ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • পাঁচনিৰ কৰ্ম্ম ২৪
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

পাঁচনিৰ কৰ্ম্মৰ সাৰাংশ

      • পৌলৰ বিৰুদ্ধে অভিযোগ (১-৯)

      • ফীলিক্সৰ সম্মুখত পৌলে নিজৰ পক্ষে কয় (১০-২১)

      • পৌলৰ মোকৰ্দ্দমা দুবছৰলৈকে পিছুৱাই দিয়া হʼল (২২-২৭)

পাঁচনিৰ কৰ্ম্ম ২৪:৫

ফুটনোট

  • *

    আক্ষ., “মহামাৰী।”

পাঁচনিৰ কৰ্ম্ম ২৪:৭

ফুটনোট

  • *

    অতি. ক৩ চাওক।

পাঁচনিৰ কৰ্ম্ম ২৪:১৬

ফুটনোট

  • *

    বা “নিষ্কলংক।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
  • ১৮
  • ১৯
  • ২০
  • ২১
  • ২২
  • ২৩
  • ২৪
  • ২৫
  • ২৬
  • ২৭
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পাঁচনিৰ কৰ্ম্ম ২৪:১-২৭

পাঁচনিৰ কৰ্ম্ম

২৪ পাঁচ দিনৰ পাছত মহা-পুৰোহিত অননিয়ই কেইজনমান যিহূদী নেতা আৰু তৰ্ত্তল্ল নামৰ এজন উকীলৰ লগত তালৈ আহিলে আৰু তেওঁলোকে ৰাজ্যপালৰ আগত পৌলৰ বিৰুদ্ধে অভিযোগ দিলে। ২ যেতিয়া তৰ্ত্তল্লক কʼবলৈ কোৱা হʼল, তেতিয়া তেওঁ পৌলৰ বিৰুদ্ধে এইদৰে কৈ অভিযোগ কৰিবলৈ আৰম্ভ কৰিলে,

“হে মহামহিম ফীলিক্স, আপোনাৰ কাৰণে আমি মহা শান্তিৰে জীৱন-যাপন কৰিছোঁ আৰু আপোনাৰ ভাল ভাল যোজনাৰ কাৰণে এই জাতিৰ বহুতো উন্নতি হৈছে। ৩ সকলো সময়তে আৰু সকলো ঠাইতে আমি ইয়াৰ লাভৰ অনুভৱ কৰিছোঁ আৰু ইয়াৰ কাৰণে আমি আপোনাৰ বহুত কৃতজ্ঞ। ৪ কিন্তু মই আপোনাৰ বেছি সময় লʼব নিবিচাৰোঁ, সেইকাৰণে অনুগ্ৰহ কৰি আপুনি নিজৰ অলপ সময় দি আমাৰ কথা শুনক। ৫ আমি দেখিছোঁ যে এই মানুহজন সমস্যাৰ মূল কাৰণ* হয় আৰু গোটেই পৃথিৱীত যিহূদীসকলক বিদ্ৰোহ কৰিবলৈ উচটাইছে আৰু নাচৰতীয়াবিলাকৰ দলৰ এজন প্ৰধান নেতা হয়। ৬ ই মন্দিৰক অপবিত্ৰ কৰিবলৈও চেষ্টা কৰিছে, সেইবাবে আমি ইয়াক ধৰি লʼলোঁ। ৭* —— ৮ আমি ইয়াৰ ওপৰত যি যি অভিযোগ লগাইছোঁ, সেইবোৰৰ বিষয়ে যদি আপুনি নিজেই তাক সোধ-পোছ কৰে, তেনেহʼলে এইবোৰ কথা সঁচা হয় বুলি আপুনি গʼম পাব।”

৯ তেতিয়া যিহূদীসকলেও পৌলৰ বিৰুদ্ধে কʼবলৈ ধৰিলে আৰু জোৰ দি কʼলে যে এইবোৰ কথা সঁচা হয়। ১০ ৰাজ্যপালে যেতিয়া পৌলক কথা কʼবলৈ ইংগিত দিলে, তেতিয়া তেওঁ কʼলে,

“মই জানোঁ আপুনি বহু বছৰ ধৰি এই জাতিৰ বিচাৰকৰ্তা হয়, সেইকাৰণে মই আপোনাক নিজৰ পক্ষে কʼবলৈ পাই আনন্দিত হৈছোঁ। ১১ আপুনি নিজেই অনুসন্ধান কৰিব পাৰে যে মই উপাসনা কৰিবলৈ যিৰূচালেমলৈ যোৱা ১২ দিনতকৈ বেছি হোৱা নাই। ১২ আৰু যিহূদীসকলে মোক মন্দিৰত কাৰো লগত তৰ্ক কৰি থকা দেখা নাই নাইবা সভাঘৰ বা চহৰৰ কোনো ঠাইত লোকসকলক উচটাই থকা দেখা নাই। ১৩ ইয়াৰ উপৰিও, এইমাত্ৰ তেওঁলোকে মোৰ ওপৰত যি যি অভিযোগ লগাইছে, সেইবোৰৰ প্ৰমাণ আপোনাক দিব নোৱাৰে। ১৪ কিন্তু মই আপোনাৰ আগত স্বীকাৰ কৰিছোঁ যে যি পথক এওঁলোকে দল বুলি কয়, সেই দলৰ উপাসনাৰ ৰীতিৰ অনুসৰি মই নিজৰ পূৰ্বপুৰুষৰ ঈশ্বৰৰ পবিত্ৰ সেৱা কৰি আছোঁ। কিয়নো মই নিয়ম আৰু ভৱিষ্যবক্তাসকলে লিখা সকলো কথাৰ ওপৰত বিশ্বাস কৰোঁ। ১৫ আৰু লোকসকলৰ নিচিনা ময়ো ঈশ্বৰলৈ এই আশা ৰাখিছোঁ যে ভাল আৰু বেয়া, দুয়োধৰণৰ লোকসকলক মৃতবিলাকৰ মাজৰ পৰা আকৌ জীয়াই তোলা হʼব। ১৬ সেইবাবে, মই সদায় ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত নিজৰ বিবেক শুদ্ধ* কৰি ৰাখিবলৈ মনে-প্ৰাণে চেষ্টা কৰোঁ। ১৭ বহু বছৰৰ পাছত মই নিজৰ লোকসকলৰ কাৰণে দান আনিছিলোঁ আৰু ঈশ্বৰলৈ বলি উৎসৰ্গ কৰিবলৈ আহিছিলোঁ। ১৮ যেতিয়া মই এই কাম কৰি আছিলোঁ, তেতিয়া তেওঁলোকে মোক মন্দিৰত মোচিৰ নিয়মৰ অনুসৰি শুচি পালে, কিন্তু তাত মোৰ লগত কোনো ভীৰো নাছিল আৰু মই কোনো প্ৰতিবাদো কৰা নাছিলোঁ। তাত এচিয়া প্ৰদেশৰ কিছুমান যিহূদীও আছিল। ১৯ তেওঁলোকৰ ওচৰত মোৰ বিৰুদ্ধে কʼবলৈ কিবা থকা হʼলে তেওঁলোকে নিজেই আপোনালোকৰ ওচৰলৈ আহি মোক অভিযোগ কৰিব লাগিছিল। ২০ বা ইয়াত উপস্থিত থকা এওঁলোকে কওক যে যেতিয়া মই মহা-সভাৰ আগত থিয় আছিলোঁ, তেতিয়া এওঁলোকে মোৰ কি দোষ বিচাৰি পালে। ২১ তেওঁলোকে মোক কেৱল এটা বিষয়তে অভিযোগ কৰিব পাৰে, মই তেওঁলোকৰ মাজত থিয় হৈ চিঞৰি কৈছিলোঁ, ‘মৃতবিলাকক আকৌ জীয়াই তোলা হʼব বুলি মই বিশ্বাস কৰাৰ কাৰণে আজি আপোনাৰ আগত মোৰ ওপৰত মোকৰ্দ্দমা চলাইছে।’”

২২ ফীলিক্সে ‘প্ৰভুৰ পথৰ’ বিষয়ে সত্য কি হয়, সেয়া ভালদৰে জানিছিল, তথাপি তেওঁ এইদৰে কৈ বিষয়টো পিছুৱাই দিছিল, “যেতিয়া প্ৰধান সেনাপতি লুচিয় ইয়ালৈ আহিব, তেতিয়া মই তোমাৰ এই বিষয়টো নিৰ্ণয় লʼম।” ২৩ তাৰ পাছত তেওঁ পৌলক বন্দী কৰি ৰাখিবলৈ আৰু তেওঁক অলপ স্বাধীনতা দিবলৈ আৰু তেওঁৰ লোকসকলে যদি তেওঁৰ সেৱা কৰিব বিচাৰে, তেনেহʼলে তেওঁলোকক বাধা নিদিবলৈ তেওঁ সেনাপতিজনক আদেশ দিলে।

২৪ কিছু দিনৰ পাছত যেতিয়া ফীলিক্সে নিজৰ পত্নী দ্ৰুচিল্লাক, যি এগৰাকী যিহূদী আছিল, লগত লৈ আহিলে, তেতিয়া তেওঁ পৌলক মাতিলে। আৰু যেতিয়া পৌলে তেওঁক খ্ৰীষ্ট যীচুৰ ওপৰত বিশ্বাস কৰাৰ বিষয়ে কʼলে, তেতিয়া তেওঁ শুনিলে। ২৫ কিন্তু যেতিয়া পৌলে যি সঠিক হয়, সেই বিষয়ে আৰু আত্মনিয়ন্ত্ৰণ আৰু আহিবলগীয়া ন্যায়ৰ বিষয়ে কথা পাতিবলৈ ধৰিলে, তেতিয়া ফীলিক্সে ভয় খালে আৰু তেওঁ কʼলে, “এতিয়া তুমি যোৱা। কেতিয়াবা আকৌ সুযোগ পালে মই তোমাক মাতিম।” ২৬ লগতে পৌলে তেওঁক ঘোচ দিব বুলিও তেওঁ আশা কৰি আছিল। সেইবাবে, তেওঁ পৌলক বাৰে বাৰে মাতিছিল আৰু তেওঁৰ লগত কথা পাতিছিল। ২৭ এইদৰে দুবছৰ বাগৰি গʼল আৰু পৰ্কিয় ফীষ্টে ফীলিক্সৰ পদ পালে। ফীলিক্সে যিহূদীসকলক আনন্দিত কৰিব বিচাৰিছিল। সেইবাবে, তেওঁ পৌলক বন্দী অৱস্থাতে এৰি থৈ গʼল।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক