পাঠ ৩৩
ৰূথ আৰু নয়মী
এবাৰ যেতিয়া ইস্ৰায়েলত আকাল হʼল, তেতিয়া নয়মী নামৰ এগৰাকী ইস্ৰায়েলী তিৰোতা, তেওঁৰ স্বামী আৰু তেওঁৰ লʼৰা কেইজনে মোৱাব দেশলৈ গʼল। পাছত তেওঁৰ স্বামীজনৰ মৃত্যু হৈ গʼল আৰু তেওঁৰ লʼৰা কেইজনে মোৱাবীয়া তিৰোতাক বিয়া পাতিলে। এজনীৰ নাম আছিল ৰূথ আৰু আনজনীৰ নাম আছিল অৰ্পা। কিন্তু দুখৰ কথা যে কিছু সময়ৰ পাছত তেওঁৰ লʼৰা কেইজনৰো মৃত্যু হৈ গʼল।
নয়মীয়ে যেতিয়া শুনিলে যে ইস্ৰায়েলত আকাল শেষ হʼল, তেতিয়া তেওঁ নিজৰ দেশলৈ উভতি যাবলৈ নিৰ্ণয় লʼলে। তেওঁৰ লগত ৰূথ আৰু অৰ্পাও যাবলৈ ওলালে। কিন্তু ৰাস্তাত নয়মীয়ে তেওঁলোকক কʼলে: ‘তোমালোকে পত্নী আৰু বোৱাৰীৰ দায়িত্ব ভালদৰে পালন কৰিলা। তোমালোকৰ বিয়া আকৌ হোৱাটো মই বিচাৰোঁ। সেইবাবে, তোমালোকে নিজৰ ঘৰ মোৱাবলৈ গুচি যোৱা।’ কিন্তু তেওঁলোকে কʼলে: ‘আমি আপোনাক বহুত প্ৰেম কৰোঁ। আপোনাক এৰি নাযাওঁ।’ নয়মীয়ে তেওঁলোকক বাৰে বাৰে যাবলৈ কৈ থাকিল। শেষত অৰ্পাই নিজৰ ঘৰলৈ গুচি গʼল, কিন্তু ৰূথ নগʼল। নয়মীয়ে তেওঁক কʼলে, ‘অৰ্পা নিজৰ পৰিয়াল আৰু দেৱতাবিলাকৰ ওচৰলৈ আকৌ গৈ আছে। তুমিও তাইৰ লগত নিজৰ মাৰ ঘৰলৈ গুচি যোৱা।’ কিন্তু ৰূথে কʼলে, ‘মই আপোনাক এৰি নাযাওঁ। আপোনাৰ লোক মোৰ লোক হʼব আৰু আপোনাৰ ঈশ্বৰ মোৰ ঈশ্বৰ হʼব।’ তুমি কি ভাবা, এই কথা শুনি নয়মীৰ হয়তো কেনেকুৱা লাগিল।
যেতিয়া ৰূথ আৰু নয়মী ইস্ৰায়েল দেশ পালেগৈ, তেতিয়া তাত যৱ দোৱাৰ কাম আৰম্ভ হৈ গৈছিল। এদিনাখন ৰূথ বোৱজ নামৰ এজন ব্যক্তিৰ খেতিত বাচি যোৱা শস্য বুটলিবলৈ গৈছিল। বোৱজ ৰাহাবৰ লʼৰা আছিল। বোৱাজে শুনিলে যে ৰূথ এগৰাকী মোৱাবীয়া তিৰোতা হয় আৰু তেওঁ নয়মীৰ লগ এৰি দিয়া নাই। তেতিয়া বোৱাজে কাম কৰা লোকসকলক কʼলে যে তেওঁলোকে যেন পথাৰত বেছিকৈ শস্য এৰি দিয়ে যাতে সেইবোৰ ৰূথে বুটলিব পাৰে।
সেই দিনা গধূলি নয়মীয়ে ৰূথক সুধিলে, ‘তুমি কাৰ পথাৰত কাম কৰিলা?’ তেওঁ কʼলে, ‘বোৱজ নামৰ ব্যক্তিৰ পথাৰত।’ নয়মীয়ে কʼলে, ‘তেওঁতো মোৰ স্বামীৰ সম্বন্ধীয় হয়। তুমি আন তিৰোতাসকলৰ লগত তেওঁৰ পথাৰতে কাম কৰিবা। তাত তোমাৰ একো নহʼব।’
যেতিয়ালৈকে শস্য দোৱা কাম শেষ নহʼল, তেতিয়ালৈকে ৰূথে বোৱজৰ পথাৰতে কাম কৰি থাকিল। ৰূথ এগৰাকী পৰিশ্ৰমী আৰু এগৰাকী ভাল তিৰোতা হয় বুলি বোৱজে লক্ষ্য কৰিলে। সেই সময়ত কোনো পুৰুষৰ যদি মৃত্যু হৈ যায় আৰু তেওঁৰ কোনো লʼৰা নাথাকে, তেনেহʼলে তেওঁৰ পৰিয়ালৰ কোনো সমন্ধীয়ই সেই বিধৱাক বিয়া কৰিছিল। সেইবাবে, বোৱজে ৰূথক বিয়া কৰিলে। তাৰ পাছত তেওঁলোকৰ এটি লʼৰা হʼল, যিজনৰ নাম আছিল ওবেদ। ওবেদ আগলৈ গৈ দায়ূদৰ ককা হʼল। নয়মীৰ ওচৰে-পাজৰে থকা তিৰোতাসকল বহুত আনন্দিত হʼল আৰু তেওঁলোকে কʼলে, ‘যিহোৱাই প্ৰথমে তোমাক ৰূথক দিলে, যিজনীয়ে তোমাক বহুত প্ৰেম কৰে আৰু এতিয়া তেওঁ তোমাক এটি নাতি দিছে। যিহোৱাৰ প্ৰশংসা হওক।’
“এনে বন্ধু থাকে যি ভায়েকতকৈ আপোন হয়।”—হিতোপদেশ ১৮:২৪