পাঠ ৪৮
এগৰাকী বিধৱাৰ লʼৰা আকৌ জীয়াই উঠিল
খৰাং বতৰত যিহোৱাই এলিয়াক কʼলে, ‘তুমি চাৰিফৎ নগৰলৈ যোৱা। তাত এগৰাকী বিধৱাই তোমাক খাবলৈ দিব।’ যেতিয়া তেওঁ নগৰৰ দুৱাৰৰ ওচৰত পালে, তেতিয়া এগৰাকী দুখীয়া বিধৱাই খৰি বুটলি আছিল। এলিয়াই তেওঁক খাবলৈ পানী খুজিলে। যেতিয়া তেওঁ পানী আনিবলৈ গৈ আছিল, তেতিয়া এলিয়াই তেওঁক কʼলে, ‘মোৰ কাৰণে ৰুটি এখনো আনিবা।’ কিন্তু বিধৱাগৰাকীয়ে কʼলে, ‘মোৰ ওচৰত আপোনাক দিবলৈ এখনো ৰুটি নাই। মোৰ ওচৰত কেৱল অলপহে আটা আৰু তেল আছে। ইয়াৰ পৰা মই মোৰ কাৰণে আৰু মোৰ লʼৰাৰ কাৰণে অলপহে খোৱা বস্তু বনাব পাৰিম।’ এলিয়াই কʼলে, ‘যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে যদি তুমি মোক অলপ ৰুটি বনাই দিয়া, তেনেহʼলে বৰষুণ নহালৈকে তোমাৰ আটা আৰু তেল কেতিয়াও শেষ নহʼব।’
তেতিয়া বিধৱাগৰাকীয়ে ঘৰলৈ গʼল আৰু যিহোৱাৰ ভৱিষ্যবক্তাৰ কাৰণে ৰুটি বনালে। যেনেকৈ যিহোৱাই প্ৰতিজ্ঞা কৰিছিল খৰাং বতৰ শেষ নোহোৱালৈকে সেই বিধৱা আৰু তেওঁৰ লʼৰাটিৰ কাৰণে খোৱা-বোৱাৰ অভাৱ নহʼল। তেওঁৰ কলহত সদায় আটা আৰু তেল ভৰ্তি হৈ থাকিল।
ইয়াৰ পাছত এটা বহুত বেয়া ঘটনা ঘটিল। বিধৱাগৰাকীৰ লʼৰাটো ইমানেই বেমাৰ হʼল যে সি মৰি থাকিল। বিধৱাগৰাকীয়ে এলিয়াক সহায়ৰ বাবে মিনতি কৰিলে। তাৰ পাছত এলিয়াই লʼৰাটোক তুলি নিজৰ কোঠালিলৈ লৈ গʼল। তাক বিছনাত শোৱাই দিলে আৰু যিহোৱালৈ প্ৰাৰ্থনা কৰিলে, ‘হে যিহোৱা, এই লʼৰাটোক আকৌ জীৱিত কৰি দিয়া।’ তুমি জানা নে, যিহোৱাই সেই লʼৰাটোক জীয়াই তোলা হʼলে এয়া কিয় আচৰিতজনক কথা হʼলহেঁতেন? কিয়নো ইয়াৰ আগতে মৰা মানুহ কেতিয়াও জীৱিত হোৱা নাছিল আৰু সেই তিৰোতা আৰু তেওঁৰ লʼৰাটো ইস্ৰায়েলীও নাছিল।
তথাপি যিহোৱাই সেই লʼৰাটোক জীয়াই তুলিলে আৰু সি উশাহ লʼবলৈ ধৰিলে। এলিয়াই বিধৱাগৰাকীক কʼলে, ‘চোৱা! তোমাৰ লʼৰাটো জীৱিত হʼল।’ তেতিয়া বিধৱাগৰাকী বহুত আনন্দিত হʼল আৰু তেওঁ এলিয়াক কʼলে, ‘আপুনি সঁচাকৈ ঈশ্বৰৰ সেৱক হয়। মই এইদৰে কোৱাৰ কাৰণ হৈছে আপুনি সেয়াই কয়, যি যিহোৱাই আপোনাক কয়।’
“কাউৰীবোৰলৈ মন কৰা, সিহঁতে শস্য নিসিঁচে, নাদায় আৰু সিহঁতৰ ভঁৰালো নাথাকে, তথাপিও ঈশ্বৰে সিহঁতৰ কাৰণে আহাৰৰ ব্যৱস্থা কৰে। তোমালোক চৰাইবোৰতকৈ মূল্যৱান নোহোৱা নে?”—লূক ১২:২৪