“আপোনাৰ পৰিশ্ৰম ব্যৰ্থ নহয়”
১ কিযে এক উৎসাহপূৰ্ণ বাক্য! যিহোৱাৰ সেৱাৰ বাবে আপোনাৰ পৰিশ্ৰম ব্যৰ্থ নহয়। (১ কৰি. ১৫:৫৮) ইয়াৰ বিপৰীতে, সেই লোকসকলৰ বিষয়ে চিন্তা কৰক যিসকলে নিজৰ মৰ্য্যদা বা নিজৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ অধিক সময় ব্যয় আৰু কঠোৰ পৰিশ্ৰম কৰে। তেওঁলোকে হয়তো অধিক মৰ্য্যদা পাবলৈ উচ্চ শিক্ষাৰ বাবে বিদেশলৈ বা বিশ্ববিদ্যালয়লৈ যায় আৰু ভৌতিকৰূপে শক্তিশালী হবলৈ যি কোনো কাৰ্য্য কৰিবলৈ সঙ্কোচবোধ নকৰে। কিয়নো “অসময় আৰু আকস্মিক ঘটনাত” হয়তো তেওঁলোকে বিচৰাৰ অনুসাৰে উচ্চ মৰ্য্যদা নাপাব পাৰে বা হয়তো তেওঁলোকে বিচৰা ভৌতিক ধন-সম্পত্তিৰ চাহিদাতকৈ নিম্ন ভাগত জীৱন-যাপন কৰিবলৈ বাধ্য হʼব। বাইবেলে তেওঁলোকৰ এনে চেষ্টাক “বতাহক ধৰিবলৈ চেষ্টা কৰা” বুলি উল্লেখ কৰিছে, ইয়াৰ অৰ্থ হৈছে তেওঁলোকে কৰা সকলোবোৰ চেষ্টা অসাৰ। (উপ. ১:১৪; ৯:১১) তেনেহʼলে এইটো কিমান গুৰুত্বপূৰ্ণ যে সেই কাৰ্য্যৰ বাবে আমি কৰিবলৈ অধিক কাম আছে যিটো অসাৰ নহয়, কিয়নো ই চিৰকালৰ বাবে লাভজনক!
২ যি কাৰ্য্য প্ৰকৃততে লেখত লবলগীয়া: গোটেই পৃথিৱীত ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ কাৰ্য্য। এইটো এনে এক কাৰ্য্য, আনকি লোকসকলে শুনক বা নুশুনক আমি ইয়াক নিশ্চয়ে প্ৰচাৰ কৰা আৱশ্যক। তেতিয়াহে আমি পৌলৰ দৰে কব পাৰিম: “মই যে আটাইৰে তেজৰ পৰা শুচি, ইয়াৰ সাক্ষ্য আজি তোমালোকক দিছোঁ; কিয়নো তোমালোকক ঈশ্বৰৰ আটাই আলচ জনাবলৈ পাছ নুহুঁহকিলোঁ।”—পাঁচ. ২০:২৬, ২৭.
৩ যেতিয়া লোকসকলে ৰাজ্যৰ বাৰ্ত্তা শুনে আৰু তাৰ প্ৰত্যুত্তৰ দিয়ে তেতিয়া আমি কিমান যে আনন্দিত হওঁ! উদাহৰণস্বৰূপে এগৰাকী যুৱতীৰ কথা লক্ষ্য কৰক। যেতিয়া তাইৰ পেহীয়েকৰ মৃত্যু হয়, তেতিয়া পেহীয়েক কʼলৈ গʼল—স্বৰ্গত নে নৰকত, এই কথা ভাবি সেই যুৱতী গৰাকীয়ে আচৰিত হৈছিল। যুৱতী গৰাকীয়ে তাইৰ ভনীয়েকে শিকোৱাৰ দৰে সহায়ৰ বাবে যিহোৱাৰ নাম ব্যৱহাৰ কৰি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল। কম সময়ৰ ভিতৰতে তাই বাইবেল অধ্যয়ন আৰম্ভ কৰে আৰু মণ্ডলীৰ সভাবোৰত উপস্থিত হয়। এইদৰে তাই নিজৰ জীৱনত এক নতুন উৎস বিচাৰি পায় আৰু বেয়া লোকসকলৰ সৈতে থকা সম্পৰ্ক ত্যাগ কৰে। এই যুৱতী গৰাকীয়ে ধূম্ৰপান, মাদক দ্ৰব্য সেৱন আৰু চুৰিও কৰিছিল। তাই স্বীকাৰ কৰে: “মাত্ৰ যিহোৱাৰ প্ৰতি থকা প্ৰেমে এনেধৰণৰ বেয়া কাৰ্য্যৰে পৰিপূৰ্ণ থকা জীৱন প্ৰণালীক ত্যাগ কৰি সঠিকৰূপে জীৱন-যাপন কৰিবলৈ সহায় কৰে। মাত্ৰ যিহোৱাৰ দয়াই মোক অনন্ত জীৱনৰ আশা প্ৰদান কৰিছে।” তাই সেই ব্যৰ্থ জীৱন-প্ৰণালীক ত্যাগ কৰে।
৪ যদিও লোকসকলে শুভবাৰ্ত্তা শুনিবলৈ অস্বীকাৰ কৰে, তথাপি আপুনি নিশ্চয়ে এই শুভবাৰ্ত্তাক প্ৰচাৰ কৰা আৱশ্যক। লোকসকলে জানে যে যিহোৱাৰ সাক্ষীসকলে তেওঁলোকক সাক্ষ্যাৎ কৰে। সেইবাবে আপুনি নিষ্ঠা, বিশ্বাস আৰু প্ৰেমত দৃঢ় থকা আৱশ্যক। তেনেহʼলে, প্ৰভুৰ কাৰ্য্যত আপোনাৰ পৰিশ্ৰম ব্যৰ্থ হʼবনে? কেতিয়াও নহয়!