ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৩ ১২/১ পৃষ্ঠা ৩
  • যীচুৰ পৰিয়ালত কোন কোন আছিল?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচুৰ পৰিয়ালত কোন কোন আছিল?
  • ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মিল থকা বিষয়
  • যীচুৰ মানৱীয় পৰিয়ালৰ সদস্যসকলৰ পৰা উপদেশ লাভ কৰক
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যীচু খ্ৰীষ্ট আজ্ঞাকাৰী আছিল
    আপোনাৰ সন্তানক শিক্ষা দিয়ক
২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৩ ১২/১ পৃষ্ঠা ৩

যীচুৰ পৰিয়ালত কোন কোন আছিল?

ডিচেম্বৰ মাহৰ সময়ছোৱাত পৃথিৱীখনৰ বেছি ভাগতে কণমাণি শিশু যীচুক তেওঁৰ মাক মৰিয়ম আৰু তেওঁৰ দত্তক-পিতৃ যোচেফৰ সৈতে থকা দৃশ্য প্ৰায়ে দেখিবলৈ পোৱা যায়। এনে ধৰণৰ পৰিয়ালৰ দৃশ্যই তথাকথিত খ্ৰীষ্টান লোকবিলাককো আকৰ্ষিত কৰে। যদিও তেনে দৃশ্যত যীচুৰ প্ৰতি প্ৰমুখৰূপে আকৰ্ষিত কৰা হয় তথাপিও শাস্ত্ৰই যীচুৰ মানৱীয় পৰিয়ালৰ বিষয়ে কি কৈছে?

যীচুৰ এক মনোগ্ৰাহী পৰিয়ালৰ পটভূমি আছিল। তেওঁ কুমাৰী মৰিয়মৰ দ্বাৰা জন্ম হৈ মানৱ পৰিয়ালৰ সদস্য হৈছিল। বাইবেলৰ অনুসৰি তেওঁক পবিত্ৰ আত্মাৰ দ্বাৰা মৰিয়মৰ গৰ্ভলৈ স্থানান্তৰিত কৰা হৈছিল। (লূক ১:৩০-৩৫) আচৰিতৰূপে যীচুৰ জন্মৰ বিষয়ে কোৱাৰ পূৰ্বেই মৰিয়ম যোচেফ নামৰ এজন ইহুদী ব্যক্তিৰ বাকদত্তা আছিল আৰু সেয়েহে যোচেফ যীচুৰ দত্তক-পিতৃ হৈ পৰিল।

যীচু জন্ম হোৱাৰ পিছত যোচেফ আৰু মৰিয়মৰ আন লʼৰা-ছোৱালী অৰ্থাৎ যীচুৰ সতীয়া ভায়েক আৰু ভনীয়েকবিলাকৰ জন্ম হʼল। এই প্ৰমাণ নাচৰতৰ বাসিন্দাসকলে যীচুৰ বিষয়ে সোধা এই প্ৰশ্নত দেখিবলৈ পোৱা যায়, যʼত তেওঁলোকে এইদৰে সুধিছিল: “ই বাঢ়ৈৰ পুতেক নহয় নে? ইয়াৰ মাকৰ নাম মৰিয়ম, আৰু ভায়েকহঁতৰ নাম যাকোব, যোচেফ, চিমোন, আৰু যিহূদা নহয় নে? আৰু ইয়াৰ ভনীয়েকহঁত সকলোৱেই আমাৰ ইয়াত নাই নে?” (মথি ১:২৫; ১৩:৫৫, ৫৬; মাৰ্ক ৬:৩) ইয়াৰ পৰা আমি এই সিদ্ধান্তত উপনীত হʼব পাৰোঁ যে যীচুৰ পৰিয়ালত তেওঁৰ মাক-দেউতাক, চাৰিজন ভায়েক আৰু অন্ততঃ দুজনী ভনীয়েক আছিল।

তথাপিও, যীচুৰ বাহিৰে মৰিয়ম আৰু যোচেফৰ আন লʼৰা-ছোৱালী অৰ্থাৎ যীচুৰ আন ভায়েক আৰু ভনীয়েক আছিল বুলি আজিও বহুতে বিশ্বাস নকৰে। কিয় নকৰে? এই বিষয়ে নিউ কেথলিক এনচাইক্লোপিডিয়াʼই এইদৰে কৈছে: “গীৰ্জাসমূহে লোকবিলাকক অতীতৰ পৰা শিকাই আহিছে যে মৰিয়মে সদায় দিনৰ বাবে কুমাৰী হৈ থাকিল। গতিকে ইয়াত কোনো সন্দেহ নাই যে মৰিয়মৰ আন কোনো লʼৰা-ছোৱালী নাছিল।” একেই সময়ত সেই একেখন বিশ্বকোষে “ভায়েক” আৰু “ভনীয়েক” বুলি উল্লেখ কৰা উক্তিটো এইদৰে কৈ দাবী কৰিছে যে এই দুটা উক্তিয়ে “এটা ধৰ্ম্ম বা আন সামাজিক বন্ধনত সংযুক্ত হোৱা কোনো ব্যক্তি নতুবা লোকসকলক” অথবা কোনো আত্মীয় সম্ভৱতঃ সম্পৰ্কীয় কোনো ব্যক্তিক বুজাইছে।

প্ৰকৃতে তেনে বৰ্ণনাটো সঁচানে? এই বিষয়ে থকা পৰম্পৰাগত বিশ্বাস অৰ্থাৎ যীচুৰ যে আন ভায়েক-ভনীয়েক আছিল বুলি কোৱা মূলনীতিকো কিছুমান কেথলিক ধৰ্ম্মতত্ত্ববিদে মানিবলৈ অস্বীকাৰ কৰে। আমেৰিকাৰ কেথলিক বাইবেল সংস্থাৰ প্ৰাক্তন সভাপতি জন্‌ পি. মেয়াৰে এইদৰে লিখিছে: “নতুন নিয়মত ব্যৱহাৰ কৰা আডেলফচ্‌ [ভায়েক] গ্ৰীক শব্দটো কোনো লাক্ষণিক বা উপমা অৰ্থত বুজোৱা নাই। ইয়াৰ বিপৰীতে ই এক প্ৰকাৰৰ শাৰীৰিক বা আইনগত সম্পৰ্কহে বুজাইছে, যাৰ অৰ্থ হৈছে কেৱল নিজা বা সতীয়া ভায়েক, ভনীয়েক আৰু ইয়াৰ বাহিৰে আন একো হʼব নোৱাৰে।”a দৰাচলতে বাইবেলে কৈছে যে মৰিয়ম আৰু যোচেফৰ পৰা জন্ম হোৱা যীচুৰ ভায়েক, ভনীয়েক আছিল।

তদুপৰি পাঁচনিবিলাকে লিখা বৃতান্তবোৰত যীচুৰ আন আত্মীয় লোকসকলৰ বিষয়ে উল্লেখ কৰিছে। সেয়েহে আঁহক আমি যীচুৰ একেবাৰে নিজা পৰিয়ালৰ সদস্য আৰু তেওঁলোকৰ পৰা কি শিকিব পাৰোঁ সেই বিষয়ে নিৰীক্ষণ কৰোঁহঁক। (w03 12/15)

[ফুটনোট]

a জে. পি. মেয়াৰ দ্বাৰা প্ৰকাশিত “যীচুৰ ভায়েক আৰু ভনীয়েক হৈছে সাৰ্বজনীন সত্য”, দ্য কেথলিক বিব্লীকেল ক্‌ৱটাৰলি জানুৱাৰী ১৯৯২, ২১ পৃষ্ঠা।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক