ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৫ ৭/১ পৃষ্ঠা ৯
  • বিদ্যালয়ত যিহোৱা ঈশ্বৰৰ স্তুতি কৰা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বিদ্যালয়ত যিহোৱা ঈশ্বৰৰ স্তুতি কৰা
  • ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৫ ৭/১ পৃষ্ঠা ৯

বিদ্যালয়ত যিহোৱা ঈশ্বৰৰ স্তুতি কৰা

বি শ্বজুৰি কিশোৰ বয়সীয়া যিহোৱাৰ সাক্ষীসকলে নিজৰ কথা-বতৰা আৰু আচাৰ-ব্যৱহাৰৰ দ্বাৰা বিদ্যালয়ত ঈশ্বৰৰ নাম মহিমা কৰিছে। কিছুমান কিশোৰ-কিশোৰীয়ে ৰাখা তেনে উৎসাহপূৰ্ণ আৰ্হিৰ বিষয়ে লক্ষ্য কৰক।

গ্ৰীচ দেশত বাস কৰা এগৰাকী কিশোৰ সাক্ষী ভনীক পৃথিৱীৰ বায়ুমণ্ডলত হোৱা প্ৰদূষণৰ বিষয়ে এটা ৰিপোৰ্ট লিখিবলৈ কোৱা হয়। ভনী গৰাকীয়ে ৱাচ্‌টাৱাৰ পাব্লিকেশ্বন ইনডেক্সʼত অনুসন্ধান কৰি সচেতন! আলোচনীখনত দিয়া লেখটো ব্যৱহাৰ কৰি তাইৰ ৰচনা সমাপ্তি কৰে। ভনী গৰাকীৰ শিক্ষয়ত্ৰীয়ে কয় যে সেই ৰচনাখন সকলোবোৰ ৰচনাৰ ভিতৰত অতি শ্ৰেষ্ঠ আছিল। পিছলৈ শিক্ষয়ত্ৰী গৰাকীয়ে সেই ৰচনাখন এখন চেমিনাৰত ব্যৱহাৰ কৰি ভাল ফলাফল লাভ কৰে। সেই কিশোৰী ভনী গৰাকীয়ে শিক্ষয়ত্ৰী গৰাকীক “শিক্ষক—তেওঁলোকৰ অৱিহনে আমি কি কৰিম?” নামৰ আলোচনীখনৰ সৈতে কেইবাটা মাহৰ সচেতন! আলোচনী দিবলৈ নিৰ্ণয় লয়। পিছলৈ সেই শিক্ষয়ত্ৰী গৰাকীয়ে সচেতন! আলোচনীখনক শ্ৰেণীত প্ৰশংসা কৰে আৰু আন ছাত্ৰ-ছাত্ৰীয়েও সচেতন! আলোচনীখন পঢ়িবলৈ বিচাৰে। গতিকে ভনী গৰাকীয়ে স্কুলত সেই বিদ্যাৰ্থীসকলে পঢ়িবলৈ তাইৰ সৈতে বেলেগ বেলেগ মাহৰ আলোচনীবোৰ লৈ গৈছিল।

