনত থাকা (১-৭)

        • কৰ দিয়া (৬, ৭)

      • যিজনে আনক প্ৰেম কৰে, তেওঁ সঠিকভাৱে ঈশ্বৰৰ নিয়ম পালন কৰে (৮-১০)

      • দিনৰ সময়ত লোকসকলে যিদৰে ভদ্ৰভাৱে জীৱন-যাপন কৰে, সেইদৰেই জীৱন-যাৱন কৰা (১১-১৪)

ৰোমীয়া ১৩:৪

ফুটনোট

  • *

    বেয়া কাম কৰা লোকসকলৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ প্ৰকাশ হয়।

ৰোমীয়া ১৩:৯

ফুটনোট

  • *

    ব্যভিচাৰৰ অৰ্থ হৈছে নিজৰ স্বামী বা পত্নীৰ বাহিৰে আন কাৰোবাৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা।

ৰোমীয়া ১৩:১৩

ফুটনোট

  • *

    গ্ৰীক ভাষাত আচেলʼগেইয়া। শব্দকোষ চাওক।

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
ৰোমীয়া ১৩:১-১৪

ৰোমীয়াসকললৈ

১৩ প্ৰতিজন মানুহে উচ্চ পদত থকা অধিকাৰীৰ অধীনত থাকে, কাৰণ এনে কোনো অধিকাৰ নাই, যি ঈশ্বৰৰ ফালৰ পৰা নহয়। যিসকল অধিকাৰী আছে, তেওঁলোকক ঈশ্বৰে নিজৰ অধীনত বেলেগ বেলেগ পদ দিছে। ২ সেইবাবে, যিজনে অধিকাৰীক বিৰোধ কৰে, তেওঁ ঈশ্বৰৰ ব্যৱস্থাৰ বিৰুদ্ধে থিয় দিয়ে। যিজনে এই ব্যৱস্থাৰ বিৰুদ্ধে থিয় দিয়ে, তেওঁ শাস্তি পাব। ৩ ভাল কাম কৰা লোকসকলে নহয়, কিন্তু যিসকলে বেয়া কাম কৰে, তেওঁলোকে শাসন কৰা লোকসকলক ভয় কৰে। অধিকাৰীসকলক ভয় কৰি জীয়াই থকাটো তুমি বিচাৰা নে? তেনেহʼলে ভাল কাম কৰি থাকা আৰু তুমি তেওঁলোকৰ পৰা প্ৰশংসা পাবা। ৪ কাৰণ অধিকাৰীসকল তোমাৰ ভালৰ কাৰণে ঈশ্বৰৰ সেৱক হয়। কিন্তু তুমি যদি বেয়া কাম কৰি থাকা, তেনেহʼলে ভয় কৰা, কিয়নো তেওঁলোকে বিনা কাৰণত তৰোৱাল নচলায়। তেওঁলোক ঈশ্বৰৰ সেৱক হয় আৰু যিসকলে বেয়া কাম কৰে, তেওঁলোকক শাস্তি দিয়ে।*

৫ সেইবাবে, তোমালোকৰ কাৰণে এয়া প্ৰয়োজন আছে যে তোমালোকে শাস্তিৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে নিজৰ বিবেকৰ কাৰণে তেওঁৰ অধীনত থাকা। ৬ এই কাৰণে তোমালোকে কৰো দিয়া, কিয়নো তেওঁলোক মানুহৰ সেৱা কৰাৰ কাৰণে ঈশ্বৰে নিযুক্ত কৰা সেৱক হয় আৰু এই কামত তেওঁলোকে লাগি থাকে। ৭ সেইবাবে, যাৰ যি পাবলগীয়া, সেয়া তেওঁক দিয়া। কৰ দিবলগীয়াক কৰ দিয়া, মাচুল দিবলগীয়াক মাচুল দিয়া, ভয় কৰিবলগীয়াজনক ভয় কৰা, সন্মান কৰিবলগীয়াজনক সন্মান কৰা।

৮ প্ৰেমৰ বাহিৰে আন কোনো বিষয়ত এজনে-আনজনৰ ধৰুৱা নহʼবা। সেইবাবে, যিজনে আনক প্ৰেম কৰে, তেওঁ সঠিকভাৱে ঈশ্বৰৰ নিয়ম পালন কৰিছে। ৯ কিয়নো “ব্যভিচাৰ* নকৰিবা, হত্যা নকৰিবা, চুৰ নকৰিবা, লোভ নকৰিবা” আৰু ইয়াৰ লগতে যিবোৰ আজ্ঞা আছে, সেই সকলোৰে সাৰাংশ এই আজ্ঞাত পোৱা যায়, “তুমি নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।” ১০ প্ৰেমে চুবুৰীয়াৰ হানি নকৰে, সেইবাবে প্ৰেম কৰাটো সঠিক অৰ্থত নিয়ম পালন কৰা হয়।

১১ তোমালোকে এইদৰে কৰা, কিয়নো তোমালোক জানা যে তোমালোকে কোনটো সময়ত জীয়াই আছা। এতিয়া তোমালোকে টোপনিৰ পৰা সাৰ পোৱাৰ সময় আহি পৰিছে, কিয়নো যেতিয়া আমি বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিলোঁ, তাৰ তুলনাত আজি আমাৰ উদ্ধাৰৰ সময় একেবাৰে ওচৰ চাপি আহিছে। ১২ ৰাতিৰ অধিক ভাগ গʼল, পোহৰ হʼবলৈ হৈছে। সেইবাবে, আহা আমি অন্ধকাৰৰ কামবোৰ এৰি, পোহৰৰ অস্ত্ৰ-শস্ত্ৰবোৰ পিন্ধি লওঁ। ১৩ দিনৰ সময়ত লোকসকলে যিদৰে ভদ্ৰভাৱে জীৱন-যাপন কৰে, আহা আমি সেইদৰেই জীৱন-যাপন কৰোঁ, নিয়ন্ত্ৰণ নোহোৱাকৈ আনন্দ-ফূৰ্তি নকৰোঁ, মতলীয়া হৈ নাথাকোঁ, অনৈতিক শাৰীৰিক সম্পৰ্ক নাৰাখোঁ, নিৰ্লজ্জভাৱে কৰা পাপ কামত* লাগি নাথাকোঁ, কাজিয়া নকৰোঁ আৰু ঈৰ্ষা নকৰোঁ। ১৪ ইয়াৰ পৰিৱৰ্তে, প্ৰভু যীচু খ্ৰীষ্টৰ মনোভাৱক কাপোৰৰ নিচিনা পিন্ধি লোৱা আৰু শৰীৰৰ ইচ্ছা পূৰ কৰাৰ পৰিকল্পনা নকৰিবা।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক