গালাতীয়াসকললৈ চিঠি
১ মই পৌল এজন পাঁচনি,* মই কোনো মানুহৰ দ্বাৰা নিযুক্ত হোৱা নাই। ইয়াৰ পৰিৱৰ্তে, যীচু খ্ৰীষ্ট আৰু পিতৃ ঈশ্বৰৰ দ্বাৰা নিযুক্ত হৈছোঁ, যিজনে খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিছিল। ২ মই আৰু মোৰ লগত থকা সকলো ভায়ে গালাতিয়া প্ৰদেশৰ মণ্ডলীবোৰলৈ এই চিঠি লিখি আছোঁ:
৩ আমাৰ পিতৃ ঈশ্বৰৰ ফালৰ পৰা আৰু প্ৰভু যীচু খ্ৰীষ্টৰ ফালৰ পৰা তোমালোকলৈ মহা-কৃপা আৰু শান্তি হওক। ৪ আমাৰ ঈশ্বৰ আৰু পিতৃৰ ইচ্ছা অনুসৰি খ্ৰীষ্টই আমাৰ পাপৰ কাৰণে নিজকে দি দিলে যাতে আমি এই দুষ্ট জগতৰ ব্যৱস্থাৰ পৰা ৰক্ষা পাওঁ। ৫ ঈশ্বৰৰ মহিমা সদায় কাললৈকে হৈ থাকক। আমেন।
৬ মই আচৰিত হৈছোঁ যে তোমালোকে ইমান সোনকালে সেই ঈশ্বৰৰ পৰা আঁতৰি গৈছা, যিজনে তোমালোকক খ্ৰীষ্টৰ মহা-কৃপা দেখুৱাই মাতিছিল আৰু এতিয়া তোমালোক আন এক শুভবাৰ্তাৰ ফালে গৈ আছা। ৭ কিন্তু আন কোনো শুভবাৰ্তা নাই। আচলতে তাত এনে কিছুমান লোক আছে, যিসকলে তোমালোকৰ কাৰণে সমস্যা সৃষ্টি কৰি আছে আৰু খ্ৰীষ্টৰ বিষয়ে শুভবাৰ্তা ৰহন লগাই কʼব বিচাৰে। ৮ কিন্তু আমি তোমালোকৰ আগত যি শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, তাৰ বাহিৰে আন কোনো শুভবাৰ্তা, আমিয়েই হওঁ বা স্বৰ্গৰ দূতেই হওক, কোনোৱে যদি তোমালোকৰ আগত প্ৰচাৰ কৰে, তেনেহʼলে তেওঁ অভিশপ্ত হওক। ৯ মই আকৌ এবাৰ সেই একে কথাই কৈছোঁ, যি আমি এইমাত্ৰ কৈছিলোঁ। তোমালোকে যি শুভবাৰ্তা গ্ৰহণ কৰিছিলা, তাৰ নামত যদি কোনোবাই কিবা বেলেগ কথা শিকায়, তেনেহʼলে তেওঁ অভিশপ্ত হওক।
১০ এতিয়া মই মানুহৰ অনুমোদন লাভ কৰিবলৈ চেষ্টা কৰিছোঁ, নে ঈশ্বৰৰ? বা মই মানুহক আনন্দিত কৰিবলৈ চেষ্টা কৰিছোঁ নে? যদি মই এতিয়াও মানুহক আনন্দিত কৰাত লাগি আছোঁ, তেনেহʼলে মই খ্ৰীষ্টৰ দাস নহওঁ। ১১ মোৰ ভাইসকল, এয়া জানি লোৱা যে মই তোমালোকক যি শুভবাৰ্তা শুনাইছিলোঁ, সেয়া মানুহৰ ফালৰ পৰা নহয়। ১২ কিয়নো এয়া মই কোনো মানুহৰ পৰা পোৱা নাই আৰু কোনো মানুহৰ পৰাও শিকা নাই, ইয়াৰ পৰিৱৰ্তে যীচু খ্ৰীষ্টই নিজেই ইয়াক মোৰ ওপৰত প্ৰকাশ কৰিছিল।
১৩ তোমালোকে নিশ্চয় শুনিছা যে যেতিয়া মই আগতে যিহূদী ধৰ্ম পালন কৰিছিলোঁ, তেতিয়া মোৰ ব্যৱহাৰ কেনেকুৱা আছিল। মই ঈশ্বৰৰ মণ্ডলীৰ ওপৰত বেয়াকৈ অত্যাচাৰ কৰিছিলোঁ আৰু তাক শেষ কৰিবলৈ চেষ্টা কৰিছিলোঁ। ১৪ আৰু মই যিহূদী ধৰ্ম, নিজৰ ৰাষ্ট্ৰ আৰু নিজৰ বয়সৰ বহুতো লোকতকৈ বেছি উন্নতি কৰিছিলোঁ, কিয়নো মই নিজৰ পূৰ্বপুৰুষসকলৰ পৰম্পৰাবোৰ পালন কৰাৰ ক্ষেত্ৰত বহুত উৎসাহী আছিলোঁ। ১৫ কিন্তু ঈশ্বৰ, যাৰ যোগেদি মই এই জগতলৈ আহিছোঁ আৰু যিজনে মোৰ ওপৰত মহা-কৃপা কৰি মোক মাতিলে। তেওঁৰ এয়া ভাল লাগিলে ১৬ যে তেওঁ মোৰ যোগেদি নিজৰ পুত্ৰক প্ৰকাশ কৰে যাতে মই ইস্ৰায়েলী নোহোৱা লোকসকলক তেওঁৰ পুত্ৰৰ বিষয়ে শুভবাৰ্তা শুনাওঁ। তেতিয়া মই লগে লগে কোনো মানুহৰ ওচৰলৈ এই বিষয়ে পৰামৰ্শ লʼবলৈ নগʼলোঁ ১৭ আৰু মই যিৰূচালেমত তেওঁলোকৰ ওচৰলৈও নগʼলোঁ, যিসকল মোতকৈ আগৰে পৰা পাঁচনি আছিল। কিন্তু মই আৰব দেশলৈ গুচি গʼলোঁ আৰু পাছত দম্মেচকলৈ উভতি আহিলোঁ।
১৮ তাৰ পাছত মই কৈফাক* লগ কৰিবলৈ তিনি বছৰৰ পাছত যিৰূচালেমলৈ গʼলোঁ আৰু ১৫ দিনলৈকে তেওঁৰ লগতে থাকিলোঁ। ১৯ তাত মই প্ৰভুৰ ভায়েক যাকোবকো লগ পালোঁ। তেওঁলোকৰ বাহিৰে আন কোনো পাঁচনিক মই লগ নাপালোঁ। ২০ ঈশ্বৰ এই কথাৰ সাক্ষী হয় যে মই যিবোৰ কথা তোমালোকলৈ লিখি আছোঁ, সেইবোৰ মিছা নহয়।
২১ ইয়াৰ পাছত মই চিৰিয়া আৰু কিলিকিয়াৰ এলেকাবোৰলৈ গʼলোঁ। ২২ কিন্তু যিহূদিয়াৰ খ্ৰীষ্টান মণ্ডলীবোৰে মোক আগতে কেতিয়াও দেখা নাছিল। ২৩ সেই মণ্ডলীবোৰে কেৱল মোৰ বিষয়ে শুনিছিল, “যিজন মানুহে আগতে আমাক অত্যাচাৰ কৰিছিল, তেওঁ এতিয়া এই বিশ্বাসৰ বিষয়ে শুভবাৰ্তা শুনাই আছে, যাক তেওঁ আগতে শেষ কৰিবলৈ চেষ্টা কৰি আছিল।” ২৪ সেইবাবে, তেওঁলোকে মোৰ কাৰণে ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে।