মথিয়ে লিখা শুভবাৰ্তা
১৬ ইয়াত ফৰীচী আৰু চদ্দূকীবিলাকে যীচুক পৰীক্ষা কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আহিলে আৰু স্বৰ্গৰ পৰা কিবা এটা চিন তেওঁলোকক দেখুৱাবলৈ কʼলে। ২ যীচুৱে তেওঁলোকক কʼলে, “সন্ধিয়া হʼলে তোমালোকে কোৱা, ‘বতৰ ফৰকাল হʼব, কিয়নো আকাশখন ৰঙা।’ ৩ আকৌ ৰাতিপুৱা কোৱা, ‘আজি ডাৱৰীয়া হʼব আৰু বৰষুণ দিব, কিয়নো আকাশখন ৰঙা, কিন্তু ডাৱৰে ঢাকিছে।’ তোমালোকে আকাশখন চাই বতৰ কেনেকুৱা হʼব, সেয়া বুজি পোৱা, কিন্তু এতিয়া ঘটি থকা ঘটনাবোৰ চাই তাৰ অৰ্থ বুজিব নোৱাৰা। ৪ এই যুগৰ দুষ্ট আৰু বিশ্বাসঘাতক* লোকসকলে সদায় কিবা চিন চাবলৈ বিচাৰি থাকে। কিন্তু যোনাৰ চিনৰ বাহিৰে আন কোনো চিন তেওঁলোকক দেখুৱা নহʼব।” এইবোৰ কোৱাৰ পাছত যীচুৱে তেওঁলোকক এৰি তাৰ পৰা গুচি গʼল।
৫ শিষ্যসকলে সিপাৰে যোৱাৰ সময়ত নিজৰ লগত ৰুটি নিবলৈ পাহৰি গৈছিল। ৬ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে নিজৰ চকু খুলি ৰাখিবা আৰু ফৰীচী আৰু চদ্দূকীবিলাকৰ খমিৰৰ পৰা সাৱধানে থাকিবা।” ৭ তেতিয়া তেওঁলোকে এজনে-আনজনক কʼবলৈ ধৰিলে, “আমি নিজৰ লগত ৰুটিয়েই অনা নাই।” ৮ এই কথা বুজিব পাৰি যীচুৱে কʼলে, “হে কম বিশ্বাস কৰা লোকসকল, তোমালোকে নিজৰ মাজতে কিয় আলোচনা কৰিছা যে তোমালোকে ৰুটি অনা নাই। ৯ তোমালোকে এতিয়াও বুজি পোৱা নাই নে? কেনেকৈ পাঁচখন ৰুটিৰ পৰা ৫,০০০ লোকে খাইছিল আৰু কেইটা টুকুৰী তোমালোকে তুলি লৈছিলা, সেয়া পাহৰি গʼলা নে? ১০ কেনেকৈ সাতখন ৰুটিৰ পৰা ৪,০০০ লোকে আহাৰ খাইছিল আৰু কেইটা ডাঙৰ টুকুৰী তুলি লৈছিলা, সেয়াও পাহৰি গʼলা নে? ১১ তেনেহʼলে তোমালোকে কিয় বুজি নাপালা যে মই তোমালোকক ৰুটিৰ বিষয়ে নহয়, কিন্তু ফৰীচী আৰু চদ্দূকীবিলাকৰ খমিৰৰ পৰা সাৱধান হৈ থকাৰ বিষয়েহে কৈছোঁ?” ১২ তেতিয়া তেওঁলোকে বুজি পালে যে তেওঁ ৰুটিৰ খমিৰৰ বিষয়ে কোৱা নাই, কিন্তু ফৰীচী আৰু চদ্দূকীসকলৰ শিক্ষাৰ পৰা সাৱধান হৈ থকাৰ বিষয়েহে কৈছে।
১৩ যেতিয়া যীচুৱে কৈচৰিয়া ফিলিপীৰ এলেকালৈ আহিল, তেতিয়া তেওঁ নিজৰ শিষ্যসকলক সুধিলে, “মানুহৰ পুত্ৰ কোন, এই বিষয়ে লোকসকলে কি কয়?” ১৪ তেওঁলোকে কʼলে, “কিছুমানে কয়, যোহন বাপ্তিষ্মা দিওঁতা, আন কিছুমানে কয় এলিয়া আৰু কিছুমানে যিৰিমিয়া বা আন কোনো ভৱিষ্যবক্তা বুলি কয়।” ১৫ যীচুৱে তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে কি কোৱা, মই কোন?” ১৬ চিমোন পিতৰে উত্তৰ দিলে, “আপুনি জীৱিত ঈশ্বৰৰ পুত্ৰ, খ্ৰীষ্ট হয়।” ১৭ যীচুৱে তেওঁক কʼলে, “হে যোনাৰ পুত্ৰ চিমোন, তুমি সুখী, কিয়নো তুমি এই কথা মানুহৰ সহায়ত নহয়, কিন্তু স্বৰ্গত থকা মোৰ পিতৃৰ সহায়ত বুজি পালা।” ১৮ মই তোমাক কওঁ, তুমি পিতৰ। আৰু এই শিলাৰ ওপৰত মই নিজৰ মণ্ডলী স্থাপন কৰিম আৰু কবৰৰ দুৱাৰে* ইয়াৰ ওপৰত জয় কৰিব নোৱাৰে। ১৯ মই তোমাক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম আৰু তুমি পৃথিৱীত যিহকে বন্ধ কৰিবা, সেয়া স্বৰ্গত আগতেই বন্ধ থাকিব। আৰু তুমি পৃথিৱীত যিহকে খুলিবা, সেয়া স্বৰ্গত আগতেই খোলা থাকিব। ২০ ইয়াৰ পাছত যীচুৱে শিষ্যসকলক তেওঁ খ্ৰীষ্ট হয় বুলি কাকো নকʼবলৈ সাৱধান কৰি কʼলে।
২১ সেই সময়ৰ পৰা যীচুৱে নিজৰ শিষ্যসকলক কʼবলৈ ধৰিলে যে তেওঁ যিৰূচালেমলৈ যাব লাগিব আৰু তাত যিহূদী নেতা, প্ৰধান পুৰোহিত আৰু নিয়ম শিকোৱা লোকসকলৰ* পৰা বহুতো দুখ-কষ্ট ভুগিব লাগিব, তেওঁক হত্যা কৰা হʼব আৰু তৃতীয় দিনাখন আকৌ জীয়াই তোলা হʼব। ২২ তাৰ পাছত পিতৰে তেওঁক অকলশৰীয়াকৈ নি টানকৈ কʼলে, “প্ৰভু, নিজৰ ওপৰত দয়া কৰক, আপোনাৰ লগত এইদৰে কেতিয়াও নহʼব।” ২৩ কিন্তু যীচুৱে পিতৰৰ পৰা মুখখন ঘূৰাই কʼলে, “হে চয়তান, মোৰ ওচৰৰ পৰা গুচি যা! তই মোৰ উজুটি খোৱাৰ কাৰণ, কিয়নো তোৰ চিন্তাধাৰা ঈশ্বৰৰ দৰে নহয়, কিন্তু মানুহৰ দৰে হয়।”
২৪ ইয়াৰ পাছত যীচুৱে নিজৰ শিষ্যসকলক কʼলে, “যদি কোনোৱে মোৰ পিছে পিছে আহিব বিচাৰে, তেনেহʼলে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু নিজৰ যাতনাৰ কাঠ* উঠাই মোৰ পিছে পিছে আহি থাকক।” ২৫ কিয়নো যি কোনোৱে নিজৰ জীৱন বচাব বিচাৰে, তেওঁ তাক হেৰুৱাব আৰু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন হেৰুৱাব, তেওঁ তাক পাব। ২৬ এজন ব্যক্তিয়ে গোটেই জগতখন লাভ কৰিও যদি নিজৰ জীৱন হেৰুৱায়, তেনেহʼলে তেওঁৰ কি লাভ? বা এজন ব্যক্তিয়ে নিজৰ জীৱনৰ সলনি কি দিব? ২৭ কিয়নো এয়া নিশ্চিত যে মানুহৰ পুত্ৰ নিজৰ পিতৃৰ মহিমাৰে সৈতে নিজৰ স্বৰ্গদূতৰ লগত আহিব। তেতিয়া তেওঁ প্ৰতিজনকে তেওঁলোকৰ আচাৰ-ব্যৱহাৰৰ অনুসৰি ফল দিব। ২৮ মই তোমালোকক সঁচাকৈ কৈছোঁ, তোমালোকৰ মাজত এনে কিছুমান লোক ইয়াত থিয় হৈ আছে, যিসকলে মানুহৰ পুত্ৰক তেওঁৰ ৰাজ্যলৈ অহা নেদেখালৈকে তেওঁলোকৰ মৃত্যু নহʼব।