যোহনে লিখা শুভবাৰ্তা
৫ ইয়াৰ পাছত যিহূদীসকলৰ এটা উৎসৱ আহিল আৰু যীচুৱে যিৰূচালেমলৈ গʼল। ২ যিৰূচালেমত ভেড়া দুৱাৰৰ ওচৰত এটা পুখুৰী আছে, যাক হিব্ৰু ভাষাত বৈথেচদা বুলি কোৱা হয়। সেই পুখুৰীৰ চাৰিওফালে স্তম্ভ থকা বাৰান্দা আছে। ৩ বেমাৰী, অন্ধ, খোৰা আৰু বিকলাংগ, এনেধৰণৰ বহুতো লোক এই বাৰান্দাত পৰি থাকিছিল। ৪ * —— ৫ তাত এজন মানুহ আছিল, যিজন ৩৮ বছৰৰ পৰা বেমাৰত ভুগি আছিল। ৬ যীচুৱে সেই মানুহজনক তাত পৰি থকা দেখিলে আৰু তেওঁ বহু বছৰৰ পৰা বেমাৰত ভুগি আছে বুলি জানি তেওঁক সুধিলে, “তুমি সুস্থ হʼব বিচাৰা নে?” ৭ তেতিয়া অসুস্থ মানুহজনে উত্তৰ দিলে, “প্ৰভু, যেতিয়া পানী হিলোৱা হয়, তেতিয়া পানীত মোক নমাই দিবলৈ মোৰ লগত এনে কোনো মানুহ নাই। মই যোৱাৰ আগতেই আন কোনোবাই পানীত নামি যায়।” ৮ যীচুৱে তেওঁক কʼলে, “উঠা আৰু নিজৰ ঢাৰিখন উঠাই খোজকাঢ়ি যোৱা।” ৯ তেতিয়াই সেই মানুহজন সুস্থ হʼল আৰু নিজৰ ঢাৰিখন উঠাই খোজকাঢ়িবলৈ ধৰিলে।
সেই দিনাখন বিশ্ৰাম-বাৰ* আছিল। ১০ সেইবাবে, যিহূদীসকলে সেই সুস্থ হোৱা মানুহজনক কʼবলৈ ধৰিলে, “আজি বিশ্ৰাম-বাৰ হয় আৰু আজিৰ দিনাখন তুমি ঢাৰিখন উঠোৱাটো নিয়মৰ অনুসৰি সঠিক নহয়।” ১১ কিন্তু তেওঁ কʼলে, “যিজনে মোক সুস্থ কৰিলে, তেৱেঁই মোক কৈছে, ‘নিজৰ ঢাৰিখন উঠাই খোজকাঢ়ি যোৱা।’” ১২ তেওঁলোকে কʼলে, “এয়া উঠাই খোজকাঢ়ি যাবলৈ কোনে তোমাক কৈছিল?” ১৩ কিন্তু সেই মানুহজনে নাজানিছিল যে তেওঁক সুস্থ কৰাজন কোন হয়, কাৰণ যীচুৱে মনে মনে গৈ ভীৰৰ মাজত মিলি গৈছিল।
১৪ ইয়াৰ পাছত যীচুৱে যেতিয়া সেই মানুহজনক মন্দিৰত দেখিলে, তেতিয়া তেওঁক কʼলে, “চোৱা, এতিয়া তুমি সুস্থ হʼলা। তোমাৰ লগত যাতে ইয়াতকৈও বেয়া পৰিস্থিতি নহয়, তাৰ কাৰণে আৰু পাপ নকৰিবা।” ১৫ তেতিয়া সেই মানুহজনে গৈ তেওঁক সুস্থ কৰাজন যীচু হয় বুলি যিহূদীসকলক কʼলে। ১৬ সেইবাবে, যিহূদীসকলে যীচুৰ বিৰোধ কৰিবলৈ ধৰিলে। কিয়নো তেওঁ বিশ্ৰাম-বাৰে এইবোৰ কৰি আছিল। ১৭ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “মোৰ পিতৃয়ে এতিয়ালৈকে কাম কৰি আছে আৰু ময়ো কাম কৰি আছোঁ।” ১৮ সেইবাবে, যিহূদীসকলে তেওঁক হত্যা কৰিবলৈ আৰু উপায় বিচাৰিবলৈ ধৰিলে। কিয়নো তেওঁলোকৰ মতে যীচুৱে কেৱল বিশ্ৰাম-বাৰৰ নিয়ম পালন কৰা নাছিল, এনে নহয়, কিন্তু তেওঁ ঈশ্বৰক নিজৰ পিতৃ বুলি মাতি নিজকে ঈশ্বৰৰ সমান কৰিছিল।
১৯ সেইবাবে, যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, পুত্ৰই নিজৰ ফালৰ পৰা একো কৰিব নোৱাৰে। কিন্তু পিতৃক যি যি কৰা দেখে, কেৱল তাকেহে কৰে। কাৰণ পিতৃয়ে যি যি কৰে, পুত্ৰও সেই কামবোৰ সেইদৰেই কৰে। ২০ পিতৃয়ে পুত্ৰক বহুত প্ৰেম কৰে আৰু তেওঁ নিজেই যি যি কৰে, সেই সকলো পুত্ৰকো দেখুৱায় আৰু পিতৃয়ে ইয়াতকৈও ডাঙৰ ডাঙৰ কাম তেওঁক দেখুৱাব যাতে তোমালোকে আচৰিত হোৱা। ২১ যিদৰে পিতৃয়ে মৃতবিলাকক জীয়াই তোলে আৰু তেওঁলোকক জীৱন দিয়ে, ঠিক সেইদৰে পুত্ৰও যিসকলকে ইচ্ছা কৰে, তেওঁলোকক জীৱন দিয়ে। ২২ পিতৃয়ে নিজেই কাৰো ন্যায় নকৰে, ইয়াৰ পৰিৱৰ্তে তেওঁ ন্যায় কৰাৰ সকলো দায়িত্ব পুত্ৰক দিছে ২৩ যাতে তেওঁলোকে যেনেকৈ পিতৃক সন্মান কৰে, তেনেকৈ পুত্ৰকো যেন সন্মান কৰে। যিজনে পুত্ৰক সন্মান নকৰে, তেওঁ তেওঁক পঠোৱা পিতৃকো সন্মান নকৰে। ২৪ মই তোমালোকক সঁচাকৈ কৈছোঁ, যিজনে মোৰ বাক্য শুনে আৰু মোক পঠোৱা জনৰ ওপৰত বিশ্বাস কৰে, তেওঁ অনন্ত জীৱন পায় আৰু তেওঁক শাস্তি দিয়া নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁ মৃত্যুক পাৰ কৰি জীৱন পায়।
২৫ মই তোমালোকক সঁচাকৈ কৈছোঁ, সেই সময় আহি আছে আৰু এতিয়াও আছে, যেতিয়া মৃতবিলাকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব আৰু যিসকলে তেওঁৰ কথা শুনিব, তেওঁলোক জীৱিত হʼব। ২৬ যিদৰে পিতৃৰ ওচৰত জীৱন দিয়াৰ শক্তি আছে,* ঠিক সেইদৰে তেওঁ নিজৰ পুত্ৰকো জীৱন দিয়াৰ শক্তি দিছে। ২৭ আৰু পিতৃয়ে তেওঁক ন্যায় কৰিবলৈ অধিকাৰ দিছে, কিয়নো তেওঁ মানুহৰ পুত্ৰ হয়। ২৮ এই কথাত আচৰিত নহʼবা, কিয়নো সেই সময় আহি আছে, যেতিয়া কবৰত* থকা সকলোৱে তেওঁৰ মাত শুনিব ২৯ আৰু জীৱিত হʼব। যিসকলে ভাল কাম কৰিছিল, তেওঁলোকক জীৱন পাবলৈ আকৌ জীয়াই তোলা হʼব আৰু যিসকলে বেয়া কামত লাগি আছিল, তেওঁলোকক ন্যায় কৰিবলৈ আকৌ জীয়াই তোলা হʼব। ৩০ মই নিজৰ ফালৰ পৰা এটাও কাম কৰিব নোৱাৰোঁ। কিন্তু মোৰ পিতৃয়ে যিদৰে কয়, ঠিক সেইদৰে মই ন্যায় কৰোঁ। আৰু মই কৰা ন্যায় সঠিক হয়, কিয়নো মই নিজৰ নহয়, কিন্তু মোক পঠোৱা জনৰ ইচ্ছা পূৰ কৰিব বিচাৰোঁ।
৩১ যদি মই অকলেই নিজৰ বিষয়ে সাক্ষ্য দিওঁ, তেনেহʼলে মোৰ সাক্ষ্য সঁচা নহয়। ৩২ আৰু এজন আছে, যিজনে মোৰ বিষয়ে সাক্ষ্য দিয়ে আৰু মই জানোঁ, তেওঁ মোৰ বিষয়ে যি সাক্ষ্য দিয়ে, সেয়া সঁচা হয়। ৩৩ তোমালোকে যোহনৰ ওচৰলৈ মানুহ পঠাইছিলা আৰু তেওঁ সত্যৰ বিষয়ে সাক্ষ্য দিলে। ৩৪ মোক মানুহৰ সাক্ষ্যৰ প্ৰয়োজন আছে, এনে নহয়, কিন্তু মই এইবোৰ কথা কোৱাৰ কাৰণ হৈছে তোমালোকে যাতে উদ্ধাৰ পোৱা। ৩৫ সেই মানুহজন জ্বলি থকা আৰু জকমকাই থকা চাকি আছিল আৰু তোমালোকে অলপ সময়ৰ কাৰণে তেওঁৰ পোহৰত আনন্দ কৰিবলৈ সাজু আছিলা। ৩৬ কিন্তু মোৰ ওচৰত সেই সাক্ষ্য আছে, যি যোহনৰ সাক্ষ্যতকৈও ডাঙৰ। পিতৃয়ে মোক যি কামবোৰ পূৰ কৰিবলৈ দিছে আৰু যিবোৰ কাম মই কৰি আছোঁ, সেইবোৰেই মোৰ বিষয়ে সাক্ষ্য দিয়ে যে পিতৃয়ে মোক পঠাইছে। ৩৭ আৰু মোক পঠোৱা পিতৃয়েও নিজে মোৰ বিষয়ে সাক্ষ্য দিছে। তোমালোকে কেতিয়াও তেওঁৰ মাতো শুনা নাই আৰু তেওঁক দেখাও নাই। ৩৮ আৰু তেওঁৰ বাক্য তোমালোকৰ হৃদয়ত নাই। কিয়নো পিতৃয়ে পঠোৱা জনক তোমালোকে বিশ্বাস নকৰা।
৩৯ তোমালোকে শাস্ত্ৰত অনুসন্ধান কৰা, কিয়নো তোমালোকে ভাবা যে ইয়াৰ যোগেদি তোমালোকে অনন্ত জীৱন পাবা। কিন্তু সেই শাস্ত্ৰয়েই মোৰ বিষয়ে সাক্ষ্য দিয়ে। ৪০ তথাপি তোমালোকে জীৱন পাবলৈ মোৰ ওচৰলৈ আহিব নিবিচাৰা। ৪১ মই মানুহৰ পৰা প্ৰশংসা নিবিচাৰোঁ। ৪২ কিন্তু মই ভালদৰে জানোঁ যে তোমালোকৰ হৃদয়ত ঈশ্বৰৰ প্ৰতি প্ৰেম নাই। ৪৩ মই নিজৰ পিতৃৰ নামেৰে আহিছোঁ। কিন্তু তোমালোকে মোক গ্ৰহণ নকৰা। কোনোবাই নিজৰ নামেৰে অহা হʼলে, তোমালোকে তাক গ্ৰহণ কৰিলাহেঁতেন। ৪৪ যদি তোমালোকে মানুহৰ প্ৰশংসা কৰা আৰু তেওঁলোকৰ পৰা প্ৰশংসা লোৱা আৰু সেই প্ৰশংসা পাব নিবিচাৰা, যি একমাত্ৰ ঈশ্বৰৰ পৰা পোৱা যায়, তেনেহʼলে তোমালোকে কেনেকৈ মোৰ ওপৰত বিশ্বাস কৰিব পাৰা? ৪৫ এয়া নাভাবিবা যে পিতৃৰ আগত মই তোমালোকক দোষী কৰিম। কিয়নো তোমালোকক দোষী কৰা এজন আছে অৰ্থাৎ মোচি, যিজনৰ ওপৰত তোমালোকে আশা ৰাখিছা। ৪৬ আচলতে তোমালোকে মোচিৰ ওপৰত বিশ্বাস কৰা হʼলে, মোৰ ওপৰতো বিশ্বাস কৰিলাহেঁতেন, কিয়নো তেওঁ মোৰ বিষয়ে লিখিছিল। ৪৭ যদি তোমালোকে তেওঁ লিখা কিতাপবোৰত বিশ্বাস নকৰা, তেনেহʼলে মোৰ কথাৰ ওপৰত কেনেকৈ বিশ্বাস কৰিবা?”