ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ২ থিচলনীকীয়া ২
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

২ থিচলনীকীয়া কিতাপৰ সাৰাংশ

      • পাপী (১-১২)

      • মজবুত হৈ থকাৰ কাৰণে উৎসাহ (১৩-১৭)

২ থিচলনীকীয়া ২:২

ফুটনোট

  • *

    অতি. ক৫ চাওক।

২ থিচলনীকীয়া ২:৩

ফুটনোট

  • *

    বা “নুভুলায়।”

  • *

    বা “সত্য উপাসনাৰ পৰা আঁতৰি যোৱা।”

২ থিচলনীকীয়া ২:৪

ফুটনোট

  • *

    বা “শ্ৰদ্ধাৰ সকলো বস্তুতকৈ।”

২ থিচলনীকীয়া ২:১৫

ফুটনোট

  • *

    বা “নিয়ম।”

  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ১
  • ২
  • ৩
  • ৪
  • ৫
  • ৬
  • ৭
  • ৮
  • ৯
  • ১০
  • ১১
  • ১২
  • ১৩
  • ১৪
  • ১৫
  • ১৬
  • ১৭
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
২ থিচলনীকীয়া ২:১-১৭

থিচলনীকীয়াসকললৈ দ্বিতীয় চিঠি

২ কিন্তু ভাইসকল, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ উপস্থিতি আৰু তেওঁৰ লগত একত্ৰিত হোৱাৰ বিষয়ে আমি তোমালোকক অনুৰোধ কৰিছোঁ ২ যে যদি কোনোবাই কয় যিহোৱাৰ* দিন আহি গʼল, তেতিয়া সোনকালে অস্থিৰ নহʼবা আৰু চিন্তিতও নহʼবা, যদিও কোনোবাই সেয়া ঈশ্বৰৰ প্ৰেৰণাৰে লিখা বাৰ্তা বুলি নকওক কিয়, তোমালোকে মৌখিকভাৱে শুনা বাৰ্তা নহওক কিয় বা সেয়া আমি পঠোৱা চিঠিৰ দৰে নালাগক কিয়।

৩ কোনেও যেন কোনো উপায়েৰে তোমালোকক ভুল পথলৈ নিনিয়ে,* কিয়নো সেই দিন অহাৰ আগেয়ে প্ৰথমে ঈশ্বৰক বিদ্ৰোহ* কৰা হʼব আৰু সেই পাপী অৰ্থাৎ বিনাশৰ সন্তান প্ৰকাশ পাব। ৪ সি বিৰোধ কৰে আৰু ঈশ্বৰ নামেৰে জনাজাত এনে প্ৰতিজন লোকতকৈ আৰু উপাসনাৰ যোগ্য সকলো বস্তুতকৈ* নিজকে ওখত ৰাখে আৰু এইদৰে সি ঈশ্বৰৰ মন্দিৰত বহি সকলোৰে আগত নিজকে ঈশ্বৰ বুলি কয়। ৫ তোমালোকৰ মনত নাই নে, যেতিয়া মই তোমালোকৰ লগত আছিলোঁ, তেতিয়া এইবোৰ হʼব বুলি মই প্ৰায়েই তোমালোকক কৈছিলোঁ?

৬ এতিয়া তোমালোকে জানা যে কোনে তাক বাধা দি আছে যাতে নিৰ্ধাৰিত সময়ত তাক প্ৰকাশ কৰা হয়। ৭ এয়া সঁচা যে সেই পাপীৰ দুষ্টতা, যি এক ৰহস্য হয়, ইতিমধ্যে কাম কৰি আছে, কিন্তু যিজনে তাক বাধা দিছে, তেওঁ যেতিয়ালৈকে আঁতৰি নাযায়, তেতিয়ালৈকে এই দুষ্টতা ৰহস্য হৈয়ে থাকিব। ৮ ইয়াৰ পাছত সেই পাপী প্ৰকাশিত হʼব আৰু যেতিয়া প্ৰভু যীচুৱে নিজৰ উপস্থিতি প্ৰকাশ কৰিব, তেতিয়া তেওঁ সেই পাপীক নিজৰ মুখেৰে ফু মাৰি ধ্বংস কৰিব আৰু তাক ভষ্ম কৰি দিব। ৯ কিন্তু সেই পাপী উপস্থিত হোৱাটো চয়তানৰ ফালৰ পৰা হয়। সেই পাপীয়ে সকলো ধৰণৰ শক্তিশালী কাম, মিছা চিন আৰু চমৎকাৰ ১০ আৰু সকলো ধৰণৰ দুষ্টতা আৰু ছলনাৰ কাম কৰিব। আৰু এইবোৰে সিহঁতক ভুল পথলৈ পৰিচালিত কৰিব, যি ধ্বংসৰ ফালে গৈ আছে। এয়াই সিহঁতৰ শাস্তি হয়, কিয়নো সিহঁতে সত্যক প্ৰেম নকৰিলে, যাৰ যোগেদি সিহঁতে উদ্ধাৰ পালেহেঁতেন। ১১ সেইবাবে, ঈশ্বৰে সিহঁতক মিছা শিক্ষাৰ প্ৰভাৱত পৰিবলৈ দিয়ে যাতে সিহঁতে মিছাৰ ওপৰত বিশ্বাস কৰে। ১২ আৰু সেই সকলোকে শাস্তি দিয়া হয়, কিয়নো সিহঁতে সত্যৰ ওপৰত বিশ্বাস নকৰিলে, ইয়াৰ পৰিৱৰ্তে দুষ্টতাত আনন্দিত হʼল।

১৩ কিন্তু ভাইসকল, তোমালোক যিসকল যিহোৱাৰ প্ৰিয় হোৱা, তোমালোকৰ কাৰণে সদায় ঈশ্বৰক ধন্যবাদ কৰাটো আমাৰ কৰ্তব্য হয়, কিয়নো ঈশ্বৰে তোমালোকক আৰম্ভণিৰে পৰা বাছনি কৰিছে। তেওঁ নিজৰ পবিত্ৰ শক্তিৰে তোমালোকক শুদ্ধ কৰাৰ যোগেদি আৰু সত্যৰ ওপৰত তোমালোকৰ বিশ্বাসৰ যোগেদি তোমালোকক উদ্ধাৰ কৰিবলৈ বাছনি কৰিছে। ১৪ আৰু সেই শুভবাৰ্তাৰ যোগেদি তোমালোকক মতা হৈছে, যি আমি শুনাওঁ যাতে তোমালোকে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ মহিমা পাব পাৰা। ১৫ সেইবাবে ভাইসকল, দৃঢ়তাৰে থিয় হৈ থাকা আৰু যিবোৰ কথা* তোমালোকক শিকোৱা হৈছিল, সেইবোৰ পালন কৰি থাকা, যদিও সেয়া তোমালোকক মৌখিকভাৱে শিকোৱা হৈছিল বা আমাৰ চিঠিৰ যোগেদি। ১৬ আমাৰ প্ৰভু যীচু খ্ৰীষ্ট আৰু আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰ, যিজনে আমাক প্ৰেম কৰে আৰু নিজৰ মহা-কৃপাৰ যোগেদি আমাক সদায় বৰ্তি থকা শান্ত্বনা দিছে আৰু এটা ভাল আশা দিছে, ১৭ তেওঁলোকে তোমালোকৰ হৃদয়ক শান্ত্বনা দিয়ক আৰু সকলো ভাল কাম আৰু বাক্যৰ কাৰণে তোমালোকক মজবুত কৰক।

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক