ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৩ ১০/১ পৃষ্ঠা ৩২
  • “অসমানভাবে যোঁতা নহবা”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “অসমানভাবে যোঁতা নহবা”
  • ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৩ ১০/১ পৃষ্ঠা ৩২

“অসমানভাবে যোঁতা নহবা”

আপুনি ইয়াত এটা উট আৰু এটা বলদ গৰুক একেলগে কষ্টদায়কভাৱে হাল বোৱা দৃশ্য দেখিবলৈ পাইছে। সাধাৰণতে যুঁৱলিত দুটা একেই সমান আৰু শক্তি থকা জন্তুক একেলগ কৰিবলৈ লগোৱা হয়, কিন্তু ইয়াত অসমান জন্তুক যুঁৱলিত লগোৱাৰ বাবে দুয়োটাই কষ্ট পাইছে। এনে ধৰণৰ জন্তুৰ হিতৰ বাবে যিহোৱা ঈশ্বৰে ইস্ৰায়েলসকলক এইদৰে আজ্ঞা দিছিল: “গৰুকে গাধকে জুঁটি হাল নাবাবা।” (দ্বিতীয় বিবৰণ ২২:১০) সেই একেই সিদ্ধান্ত এটা বলদ আৰু এটা উটৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়।

স্বাভাৱিকতে, এজন খেতিয়কে নিজৰ পোহনীয়া জন্তুৰ সৈতে তেনে নিৰ্দয়পূৰ্বক আচৰণ নকৰে। কিন্তু যদি তেওঁৰ দুটা বলদ গৰু নথাকে, তেন্তে তেওঁৰ ওচৰত থকা দুই প্ৰকাৰৰ জন্তুক যুঁৱলিত লগাব পাৰে। দৰাচলতে তেনেদৰে ১৯ শতিকাৰ খেতিয়কে কৰিবলৈ লোৱা সিদ্ধান্তৰ বিষয়ে ইয়াত দৃষ্টান্ত দিয়া হৈছে। সেই জন্তু দুটাৰ বেলেগ আকাৰ আৰু ওজন হোৱাৰ বাবে একেই গতি বজাই ৰাখিবলৈ দুৰ্ব্বল জন্তুটোৱে অধিক কষ্ট কৰিবলগীয়া হৈছে আৰু শক্তিশালী জন্তুটোৱে সহিব পৰাতকৈ অধিক ভাৰ বহন কৰিবলগীয়া হৈছে।

পাঁচনি পৌলে এটা অতি গুৰুত্বপূৰ্ণ বিষয়ে শিক্ষাদান কৰিবলৈ অসমানভাৱে যোঁতা নহবা বুলি দৃষ্টান্তত উল্লেখ কৰিছিল। তেওঁ সঙ্গী বিশ্বাসী সকললৈ এইদৰে লিখিছিল: “বিশ্বাস নকৰাবিলাকে সৈতে তোমালোক অসমানভাৱে যোঁতা নহবা; কিয়নো ধাৰ্ম্মিকতা আৰু অধৰ্ম্ম পৰস্পৰৰ কি সম্পৰ্ক?” (২ কৰিন্থীয়া ৬:১৪) এজন প্ৰকৃত খ্ৰীষ্টান ব্যক্তিয়ে কেনেকৈ অসমানভাৱে যোঁতা হʼব পাৰে?

এজন প্ৰকৃত খ্ৰীষ্টান ব্যক্তিয়ে সত্যত নথকা ব্যক্তিৰ সৈতে বিবাহ সম্পন্ন কৰি এক প্ৰকাৰে অসমানভাৱে যোঁতা হʼব পাৰে। এনেধৰণৰ বিবাহ উভয় পক্ষৰ বাবে অসুবিধাজনক হʼব পাৰে যেতিয়া বিবাহ দম্পতীয়ে কোনো গুৰুত্বপূৰ্ণ বিষয়ত মতানৈক্য হয়।

যিহোৱা ঈশ্বৰে যেতিয়া বিবাহ ব্যৱস্থাৰ স্থাপনা কৰিছিল তেতিয়া পত্নী বা স্ত্ৰীক “উপযুক্ত সহকাৰী” হিচাবে দায়িত্ব দিলে। (আদিপুস্তক ২:১৮) একেইদৰে ভৱিষ্যতবক্তা মলাখীৰ দ্বাৰা ঈশ্বৰে পত্নীক “সঙ্গিনী” বুলি উল্লেখ কৰিছে। (মলাখী ২:১৪) আমাৰ সৃষ্টিকৰ্ত্তাই বিচাৰে যে বিবাহিত দম্পতীয়ে যেন আধ্যাত্মিক দিশত একেলগে কাৰ্য্য কৰি এজনে আনজনৰ ভাৰ বহন কৰি একেলগে লাভৱান হয়।

এজন প্ৰকৃত খ্ৰীষ্টান ব্যক্তিয়ে “কেৱল প্ৰভুত বিশ্বাস কৰা” ব্যক্তিৰ সৈতে বিবাহ কৰি আমাৰ স্বৰ্গীয় পিতৃৰ পৰামৰ্শৰ প্ৰতি সন্মান দেখুৱা আৱশ্যক। (১ কৰিন্থীয়া ৭:৩৯) কিয়নো এনে কৰিলে এক সফল বিবাহৰ আধাৰশিলা গঢ়ি তুলিব পাৰি। তদুপৰি ইয়াৰ দ্বাৰা বিশেষ অৰ্থত ‘স্বাভাৱিকভাৱে যোঁতা হৈ’ উভয়ে ঈশ্বৰক স্তুতি আৰু সন্মানেৰে সৈতে সেৱা কৰিব পাৰে।—ফিলিপীয়া ৪:৩. (w03 10/15)

[৩২ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

উট আৰু বলদ: From the book La Tierra Santa, Volume 1, 1830

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক