ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০২ ৪/১ পৃষ্ঠা ৩
  • আপুনি ক’ত নিৰাপত্তা পাব পাৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি ক’ত নিৰাপত্তা পাব পাৰে?
  • ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মিল থকা বিষয়
  • বৰ্তমান সময়ত আৰু চিৰকাললৈ নিৰাপত্তা অনুভৱ কৰক
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০২ ৪/১ পৃষ্ঠা ৩

আপুনি কʼত নিৰাপত্তা পাব পাৰে?

আফ্ৰিকাৰ এখন সৰু গাওঁত বাস কৰা জচু নামৰ এজন ডেকা ব্যক্তিয়ে তেওঁৰ পৰিয়াল আৰু বন্ধবৰ্গক হাত জোকাৰি বিদায় লৈ এখন ডাঙৰ চহৰৰ অভিমুখে আৰ্থিক নিৰাপত্তা বিচাৰি পাবলৈ যাত্ৰা কৰে।a চহৰত উপস্থিত হৈ জচুৱে অতি কম সময়ৰ ভিতৰত জানিব পাৰিলে যে তেওঁ যি উজ্জ্বল আশা লৈ চহৰলৈ আহিছিল, সেই সকলো চূৰ্ণ-বিচূৰ্ণ হৈ গʼল। চহৰখনে তেওঁৰ আশাক পূৰ্ণ কৰিবলৈ সফল নহʼল।

জচুৱে চহৰীয়া জীৱনৰ সৈতে খাপ খাই পৰিবলৈ বহুতো বাধাৰ সম্মুখীন হোৱাৰ বাবে ভাঙি পৰিল। এখন ডাঙৰ চহৰৰ প্ৰতি যি আশা কৰি আহিছিল, সেই সকলোবোৰ চূৰ্ণ হʼল। সেয়েহে এৰি অহা পৰিয়াল আৰু বন্ধুবৰ্গ থকা আপোন গাওঁখনলৈ ঘূৰি যোৱাৰ কথা বাৰে বাৰে তেওঁৰ মনলৈ আহিব ধৰিলে। কিন্তু তেওঁ ঘূৰি যাবলৈ ভয় কৰিছিল, কিজানিবা গাওঁৰ মানুহে তেওঁক ঠাট্টা কৰিব। ‘কিয়নো মই চহৰত আহি একো কৰিব নোৱাৰিলোঁ, তেওঁলোকে মোক অকৰ্মণ্য কব’ বুলি ভাবি তেওঁ চিন্তিত হৈছিল।

তাতকৈ দুখৰ বিষয় যে মাক-দেউতাকে তেওঁৰ বিষয়ে কি ভাবিব, এই বুলি অধিককৈ চিন্তা কৰি ব্যাকুল হৈছিল। কিয়নো তেওঁলোকে তেওঁৰ পৰা আৰ্থিক সহায় পোৱাৰ আশা কৰিছিল। গতিকে তেওঁ নিজৰ মানসিক হেঁচাৰ সৈতে যুঁজিবলৈ চেষ্টাৰে দিন-ৰাতি এক কৰি লগুৱাৰ চাকৰি কৰিবলৈ ধৰিলে। কিন্তু পৰিণামস্বৰূপে তেওঁ আশা কৰাতকৈ কেৱল অলপহে ধন উপাৰ্জন কৰিব পাৰিলে। অত্যাধিকভাৱে পৰিশ্ৰম কৰিবলগীয়া হোৱাৰ বাবে তেওঁ অধিক ক্লান্ত হৈছিল। সেয়েহে তেওঁ যি খ্ৰীষ্টান কাৰ্য্যসমূহক বহুমূলীয়া বুলি জ্ঞান কৰিছিল, সময় অতিক্ৰম কৰাৰ লগে লগে সেইবোৰৰ প্ৰতি প্ৰায়ে সময় নোহোৱা হʼল। গতিকে পৰিয়াল আৰু বন্ধুবৰ্গৰ পৰা আঁতৰি উৎসাহিত হোৱাৰ পৰিৱৰ্তে, অধিক নিৰুৎসাহিত হৈ পৰিল। অৱশেষত তেওঁ জানিব পাৰিলে যে তেওঁ আশা কৰাৰ দৰে সেই চহৰখনে তেওঁক আৰ্থিক নিৰাপত্তা প্ৰদান কৰিব নোৱাৰে।

কেৱল জচুৱেই যে তিক্ত অভিজ্ঞতাৰ অনুভৱী হৈছিল এনে নহয়, তেনে বহুতো ব্যক্তি আছে যিসকলে তেওঁৰ দৰেই অভিজ্ঞতা হৈছে। কিয়নো তেওঁলোকেও সেই একেই সপোন লৈ চহৰলৈ আহে। জচুৱে স্বাৰ্থপৰ হৈ চহৰলৈ যাবলৈ ইচ্ছা কৰিছিল এনে নহয়, তেওঁ আৰ্থিক নিৰাপত্তা লাভ কৰিবলৈহে চহৰলৈ গৈছিল। তেওঁ সৰলভাৱে ভাবিছিল যে, সেই সৰু গাওঁখন এৰি চহৰলৈ গʼলে তেওঁ কিবা এটা সফলতা লাভ কৰিব পাৰিব। নিসন্দেহ, কেতিয়াবাহে এজন ব্যক্তিয়ে তেওঁৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিব পাৰে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ প্ৰকৃত নিৰপত্তা লাভ কৰে। কিন্তু জচুৰ সৈতে এনে হোৱা নাছিল আৰু তেওঁৰ দৰে চেষ্টা কৰা বেছি সংখ্যক লোকৰ ক্ষেত্ৰতো এনে নʼহব। ইয়ে আমাক এনে এটা প্ৰশ্নলৈ পৰিচালিত কৰে: ‘নিৰাপত্তাৰ অৰ্থ কি?’

বিভিন্ন লোকৰ অনুসাৰে নিৰাপত্তা শব্দটো বেলেগ বেলেগ অৰ্থত প্ৰকাশ পাইছে। এখন অভিধানে নিৰাপত্তা শব্দটোক এইদৰে ভাঙণি কৰিছে, “বিপদৰ পৰা মুক্তি লাভ কৰা” বা “দুঃচিন্তাৰ পৰা মুক্তি লাভ কৰা।” বহুতো ব্যক্তিয়ে চিনাক্ত কৰিব পাৰিছে যে বৰ্তমান জগতত সম্পূৰ্ণভাৱে “বিপদৰ পৰা মুক্তি লাভ” কৰাতো সম্ভৱ নহয়। সেয়েহে, তেওঁলোকৰ চাৰিওফালে থকা বেয়া অৱস্থাৰ স্বত্ত্বেও যিমান দিনলৈকে সুৰক্ষিত বুলি ভাবিব পাৰে, সিমান দিনলৈকে সন্তুষ্টি অনুভৱ কৰে।

আপোনাৰ সম্পৰ্কে কি কʼব পাৰি? নিৰাপত্তাৰ বাবে আপুনি কিহত আশা কৰে? জচুৱে ভবাৰ দৰে গাওঁৰ পৰিৱৰ্তে চহৰত নিৰাপত্তা পাব বুলি আপুনি আশা কৰেনে? অথবা আপুনি যেনেকৈয়ে ধন উপাৰ্জন নকৰক কিয়, সেই ধনৰ দ্বাৰা নিৰাপত্তা লাভ কৰিব বুলি ভাবেনে? কোনো সামাজিক উচ্চ স্থান লাভ কৰি নিৰাপত্তা পাব বিচাৰেনে? যদিও আপুনি নিৰাপত্তা হোৱা বুলি অনুভৱ কৰিছে, কিন্তু সেই নিৰাপত্তা জানো আপোনাৰ আৰু পৰিয়ালৰ বাবে চিৰস্থায়ী?

আঁহক আমি, বহুতে ভৌগোলিক অৱস্থিতি; টকা-পইচা; উচ্চস্থান বা সংস্থিতি, এই তিনি প্ৰকাৰে নিৰাপত্তা লাভ কৰিবলৈ বিচাৰাৰ সম্পৰ্কে আলোচনা কৰোঁহঁক। ইয়াৰ পিছত আমি প্ৰকৃত আৰু চিৰস্থায়ী নিৰাপত্তা কʼত লাভ কৰিব পাৰোঁ, তাৰ বিষয়ে পৰীক্ষা কৰিম। (w02 4/15)

[ফুটনোট]

a আচল নামৰ পৰিৱৰ্তে ছদ্মনাম ব্যৱহাৰ কৰা হৈছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক