ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পাঠ ৬২ পৃষ্ঠা ১৪৮-পৃষ্ঠা ১৪৯ অনু. ১
  • এজোপা ডাঙৰ গছৰ নিচিনা ৰাজ্য

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এজোপা ডাঙৰ গছৰ নিচিনা ৰাজ্য
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • সদায় থকা এখন ৰাজ্য
    বাইবেলৰ পৰা শিকোঁ আহা
বাইবেলৰ পৰা শিকোঁ আহা
lfb পাঠ ৬২ পৃষ্ঠা ১৪৮-পৃষ্ঠা ১৪৯ অনু. ১
ৰজা নবূখদ্‌নেচৰে গছজোপা কাটি দিয়াৰ সপোন দেখিছে

পাঠ ৬২

এজোপা ডাঙৰ গছৰ নিচিনা ৰাজ্য

এদিনাখন ৰাতি নবূখদ্‌নেচৰে এটা ভয় লগা সপোন দেখিলে। তেওঁ নিজৰ জ্ঞানীবিলাকক মাতিলে আৰু সুধিলে যে সেই সপোনৰ অৰ্থ কি। তেওঁলোকৰ ভিতৰত কোনেও কʼব নোৱাৰিলে। শেষত ৰজাই দানিয়েলৰ লগত কথা পাতিলে।

নবূখদ্‌নেচৰে দানিয়েলক কʼলে, ‘মই সপোনত এজোপা ডাঙৰ গছ দেখিলোঁ। সেই গছজোপা ইমানেই ওখ হʼল যে আকাশ চুবলৈ ধৰিলে। সেই গছজোপাক পৃথিৱীৰ যিকোনো ঠাইৰ পৰা দেখা পোৱা গৈছিল। তাৰ পাতবোৰ বহুত ধুনীয়া আছিল আৰু বহুতো ফল লাগিছিল। সেই গছজোপাৰ ছাঁত জীৱবোৰে আৰাম কৰিছিল আৰু তাৰ ডালবোৰত চৰাইবোৰে বাহ সাজিছিল। তাৰ পাছত এজন স্বৰ্গদূত আহিল। তেওঁ চিঞৰি এইদৰে কʼলে, “এই গছজোপা আৰু ইয়াৰ ডালবোৰ কাটি পেলোৱা, কিন্তু গছৰ মুঢ়াটো শিপাৰে সৈতে মাটিত থাকিবলৈ দিয়া। ইয়াক লোহা আৰু তামেৰে বান্ধি দিয়া। গছজোপাৰ মন সলনি হʼব। মানুহৰ মন নাথাকি জন্তুৰ মন হৈ যাব আৰু সাত কাল পাৰ হʼব। তাৰ পাছত সকলোৱে জানিব যে মানুহৰ ৰাজ্যত ঈশ্বৰে শাসন কৰে আৰু তেওঁ যাকে বিচাৰে তেওঁক ৰাজ্য দিব পাৰে।”’

যিহোৱাই দানিয়েলক সপোনৰ অৰ্থ জনালে। যেতিয়া দানিয়েলে সপোনৰ অৰ্থ গʼম পালে, তেতিয়া তেওঁ বহুত ভয় খালে। তেওঁ ৰজাক কʼলে, ‘হে ৰজা, এই সপোনটো আপোনাৰ শত্ৰুসকলৰ বিষয়ে থকা হʼলে ভাল আছিল! কিন্তু এয়া আপোনাৰ বিষয়ে হয়। যি ডাঙৰ গছজোপা কাটি পেলোৱা হৈছিল, সেয়া আপুনি হয়। আপুনি নিজৰ ৰাজ্য হেৰুৱাই পেলাব আৰু আপুনি এটা বনৰীয়া জন্তুৰ দৰে পথাৰত ঘাঁহ খাব। কিন্তু যেনেকৈ স্বৰ্গদূতজনে কৈছিল গছজোপাক তাৰ মুঢ়াৰে সৈতে মাটিত থাকিবলৈ দিয়া, গতিকে ইয়াৰ অৰ্থ হৈছে আপুনি আকৌ ৰজা হʼব।’

এবছৰৰ পাছত নবূখদ্‌নেচৰে মহলৰ ছাদত যেতিয়া খোজকাঢ়ি আছিল, তেতিয়া তেওঁ বাবিলৰ সৌন্দৰ্যতাৰ বিষয়ে প্ৰশংসা কৰিবলৈ ধৰিলে। তেওঁ কʼলে, ‘চোৱা, মই ইমান ভাল চহৰ বনাইছোঁ, মই কিমান মহান হওঁ!’ এইদৰে কৈ থকাৰ সময়তে স্বৰ্গৰ পৰা মাত আহিল, ‘নবূখদ্‌নেচৰ, এতিয়া তুমি তোমাৰ ৰাজ্য হেৰুৱাই পেলাবা।’

সেই সময়তে নবূখদ্‌নেচৰ পগলা হৈ গʼল আৰু এটা বনৰীয়া জন্তুৰ দৰে ব্যৱহাৰ কৰিবলৈ ধৰিলে। তেওঁক মহলৰ পৰা বাহিৰলৈ উলিয়াই দিয়া হʼল আৰু তেওঁ বনৰীয়া জন্তুবোৰৰ লগত থাকিবলৈ ধৰিলে। তেওঁৰ চুলি ঈগল চৰাইৰ ডেউকাৰ দৰে দীঘল হৈ গʼল আৰু তেওঁৰ নখ চৰাইৰ নখৰ দৰে হৈ গʼল।

সাত কাল পাৰ হোৱাৰ পাছত নবূখদ্‌নেচৰ আগৰ দৰে ঠিক হৈ গʼল আৰু যিহোৱাই তেওঁক বাবিলৰ ৰজা বনালে। তেতিয়া নবূখদ্‌নেচৰে কʼলে, ‘মই স্বৰ্গৰ ৰজা যিহোৱাৰ প্ৰশংসা কৰিছোঁ। এতিয়া মই গʼম পালোঁ যে যিহোৱাই শাসক হয়। তেওঁ অহংকাৰী লোকসকলক নম্ৰ কৰে আৰু যাকে বিচাৰে, তেওঁক ৰাজ্য দিব পাৰে।’

“বিনাশৰ আগেয়ে অহংকাৰ, আৰু পতনৰ পূৰ্ব্বে মনৰ গৰ্ব্ব হয়।”—হিতোপদেশ ১৬:১৮

প্ৰশ্ন: নবূখদ্‌নেচৰৰ সপোনৰ অৰ্থ কি আছিল? নবূখদ্‌নেচৰে কি শিকিলে?

দানিয়েল ৪:১-৩৭

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক