পাঠকসকলৰ প্ৰশ্ন
অবিবাহিতা মৰিয়মে অসিদ্ধ হোৱাৰ বাবে গৰ্ভধাৰণ কৰা সময়ত যীচুত কোনো অসিদ্ধতাৰ প্ৰভাৱ পৰিছিল নে?
“যীচু খ্ৰীষ্টৰ জন্ম” সম্বন্ধে প্ৰেৰিত বাক্যই এইদৰে কৈছে: “তেওঁৰ মাক মৰিয়মক যোচেফলৈ বাগ্দান কৰা হলত, তেওঁলোকৰ একে লগ হোৱাৰ পূৰ্ব্বেই, তেওঁক পবিত্ৰ আত্মাৰ পৰা গৰ্ভৱতী হোৱা পালে।” (মথি ১:১৮) ইয়াত কোনো সন্দেহ নাই যে মৰিয়ম গৰ্ভৱতী হোৱাত পবিত্ৰ আত্মাই এক মুখ্য ভূমিকা আদায় কৰিলে।
মৰিয়মলৈ কি ঘটিল? তাইৰ ডিম্বাণু কোষে গৰ্ভৱতী হোৱাত কোনো ভূমিকা আদায় কৰিছিল নে? ঈশ্বৰে মৰিয়মৰ পূৰ্বপূৰুষ—অব্ৰাহাম, ইচহাক, যাকোব, যিহূদা আৰু দায়ূদ ৰজাক কৰা প্ৰতিজ্ঞাৰ অনুসাৰে সেই সন্তান তেওঁলোকৰ অমিশ্ৰিত বংশত জন্ম হʼবলৈ আছিল। (আদিপুস্তক ২২:১৮; ২৬:২৪; ২৮:১০-১৪; ৪৯:১০; ২ চমূৱেল ৭:১৬) তেনেহʼলে সেই ঈশ্বৰীয় প্ৰতিজ্ঞাৰ অনুসাৰে মৰিয়মৰ গৰ্ভত সেই সন্তান জন্ম লোৱাটো কেনেকৈ যুক্তিসঙ্গত হʼলহেঁতেন? তেতিয়াৰ পৰা তেওঁ মৰিয়মৰ নিজা পুতেক হʼবলৈ আছিল।—লূক ৩:২৩-৩৪.
যিহোৱাৰ স্বৰ্গদূতে অবিবাহিতা মৰিয়মক দেখা দি এইদৰে কৈছিল: “হে মৰিয়ম, ভয় নকৰিবা; কিয়নো তুমি ঈশ্বৰৰ পৰা অনুগ্ৰহ পালা। আৰু চোৱা, তুমি গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিবা; আৰু তেওঁৰ নাম যীচু থবা।” (লূক ১:৩০, ৩১) গৰ্ভৱতী হʼবলৈ এটা ডিম্বাণু প্ৰজননশীল হোৱাৰ আৱশ্যক আছিল। দৰাচলতে যিহোৱাই মৰিয়মৰ জৰায়ু প্ৰজননশীল কৰি তেওঁৰ একমাত্ৰ পুত্ৰৰ জীৱন আত্মিক অৱস্থাৰ পৰা পৃথিৱীলৈ স্থানান্তৰ কৰিলে।—গালাতীয়া ৪:৪.
এগৰাকী অসিদ্ধ স্ত্ৰীয়ে কেনেকৈ সিদ্ধ আৰু পাপবিহীন এটা শিশুক গৰ্ভধাৰণ কৰিব পাৰে? সিদ্ধ আৰু অসিদ্ধ সংযোগ হৈ থকাৰ বাবে বংশগত বিধিৰ কাৰ্য্য কেনেকৈ সম্পন্ন হʼল? স্মৰণ কৰক যে পবিত্ৰ আত্মাই ঈশ্বৰৰ পুত্ৰৰ জীৱন শক্তিক স্থানান্তৰিত আৰু গৰ্ভধাৰণ কৰোঁতে এক প্ৰধান ভূমিকা আদায় কৰিছিল। গতিকে মৰিয়মৰ গৰ্ভত কোনো অসিদ্ধ নোহোৱাকৈ গৰ্ভধাৰণ আৰু এইদৰে আৰম্ভণীৰ পৰাই বংশানুক্ৰমিক আদৰ্শত সিদ্ধতা বজায় ৰখা হʼল।
সেইবাবে আমি নিশ্চিতভাৱে কʼব পাৰোঁ যে সেই সময়ত ঈশ্বৰৰ পবিত্ৰ আত্মাই ঈশ্বৰৰ উদ্দেশ্যক সাম্ফল কৰিবলৈ কাৰ্য্য কৰিলে। গাব্ৰিয়েল স্বৰ্গদূতে মৰিয়মক ব্যাখ্যা কৰি এইদৰে কৈছিল: “পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব, আৰু সৰ্ব্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব; এই হেতুকে সেই পবিত্ৰ গৰ্ভফলৰ নাম ঈশ্বৰৰ পুত্ৰ বুলি প্ৰখ্যাত হব।” (লূক ১:৩৫-৩৬) প্ৰকৃততে ঈশ্বৰৰ পবিত্ৰ আত্মাই সুৰক্ষামূলক প্ৰাচীৰ হৈ মৰিয়মৰ গৰ্ভত থকা অজন্মা শিশুটোক সকলো অসিদ্ধতা বা বিপদজনক প্ৰভাৱৰ পৰা ৰক্ষা কৰিলে।
স্পষ্টৰূপে, যীচুৱে লাভ কৰা সিদ্ধ মানৱজীৱনৰ বাবে কোনো মানুহৰ নহয়, কিন্তু স্বৰ্গীয় পিতৃৰ ওচৰত ঋণী আছিল। যিহোৱাই তেওঁৰ বাবে “শৰীৰ যুগুত কৰিলে,” আৰু সেয়েহে গৰ্ভত বিকাশ হোৱাৰ পূৰ্বেই প্ৰকৃততে তেওঁক “অকুটিল, নিৰ্ম্মল পাপীবিলাকৰ পৰা পৃথক” কৰা হʼল।—ইব্ৰী ৭:২৬; ইব্ৰী ১০:৫. (w02 3/15)
[১৯ পৃষ্ঠাৰ ছবি]
“তুমি গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিবা”