কাহিনী ৬৭
যিহোৱাৰ ওপৰত যিহোচাফটৰ ভৰসা
ছবিখনত দেখুৱা এই লোকসকল কোন হয় আৰু তেওঁলোকে কি কৰিছে? তেওঁলোকে যুদ্ধ কৰিবলৈ ওলাইছে আৰু আগশাৰীত থকা লোকসকলে যিহোৱাক প্ৰশংসা কৰি গীত গাইছে। কিন্তু তোমালোকে হয়তো ভাবিব পাৰা: ‘গান গাই থকা লোকসকলৰ হাতত যুদ্ধ কৰিবলৈ তৰোৱাল আৰু বৰছা কিয় নাই?’ আহাঁ ইয়াৰ উত্তৰ বিচাৰি চাওঁ।
ইস্ৰায়েলৰ ২ গোত্ৰৰ ওপৰত শাসন কৰা ৰজাজনৰ নাম হৈছে যিহোচাফট। যি সময়ত উত্তৰত থকা ১০ গোত্ৰৰ ওপৰত আহাব আৰু ঈজেবলে শাসন কৰিছিল, সেইসময়ত যিহোচাফটে দক্ষিণত থকা ২ গোত্ৰৰ ওপৰত শাসন কৰিছিল। যিহোচাফট এজন ভাল ৰজা আছিল। তেওঁৰ পিতৃৰ নাম হৈছে আচা আৰু তেৱোঁ এজন ভাল ৰজা আছিল। দক্ষিণত থকা ২ গোত্ৰৰ লোকসকলে বহুবছৰ ধৰি শান্তি আৰু সুৰক্ষাত বাস কৰিছে।
কিন্তু হঠাতে এনে এটা ঘটনা ঘটিল, যাৰ ফলত লোকসকলে বৰ ভয় খালে। এজন বাৰ্তাবাহকে যিহোচাফটক খবৰ দিলে: ‘মোৱাব, অম্মোন আৰু চেয়ীৰ পৰ্ব্বতৰপৰা বহুতো সৈন্যবাহিনীয়ে আপোনাক আক্ৰমণ কৰিবলৈ আহিছে।’ এই খবৰ শুনি বহুতো ইস্ৰায়েলী লোকে যিহোৱাৰ সহায় বিচাৰি যিৰূচালেমত গোট খালে। তেওঁলোকে যিহোৱাৰ মন্দিৰলৈ গʼল। মন্দিৰত যিহোচাফটে যিহোৱালৈ প্ৰাৰ্থনা কৰিলে: ‘হে আমাৰ ঈশ্বৰ যিহোৱা। আমাৰ বিৰুদ্ধে এক বিশাল সৈন্যবাহিনীয়ে আক্ৰমণ কৰিবলৈ আহিছে। আমি কি কৰিব লাগে তাক নাজানো। আমি আপোনাৰ সহায়ৰ বাবে অপেক্ষা কৰিছোঁ।’
যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনা শুনিলে আৰু এজন ভাববাদীৰ যোগেদি লোকসকলক কʼলে: ‘এই যুদ্ধ তোমালোকৰ নহয়, কিন্তু ঈশ্বৰৰহে। এই যুদ্ধত তোমালোকে যুদ্ধ কৰিব নালাগিব। তোমালোকে কেৱল থিয় দি থাকি যিহোৱাৰ নিস্তাৰ দেখিবা।’
পাছদিনাখন যিহোচাফটে ইস্ৰায়েলী লোকসকলক কʼলে: ‘যিহোৱাত ভৰসা কৰা।’ তাৰ পাছত তেওঁ সৈন্যবিলাকৰ আগে আগে যিহোৱাৰ স্তুতিগীত গাবলৈ কিছুমান লোকক নিযুক্ত কৰিলে। এই লোকসকলে যিহোৱাক প্ৰশংসা কৰি গীত গাই গাই গৈ থাকিল। তেওঁলোকে যুদ্ধ হোৱা ঠাইখনৰ ওচৰ চপাৰ লগে লগে কি ঘটনা ঘটিল তোমালোকে জানানে? যিহোৱা ঈশ্বৰে শত্ৰু সৈন্যৰ মাজত এক বেলেগ পৰিস্থিতিৰ সৃষ্টি কৰিলে। শত্ৰু সৈন্যই নিজৰ ভিতৰতে যুদ্ধ কৰিবলৈ ধৰিলে। ইস্ৰায়েলীসকলে সেই ঠাইত উপস্থিত হৈ দেখিলে যে শত্ৰু সৈন্যৰ সকলো লোক মৰি পৰি আছে।
যিহোচাফটে যিহোৱাৰ ওপৰত ভৰসা কৰি এক বুদ্ধিমানৰ কাম কৰা নাইনে? যিহোৱাৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰাটোৱে আমাৰ বাবে বুদ্ধিমানৰ কাম হʼব।
১ ৰাজাৱলি ২২:৪১-৫৩; ২ বংশাৱলি ২০:১-৩০.