আফ্ৰিকাৰ বেনিন চহৰত এগৰাকী কিশোৰ সাক্ষী ভনীয়ে এক অসাধাৰণ প্ৰকাৰৰ হেঁচাৰ সম্মুখীন হয়। প্ৰথা অনুসাৰে স্কুলত পঢ়া বহুতো লʼৰা-ছোৱালীক পৰীক্ষাৰ বাবে সাজু কৰিবলৈ তেওঁলোকৰ পিতৃ-মাতৃসকলে একেলগ হৈ কঠিন বিষয়বোৰত টিউছন্‌ ৰাখে। টিউছন্‌ৰ বাবে শনিবাৰৰ দিন নিৰ্ধাৰিত কৰা হয়। কিন্তু এই কিশোৰ ভনী গৰাকীয়ে আপত্তি দৰ্শাই কয়: “শনিবাৰৰ ৰাতিপুৱা গোটেই মণ্ডলীয়ে মিলি একেলগে প্ৰচাৰ কাৰ্য্য কৰে। মোৰ বাবে সেই দিনটো সপ্তাহটোৰ সকলোতকৈ আনন্দৰ দিন আৰু মই প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাটোত একোৱেই বাধা হʼব দিব নোৱাৰোঁ।” ভনী গৰাকীৰ একজনক পিতৃ নিজেই এজন যিহোৱাৰ সাক্ষী, তেওঁ এই বিষয়ে মান্তি হৈ কিছুমান পিতৃ-মাতৃৰ সৈতে টিউছন্‌ৰ সময় সলনি কৰিবলৈ চেষ্টা কৰি কথোপকথন হয়। কিন্তু তেওঁলোক সকলোৱে সময় সলনি কৰিবলৈ অমান্তি হয়। গতিকে সেই ভনী গৰাকীয়ে টিউছন্‌ নকৰিবলৈ সিদ্ধান্ত লয় আৰু শনিবাৰৰ দিনা মণ্ডলীৰ সৈতে প্ৰচাৰ কাৰ্য্য কৰাত ভাগ লয়। তাই এনে কৰাৰ বাবে তাইৰ সহপাঠীসকলে ঠাট্টা কৰে আৰু প্ৰচাৰ কাৰ্য্যত ভাগ নলʼবলৈ কোৱাৰ উপৰিও ঈশ্বৰক সেৱা নকৰিবলৈ পৰামৰ্শ দিয়ে। তাই যে পৰীক্ষাত পাছ কৰিব নোৱাৰিব বুলি তেওঁলোক প্ৰায়ে নিশ্চিত আছিল। যেতিয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হʼল, তেতিয়া সেই ভনী গৰাকী উত্তীৰ্ণ আৰু টিউছন্‌ লোৱা সেই লʼৰা-ছোৱালীবোৰ পৰীক্ষাত অনুত্তীৰ্ণ হʼল। নকলেও বুজিব পাৰিব যে সেই লʼৰা-ছোৱালীবিলাকে তাইক ঠাট্টা কৰিবলৈ এৰিলে। এতিয়া তেওঁলোকে তাইক এইদৰে কয় যে, “তুমি একেৰাহে তোমাৰ ঈশ্বৰক উপাসনা কৰা উচিত।”

চেক ৰিপাব্লিকত বাস কৰা এজনী ১২ বছৰীয়া কিশোৰ ভনীয়ে এটা ৰিপোৰ্ট তৈয়াৰ কৰিছিল। তাইৰ মাকে তাইক ৰিপোৰ্ট তৈয়াৰ কৰোঁতে সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল নামৰ কিতাপখনৰ সহায় লʼবলৈ উপদেশ দিয়ে। তাই এইদৰে প্ৰশ্ন সুধি ৰিপোৰ্ট লিখিবলৈ আৰম্ভ কৰে: “পৃথিৱীত থকা সকলৰ ভিতৰত সকলোতকৈ সৰ্বশ্ৰেষ্ঠ ব্যক্তিজন কোন, এই বিষয়ে আপুনি কি ভাবে?” তাই ৰিপোৰ্টখনত যীচু, পৃথিৱীত তেওঁৰ জীৱন আৰু শিক্ষাসমূহৰ বিষয়ে বৰ্ণনা কৰে। তাৰ পিছত তাই “ক্ষমাদান কৰাৰ বাবে শিকা এক পাঠ” নামৰ অধ্যায়টো ব্যাখ্যা কৰে। তাইৰ শিক্ষয়ত্ৰী গৰাকীয়ে এইদৰে কয় যে, “তুমি দিয়া ৰিপোৰ্টতো সকলতকৈ উত্তম আছিল!” আৰু শিক্ষয়ত্ৰী গৰাকীয়ে সেই কিতাপখনৰ এখন কপি গ্ৰহণ কৰিবলৈ পাই অতি আনন্দিত হয়। তদুপৰি কিছুমান সহপাঠীয়ে সেই কিতাপখন বিচাৰে। পিছ দিনা সেই কিশোৰী সাক্ষী ভনী গৰাকীয়ে কিতাপখনৰ ১৮ খন কপি বিতৰণ কৰে।

এনে ধৰণৰ কিশোৰ বয়সীয়া সাক্ষীসকলে বিদ্যালয়ত যিহোৱাৰ নাম মহিমা কৰিবলৈ পাই অতি আনন্দ লাভ কৰিছে। এতেকে আঁহক আমি সকলোৱে তেওঁলোকৰ উৎসাহজনক আৰ্হিক অনুকৰণ কৰোঁহঁক। (w05 6/15)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক