ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০০ ১২/১ পৃষ্ঠা ৩২
  • “এনে এটা বিষয় যিয়ে সকলোৰে বাবে আনন্দ কঢ়িয়াই আনে”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “এনে এটা বিষয় যিয়ে সকলোৰে বাবে আনন্দ কঢ়িয়াই আনে”
  • ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০০ ১২/১ পৃষ্ঠা ৩২

“এনে এটা বিষয় যিয়ে সকলোৰে বাবে আনন্দ কঢ়িয়াই আনে”

প্ৰশান্ত মহাসাগৰৰ দক্ষিণ ভাগত অৱস্থিত নʼটা দ্বীপেৰে গঠিত টুৱালো নামৰ এখন সুন্দৰ দেশ আছে। ইয়াৰ জনসংখ্যাৰ পৰিমাণ হৈছে প্ৰায় ১০, ৫০০ জন। তথাপিও তাত থকা ভাই-ভনীসকলে প্ৰচাৰ কাৰ্য্য কৰিবলৈ আগ্ৰহী হʼল, কিয়নো তেওঁলোকে জানিছিল ঈশ্বৰৰ “ইচ্ছা এই যে, সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।” কিন্তু প্ৰচাৰ কৰিবলৈ তেওঁলোকৰ ভাষাত কোনো বাইবেল আধাৰিত আলোচনী নাছিল। (১ তীমথিয় ২:৪) ইয়াৰ ওপৰিও তেওঁলোকৰ ভাষাত কোনো অভিধান নাছিল, সেইবাবে অনুবাদ কৰাটো এক কঠিন কাম আছিল। এতেকে ১৯৭৯ চনত তাত মিছেনাৰীৰূপে সেৱা কৰা এহাল দম্পতীয়ে তাত বাস কৰা এটা পৰিয়ালৰ সৈতে টুৱালো ভাষা শিকিবলৈ ধৰে আৰু এইদৰে তেওঁলোকে শিকা শব্দবোৰৰ তালিকা তৈয়াৰ কৰি সেই ভাষাত অনুবাদ কৰিবলৈ সিদ্ধান্ত লʼয। তেওঁলোকৰ এনে কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে, ১৯৮৪ চনত নিউ ইয়ৰ্ক চহৰত থকা আমাৰ ওৱাচ্‌টাৱৰ বাইবেল এণ্ড ট্ৰ্যাক্ট চচাইটিয়ে প্ৰথমবাৰৰ বাবে টুৱালোৱান ভাষাত আপুনি পৰমদেশীয় পৃথিৱীত চিৰকালৰ বাবে জীয়াই থাকিব পাৰে নামৰ কিতাপখন প্ৰকাশ কৰে।

সেই দেশৰ ভূতপূৰ্ব প্ৰধান মন্ত্ৰী ডা. টি. পুৱাপুৱা সৰ্বদা জীয়াই কিতাপখন পাই অতি আনন্দিত হয় আৰু এই কিতাপখনৰ বাবে সংস্থালৈ কৃতজ্ঞতা জ্ঞাপন কৰি এখন পত্ৰ লিখে। সেই পত্ৰখনত তেওঁ এইদৰে কৈছিল, “‘এই কিতাপখনক টুৱালো দেশৰ পৰম্পৰাৰ বাবে একেবাৰে নতুন আৰু ইয়াক টুৱালোসকলৰ অতি আৱশকীয় কিতাপৰূপে সন্মলিত কৰা হʼব।’ আপোনালোকে এই দেশত থকা লোকসকলক আধ্যাত্মিক ৰীতিৰে সহায় কৰাত এক মূখ্য ভূমিকা আদায় কৰাৰ বাবে নিশ্চয়ে আনন্দিত হৈছে। গতিকে মোৰ নিশ্চিত যে এনে শিক্ষা দিয়া এই কিতাপখন প্ৰকাশ কৰাৰ বিষয়ে টুৱালো বুৰঞ্জীত লিখা যাব। . . . আপোনালোকৰ এনে কঠিন পৰিশ্ৰমৰ দ্বাৰাই সম্পন্ন হোৱা এই কাৰ্য্যই এনে এটা বিষয় যিয়ে সকলোৰ বাবে আনন্দ কঢ়িয়াই আনে।”

১৯৯৩ চনত প্ৰথমবাৰৰ বাবে টুৱালোৱান-ইংৰাজী ভাষাৰ অভিধান প্ৰকাশিত হʼল। এই অভিধানেই সেই দেশৰ লোকসকলৰ বাবে প্ৰথমখন অভিধান বা শব্দকোষ আছিল। অলপতে নেশনেল লেঙ্গোৱেজ বৰ্ড অৱ টুৱালে প্ৰকাশ হোৱা প্ৰথমখন অভিধানক টুৱাল ভাষাৰ প্ৰথমখন অভিধানৰূপে ব্যৱহাৰ কৰিবলৈ সেই মিছেনাৰী দম্পতীৰ পৰা অনুমতি বিচাৰিলে।

১৯৮৯ চনৰ, জানুৱাৰী ১ তাৰিখৰ পৰাই টুৱালোৱান ভাষাত প্ৰহৰীদুৰ্গ নামৰ আলোচনীখন প্ৰকাশ কৰা হৈছে। যদি আপুনি আন ভাষাত এই আলোচনীখন পঢ়িছে, তেনেহʼলে নিজৰ ভাষাত এই আলোচনীখন উপলব্ধ আছে নে নাই তাক জানিবলৈ অনুগ্ৰহ কৰি এই আলোচনীখনৰ ২ পৃষ্ঠাত চাওঁক। যদি আপুনি আলোচনীখন আপোনাৰ ভাষাত উপলব্ধ আছে তেনেহʼলে তাক আপুনি নিজ মাতৃভাষাত পঢ়িবলৈ পাই আনন্দিত নহʼবনে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক