ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০২ ৩/১ পৃষ্ঠা ৩১
  • এই জগতখনৰ ধ্বংসত আপুনি কেনেকৈ ৰক্ষা পাব পাৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এই জগতখনৰ ধ্বংসত আপুনি কেনেকৈ ৰক্ষা পাব পাৰে?
  • ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০২ ৩/১ পৃষ্ঠা ৩১

এই জগতখনৰ ধ্বংসত আপুনি কেনেকৈ ৰক্ষা পাব পাৰে?

এই বৰ্তমান জগতৰ অন্তৰ বিষয়ে বাইলেত এইদৰে বৰ্ণনা কৰিছে যে সেই দিন, “আন্ধাৰ আৰু ঘোৰ অন্ধকাৰৰ দিন, ডাৱৰীয়া আৰু ঘন মেঘৰ দিন, শিঙা-ধ্বনি আৰু সিংহনাদৰ দিন” হʼব। (চফনিয়া ১:১৫) বাস্তৱতে, এইটো তেনে এটা দিন নহʼব, যাৰ বাবে আপুনি সাধাৰণতে অপেক্ষা কৰে! পাঁচনি পিতৰে তেওঁ সঙ্গী খ্ৰীষ্টানসকলক এই বুলি কৈ সতৰ্ক কৰিছে, “সেই দিনৰ কাৰণে আকাশ-মণ্ডল পুৰি লয়প্ৰাপ্ত হব, আৰু মূলবস্তুবোৰ দগ্ধ হৈ গলি যাব। কিন্তু তেওঁৰ প্ৰতিজ্ঞাৰ দৰে, আমি নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিবীলৈ অপেক্ষা কৰি আছোঁ; সেইবোৰত ধাৰ্ম্মিকতা নিবাস কৰে।”—২ পিতৰ ৩:১২, ১৩.

ইয়াত পিতৰে বাস্তৱিক আকাশ-মণ্ডল আৰু পৃথিৱীৰ ধ্বংসৰ বিষয়ে উল্লেখ কৰা নাছিল। পিতৰে কোৱা “আকাশ-মণ্ডল” আৰু “পৃথিবী” ভ্ৰষ্টাচাৰী মানৱ চৰকাৰ আৰু অঈশ্বৰীয় মানৱ সমাজখনক চিহ্নিত কৰে। ‘যিহোৱাৰ দিনত’ এই পৃথিৱীখন নহয় কিন্তু, “পাপীবোৰক বিনষ্ট” কৰিব। (যিচয়া ১৩:৯) যিসকলে ‘ঘিণলগীয়া কাৰ্য্যৰ নিমিত্তে হুমুনিয়াহ পেলাইছে আৰু চিঞৰি কান্দিছে’ যিহোৱাৰ দিনত তেওঁলোকক উদ্ধাৰ কৰা হʼব।—যিহিষ্কেল ৯:৪.

তেতিয়াহʼলে ‘যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিনত’ কেনেকৈ লোকবিলাকে উদ্ধাৰ পাব? এই বিষয়ে ‘যিহোৱাৰ বাক্যই’ তেওঁৰ ভৱিষ্যতবক্তাক এই প্ৰশ্নৰ উত্তৰ দি এইদৰে কৈছিল: “যেয়ে যিহোৱাৰ নাম লব, তেওঁ উদ্ধাৰ পাব।” (যোৱেল ১:১; ২:৩১, ৩২) যিহোৱাৰ নাম লোৱাৰ অৰ্থ কি, এই বিষয়ে বুজিবলৈ যিহোৱাৰ সাক্ষীসকলে আপোনাক সহায় কৰিবলৈ পায় আনন্দিত হʼব। (w02 3/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক