পাঠ ১১
আমি সন্মিলনবোৰত কিয় উপস্থিত হওঁ?
মেক্সিকো
জাৰ্মানী
বটছোৱানা
নিকাৰাগুৱা
ইটালী
এই লোকসকল ইমান আনন্দিত কিয় বাৰু? তেওঁলোকে আমাৰ এখন সন্মিলনত উপস্থিত হৈছে। প্ৰাচীন সময়ত ঈশ্বৰে তেওঁৰ লোকসকলক বছৰত তিনিবাৰকৈ একগোট হʼবলৈ আজ্ঞা দিছিল। ঠিক সেইদৰে, বৰ্তমান সময়ত আমিও এক বৃহৎ সংখ্যাত একগোট হʼবলৈ বহু আশাৰে বাট চাই থাকোঁ। (দ্বিতীয় বিবৰণ ১৬:১৬) প্ৰতি বছৰে আমাৰ তিনিখন এনেধৰণৰ ডাঙৰ সন্মিলন হয়: দুখনকৈ এদিনীয়া শাখা সন্মিলন আৰু তিনিদিনীয়া আঞ্চলিক অধিৱেশন। এই সন্মিলনবোৰৰ পৰা আমাৰ কি লাভ হয়?
এনে সন্মিলনবোৰে আমাৰ ভ্ৰাতৃত্ব প্ৰেম দৃঢ় কৰে। যিদৰে ইস্ৰায়েলীসকলে “মণ্ডলীৰ মাজত” যিহোৱা ঈশ্বৰক প্ৰশংসা কৰি আনন্দিত হৈছিল, ঠিক সেইদৰে বৰ্তমান সময়ত আমিও সন্মিলনবোৰত উপস্থিত হৈ যিহোৱা ঈশ্বৰক উপাসনা কৰি আনন্দিত হওঁ। (গীতমালা ২৬:১২; ১১১:১) এই সন্মিলনবোৰে আমাক ওচৰে-পাজৰে থকা মণ্ডলী, বিভিন্ন ৰাজ্য বা আন দেশৰ পৰা অহা সাক্ষীসকলৰ লগত কথা-বতৰা আৰু সঙ্গতি কৰিবলৈ সুযোগ দিয়ে। ইয়াৰ উপৰিও, যেতিয়া আমি দুপৰীয়া সময়ত একেলগে আহাৰ খাওঁ, তেতিয়া এনেধৰণৰ আধ্যাত্মিক সুযোগবোৰে আমাৰ ভাই-ভনীসকলৰ মাজত এক বন্ধুত্বৰ পৰিৱেশ গঢ়ি তোলে। (পাঁচনিৰ কৰ্ম্ম ২:৪২) এই সন্মিলনবোৰত আমি নিজেই ভ্ৰাতৃত্ব প্ৰেম দেখিবলৈ পাওঁ।—১ পিতৰ ২:১৭.
আধ্যাত্মিকভাৱে উন্নতি কৰিবলৈ সন্মিলনবোৰে আমাক সহায় কৰে। শাস্ত্ৰৰ পদবোৰ ভালদৰে বৰ্ণনা কৰাৰ বাবে সন্মিলনবোৰত উপস্থিত হৈ ইস্ৰায়েলী লোকসকলে শাস্ত্ৰৰ বিষয়ে ভালদৰে “বুজিব” পাৰিছিল আৰু ইয়াৰ পৰা লাভৱান হৈছিল। (নহিমিয়া ৮:৮, ১২) বৰ্তমান সময়ত সন্মিলনবোৰত লাভ কৰা বাইবেলৰ নিৰ্দ্দেশনাবোৰৰ প্ৰতি আমিও মূল্যাঙ্কন দেখুৱাওঁ। প্ৰতিটো কাৰ্য্যসূচী এটা বাইবেলৰ বিষয়বস্তুৰ ওপৰত আধাৰিত হয়। ভাষণ, পৰিচৰ্চ্চা আৰু দৈনন্দিন জীৱনৰ লগত জড়িত থকা বিভিন্ন পৰিস্থিতিৰ ওপৰত প্ৰদৰ্শন দেখুৱা হয়। এইবোৰৰ যোগেদি আমি আমাৰ জীৱনত ঈশ্বৰৰ ইচ্ছা কেনেকৈ পালন কৰিব লাগে তাৰ বিষয়ে শিকোঁ। বৰ্তমান সময়ৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও বাইবেলৰ নিয়মবোৰৰ অনুসৰি জীৱন-যাপন কৰি, সফল হোৱা লোকসকলৰ অনুভৱবোৰ শুনি আমি উৎসাহিত হওঁ। আঞ্চলিক অধিৱেশনবোৰত হোৱা মঞ্চস্থ নাটকবোৰে আমাৰ বাবে বাইবেলৰ ঘটনাবোৰ বাস্তৱ কৰি তোলে আৰু ইয়াৰ পৰা আমি ব্যৱহাৰিক শিক্ষা লাভ কৰোঁ। যিসকল লোকে নিজকে ঈশ্বৰলৈ সমৰ্পন কৰি বাপ্তিষ্মা লʼবলৈ বিচাৰে, তেওঁলোকৰ বাবে প্ৰতিখন সন্মিলনত ব্যৱস্থা আছে।
সন্মিলনবোৰ আমাৰ বাবে কিয় আনন্দজনক?
সন্মিলনত উপস্থিত হৈ আপুনি কেনেকৈ লাভৱান হʼব?