লূকে লিখা শুভবাৰ্তা
১৩ সেই সময়তে তাত উপস্থিত থকা কিছুমান লোকে যীচুক কʼলে যে যেতিয়া গালীলত কিছুমান লোকে মন্দিৰত বলিদান আগবঢ়াইছিল, তেতিয়া পীলাতে কেনেকৈ তেওঁলোকক হত্যা কৰিছিল। ২ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে কি ভাবা, এই দুখভোগ কৰা গালীলীয়াসকল, আন গালীলীয়াসকলতকৈ বেছি পাপী আছিল নে? ৩ নহয়! কিন্তু মই তোমালোকক কৈছোঁ, যদি তোমালোকে অনুতাপ নকৰা, তেনেহʼলে তেওঁলোকৰ দৰেই তোমালোক সকলোৱেই নাশ হৈ যাবা। ৪ তোমালোকে কি ভাবা, চিলোহৰ দুৰ্গ পৰি যোৱাৰ কাৰণে যি ১৮ জন মানুহৰ মৃত্যু হৈছিল, তেওঁলোক, যিৰূচালেমৰ বাকী লোকসকলতকৈ বেছি পাপী আছিল নে? ৫ নহয়! কিন্তু মই তোমালোকক কৈছোঁ, যদি তোমালোকে অনুতাপ নকৰা, তেনেহʼলে তেওঁলোকৰ দৰেই তোমালোক সকলোৱেই নাশ হৈ যাবা।”
৬ ইয়াৰ পাছত তেওঁ এই উদাহৰণ দিলে, “এজন মানুহে আঙুৰৰ খেতিত এজোপা ডিমৰু গছ ৰুইছিল। তেওঁ সেই গছজোপাত ফল বিচাৰিবলৈ আহিলে, কিন্তু এটাও ফল নাপালে। ৭ তেতিয়া তেওঁ খেতি চোৱা-চিতা কৰা মানুহজনক কʼলে, ‘তিনি বছৰৰ পৰা মই ফল পোৱাৰ আশাৰে এই গছজোপাৰ ওচৰলৈ আহি আছোঁ। কিন্তু আজিলৈকে মই এটাও ফল পোৱা নাই। এই গছজোপাক কাটি পেলোৱা। ই এনেই ঠাই লৈছে।’ ৮ খেতি চোৱা-চিতা কৰাজনে তেওঁক কʼলে, ‘মালিক, আৰু এবছৰ ইয়াক থাকিবলৈ দিয়ক। মই ইয়াৰ চাৰিওফালে খান্দি সাৰ দিম। ৯ যদি ইয়ে ফল দিয়ে, তেনেহʼলে ভাল কথা, কিন্তু যদি নিদিয়ে, তেনেহʼলে ইয়াক কাটি পেলাই দিব।’”
১০ বিশ্ৰাম-বাৰে* যীচুৱে এখন সভাঘৰত শিকাই আছিল। ১১ তাত এগৰাকী তিৰোতা আছিল, যাক দুষ্ট স্বৰ্গদূতে পোৱাৰ কাৰণে ১৮ বছৰৰ পৰা অসুস্থ হৈ আছিল। আৰু তেওঁ কুঁজী আছিল আৰু চিধাকৈ থিয় হʼব পৰা নাছিল। ১২ যেতিয়া যীচুৱে সেই তিৰোতাগৰাকীক দেখিলে, তেতিয়া তেওঁ কʼলে, “যোৱা, তোমাক সুস্থ কৰা হৈছে।” ১৩ যীচুৱে নিজৰ হাত সেই তিৰোতাগৰাকীৰ ওপৰত থʼলে আৰু তেওঁ লগে লগে চিধাকৈ থিয় হʼল। আৰু তেওঁ ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে। ১৪ কিন্তু যেতিয়া সভাঘৰৰ অধিকাৰীয়ে দেখিলে যে যীচুৱে বিশ্ৰাম-বাৰৰ দিনাখন সুস্থ কৰিলে, তেতিয়া তেওঁৰ খং উঠিল আৰু তেওঁ লোকসকলক কʼলে, “কাম কৰাৰ বাবে ছদিন আছে। সেইবাবে, সেই দিনবোৰতে আহি সুস্থ হোৱা, বিশ্ৰাম-বাৰে নহয়।” ১৫ কিন্তু প্ৰভুৱে তেওঁক কʼলে, “হে কপটীয়াবিলাক, তোমালোক সকলোৱে বিশ্ৰাম-বাৰে নিজৰ গৰু বা গাধ খুলি পানী খোৱাবলৈ নিনিয়া নে? ১৬ তেনেহʼলে এই তিৰোতাগৰাকী, যি অব্ৰাহামৰ বংশৰ হয় আৰু যাক চয়তানে ১৮ বছৰৰ পৰা নিজৰ নিয়ন্ত্ৰণত ৰাখিছিল, তেওঁক বিশ্ৰাম-বাৰে মুকলি কৰাটো উচিত নাছিল নে?” ১৭ যেতিয়া যীচুৱে এই কথা কৈ আছিল, তেতিয়া তেওঁৰ সকলো বিৰোধীয়ে লাজ পালে। কিন্তু ভীৰে তেওঁৰ সকলো আশ্চৰ্য্যজনক কামবোৰ দেখি আনন্দিত হʼল।
১৮ সেইবাবে, তেওঁ এয়াও কʼলে, “ঈশ্বৰৰ ৰাজ্য কিহৰ দৰে হয়? মই ইয়াক কিহৰ লগত তুলনা কৰিম? ১৯ এয়া সৰিয়হ গুটিৰ দৰে হয়, যাক এজন মানুহে নি নিজৰ খেতিত সিঁচিলে আৰু সেয়া ডাঙৰ হৈ এজোপা গছ হʼল। আৰু আকাশৰ চৰাইবোৰে আহি তাৰ ডালবোৰত আশ্ৰয় লʼলে।”
২০ আকৌ এবাৰ তেওঁ কʼলে, “মই ঈশ্বৰৰ ৰাজ্যৰ তুলনা কিহৰ লগত কৰিম? ২১ এয়া খমিৰৰ* নিচিনা হয় আৰু সেয়া লৈ এগৰাকী তিৰোতাই প্ৰায় ১০ কিলো* আটা গুড়ি সানিলে আৰু গোটেই আটাখিনি খমিৰ হৈ গʼল।”
২২ ইয়াৰ পাছত যীচুৱে চহৰে চহৰে আৰু গাঁৱে গাঁৱে শিক্ষা দি দি যিৰূচালেমলৈ গʼল। ২৩ তেতিয়া এজন মানুহে তেওঁক সুধিলে, “প্ৰভু, কেৱল কম লোকেহে উদ্ধাৰ পাব নে?” যীচুৱে তেওঁলোকক কʼলে, ২৪ “ঠেক দুৱাৰেদি ভিতৰলৈ যাবলৈ মনে-প্ৰাণে সংঘৰ্ষ কৰা। কিয়নো মই তোমালোকক কৈছোঁ যে বহুতো লোকে ভিতৰলৈ যাব বিচাৰিব, কিন্তু যাব নোৱাৰিব। ২৫ যেতিয়া ঘৰৰ মালিকে উঠি দুৱাৰখন বন্ধ কৰি দিব, তেতিয়া তোমালোকে বাহিৰত থিয় হৈ টুকুৰিয়াবা আৰু কʼবা ‘প্ৰভু, আমাৰ কাৰণে দুৱাৰখন খুলি দিয়ক।’ তেতিয়া তেওঁ কʼব, ‘মই নাজানোঁ, তহঁতি কʼৰ পৰা আহিছ।’ ২৬ তেতিয়া তোমালোকে কʼবা, ‘আমি আপোনাৰ লগত একেলগে বহি খোৱা-বোৱা কৰিছিলোঁ আৰু আপুনি আমাৰ ইয়াৰ ৰাস্তাবোৰত* শিকাইছিল।’ ২৭ কিন্তু তেওঁ তোমালোকক কʼব, ‘মই নাজানোঁ, তহঁতি কʼৰ পৰা আহিছ। হে দুষ্ট কাম কৰা লোকসকল, মোৰ ওচৰৰ পৰা আঁতৰি যা!’ ২৮ যেতিয়া তোমালোকে দেখিবা যে অব্ৰাহাম, ইচহাক, যাকোব আৰু সকলো ভৱিষ্যবক্তা ঈশ্বৰৰ ৰাজ্যত আছে আৰু তোমালোকক বাহিৰত পেলাই দিয়া হৈছে, তেতিয়া তোমালোকে তাত কান্দিবা আৰু দাঁত কৰচিবা। ২৯ আনকি, লোকসকল পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণৰ পৰা আহিব আৰু ঈশ্বৰৰ ৰাজ্যত, মেজত বহি একেলগে আহাৰ খাব। ৩০ চোৱা! যিসকল শেষত আছে, তেওঁলোক প্ৰথম হʼব আৰু যিসকল প্ৰথমে আছে, তেওঁলোক শেষত হʼব।”
৩১ সেই সময়তে কিছুমান ফৰীচী আহিল আৰু যীচুক কʼবলৈ ধৰিলে, “ইয়াৰ পৰা ওলাই যা, কিয়নো হেৰোদে তোক হত্যা কৰিব বিচাৰিছে।” ৩২ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “যোৱা আৰু সেই শিয়ালক কোৱাগৈ, ‘চোৱা! মই আজি আৰু কালিলৈও দুষ্ট স্বৰ্গদূতবিলাকক উলিয়াম। আৰু লোকসকলক সুস্থ কৰিম আৰু তৃতীয় দিনাখন মোৰ কাম সম্পূৰ্ণ হʼব।’ ৩৩ কিন্তু যিয়েই নহওক কিয়, মই আজি, কালিলৈ আৰু পৰহিও নিজৰ কাম কৰিব লাগিব। কিয়নো এজন ভৱিষ্যবক্তাক যিৰূচালেমৰ বাহিৰত হত্যা কৰা হʼব, এইদৰে হʼব নোৱাৰে। ৩৪ যিৰূচালেম, হে যিৰূচালেম, তই ভৱিষ্যবক্তাসকলক হত্যা কৰিলি আৰু যিসকলক তোৰ ওচৰলৈ পঠোৱা হৈছিল, তেওঁলোকক শিল দলিয়াই মাৰিলি। কুকুৰাই যেনেকৈ নিজৰ পোৱালিবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোৰ সন্তানবোৰক চপাই লʼবলৈ ইচ্ছা কৰিছিলোঁ। কিন্তু তহঁতি সন্মত নহʼলি। ৩৫ চোৱা! ঈশ্বৰে তোমালোকৰ ঘৰখনক* এৰি দিছে।* মই তোমালোকক কওঁ, ‘যিজন যিহোৱাৰ* নামেৰে আহে, তেওঁ ধন্য, এই কথা নোকোৱালৈকে তোমালোকে মোক কেতিয়াও দেখা নাপাবা।’”