ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৪ ৮/১ পৃষ্ঠা ৩২
  • “আমি এই বুলি ক’ব পাৰিম, ‘নিশ্চয়ে কৰিলোঁ!’”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “আমি এই বুলি ক’ব পাৰিম, ‘নিশ্চয়ে কৰিলোঁ!’”
  • ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৪ ৮/১ পৃষ্ঠা ৩২

“আমি এই বুলি কʼব পাৰিম, ‘নিশ্চয়ে কৰিলোঁ!’”

অলপতে নাইজেৰিয়াত থকা যিহোৱাৰ সাক্ষীসকলৰ শাখা কাৰ্য্যালয়ে এখন পত্ৰ পায়, যʼত তলত দিয়াৰ দৰে লিখা হৈছিল:

“আমাৰ পুত্ৰ এন্ডাৰছনৰ ১৪ বছৰ বয়সত মৃত্যু হয়। এন্ডাৰছনে মৃত্যুৰ পূৰ্বেই দুটা কুকুৰা পুহিছিল। সেই কুকুৰা দুটা ডাঙৰ-দীঘল কৰি বিক্ৰি কৰাৰ দ্বাৰা পোৱা টকাখিনি তেওঁ বিশ্বব্যাপী প্ৰচাৰ কাৰ্য্যৰ বাবে বৰঙণী হিচাপে শাখা কাৰ্য্যালয়লৈ পঠিয়াব বিচাৰিছিল। কিন্তু তেওঁৰ সেই ইচ্ছা পূৰ্ণ হোৱাৰ পূৰ্বেই মৃত্যু হয়।

“তেওঁৰ ইচ্ছাৰ বিষয়ে মনত ৰাখি আমি, অৰ্থাৎ তেওঁৰ মাক-দেউতাকে কুকুৰা দুটাক ডাঙৰ-দীঘল কৰি বিক্ৰি কৰিলোঁ আৰু এতিয়া আমি এন্ডাৰছনৰ হৈ সেই টকাখিনি বৰঙণী হিচাবে আপোনালোকলৈ পঠিয়ালোঁ। কিয়নো যিহোৱাই কৰা প্ৰতিজ্ঞাৰ ওপৰত আমি সম্পূৰ্ণ নিশ্চিত যে অতি সোনকালে এন্ডাৰছনক পুনৰাই দেখা পাম। পুনৰুত্থান হৈ আহি এন্ডাৰছনে তেওঁৰ আন্তৰিক ইচ্ছা পূৰ্ণ কৰিলে নে নাই বুলি যেতিয়া শুধিব তেতিয়া আমি এই বুলি কʼব পাৰিম, ‘নিশ্চয়ে কৰিলোঁ!’ দৰাচলতে আমি কেৱল এন্ডাৰছনৰ পুনৰুত্থানেই নহয়, কিন্তু ‘মেঘৰূপী সাক্ষীৰ’ পুনৰুত্থানৰ বাবেও অপেক্ষা কৰি আছোঁ।”—ইব্ৰী ১২:১; যোহন ৫:২৮, ২৯.

ওপৰৰ চিঠিখনত স্পষ্টকৈ প্ৰকাশ পাইছে যে বিশ্বাস কৰা পুনৰুত্থানৰ আশাই প্ৰকৃত খ্ৰীষ্টানসকলক উৎসাহিত কৰি ৰাখিছে। এন্ডাৰছনৰ পৰিয়ালৰ দৰে কোটি কোটি আন পৰিয়ালেও মৃত্যুত হেৰুৱা তেওঁলোকৰ প্ৰিয়জনক যেতিয়া পুনৰুত্থানৰ পিছত লগ পাব তেতিয়া সেইটো কিমান যে আনন্দৰ অভিজ্ঞতা হʼব!—১ কৰিন্থীয়া ১৫:২৪-২৬.

ঈশ্বৰৰ বাক্যই আন আন আচৰিত কাৰ্য্যৰ সৈতে এনে এক পুনৰুত্থান আশাৰে শান্ত্বনা প্ৰদান কৰিছে, যিটো অতি শীঘ্ৰেই ঈশ্বৰৰ ৰাজ্যৰ অধীনত এক ধাৰ্ম্মিক নতুন জগতত পূৰ্ণ হʼব। (২ পিতৰ ৩:১৩) সেই সময়ত ঈশ্বৰে লোকবিলাকৰ বাবে কি কৰিব সেই বিষয়ে বাইবেলে এইদৰে কৈছে: “তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল।”—প্ৰকাশিত বাক্য ২১:৪. (w04 8/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক