পিতৃ-মাতৃসকলে—নিজ লʼৰা-ছোৱালীৰ ভাল অভ্যাস গঢ়ি তোলাত অৱচেতন কৰে
১ সাধাৰণতে ভাল অভ্যাস অৱচেতন কৰাতো স্বাভাৱিক প্ৰবৃত্তি নহয় অথবা সেই অভ্যাস আকস্মিকতে পাব পৰা নাযায়। যিহেতু সন্তানক ভাল অভ্যাসক আৰ্জন কৰিবলৈ যথেষ্ট সময় লাগে। ইয়াত বৰ্ণনা কৰা “অৱচেতন” শব্দৰ অৰ্থ হৈছে “অলপ অলপকৈ মনত সোমোৱা” বা “এটোপ এটোপকৈ সোমোৱা।” এতেকে পিতৃ-মাতৃসকলক “[যিহোৱাৰ] শিক্ষা আৰু চেতনাত তেওঁবিলাকক [সন্তানক] প্ৰতিপালন” কৰাত একেৰাহে প্ৰচেষ্টা কৰিবলৈ আজ্ঞা দিয়া হৈছে।—ইফি. ৬:৪.
২ শিশুকালৰে পৰাই চেষ্টা কৰক: আমি সকলোৱে জানো যে নিচেই সৰু অৱস্থাতে সন্তানক শিক্ষা দিয়াতো উপযুক্ত সময়। কিয়নো সেই বয়সত তেওঁলোকে নতুন বিষয় বা বস্তুৰ সম্পৰ্কে সহজতে শিকিব পাৰে। উদাহৰণস্বৰূপে কণ-কণ লʼৰা-ছোৱালীয়ে সহজতে দুটা বা তিনিটা নতুন ভাষা শিকিব পাৰে, আনহাতে বয়সস্থলোকৰ বাবে নতুন ভাষা শিকাটো সিমান সহজ নহয়। গতিকে পিতৃ-মাতৃসকলে কেতিয়াও এইটো ভবা উচিত নহয় যে শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁলোকৰ সন্তানৰ বয়স এতিয়াও যথেষ্ঠ কম। যদি পিতৃ-মাতৃসকলে কম বয়সতে সন্তানবোৰক বাইবেলৰ সত্যৰ বিষয়ে শিক্ষা দিয়ে, তেতিয়াহে বয়স বাঢ়ি অহাৰ লগে-লগে তেওঁলোকৰ সম্পূৰ্ণ মন আৰু হৃদয়ত ঈশ্বৰৰ জ্ঞানৰে পৰিপূৰ্ণ হʼব। সেই জ্ঞানে সন্তানক ‘পৰিত্ৰাণৰ অৰ্থে জ্ঞানী’ কৰিব।—২ তীম. ৩:১৫.
৩ প্ৰচাৰ ক্ষেত্ৰত ভাগ লোৱাটো অভ্যাসত পৰিণত কৰক: নিয়মীয়াকৈ প্ৰচাৰ ক্ষেত্ৰত ভাগ লৈ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিবলৈ সৰু বয়সৰে পৰাই অৱচেতন কৰক। বহুতো পিতৃ-মাতৃয়ে নিচেই কম বয়সৰ পৰাই তেওঁলোকৰ সন্তানক ঘৰে-ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত নিজৰ লগত নিয়ে। ইয়াৰ বাবে পিতৃ-মাতৃসকলে নিজেও নিয়মীয়াকৈ প্ৰচাৰ কাৰ্য্যত ভাগ লৈ এক উত্তম আৰ্হি প্ৰস্তুত কৰা উচিত। কিয়নো পিতৃ-মাতৃৰ তেনে আৰ্হিয়ে সন্তানক ভৱিষ্যতে প্ৰচাৰ কাৰ্য্যৰ প্ৰতি প্ৰশংসা বৃদ্ধি কৰি আৰু উৎসাহিত হৈ প্ৰচাৰ কৰাত সহায় কৰিব। পিতৃ-মাতৃসকলে তেওঁলোকৰ সন্তানক বিভিন্ন প্ৰণালীক ব্যৱহাৰ কৰি প্ৰচাৰ কৰিবলৈ শিকোৱা আৱশ্যক।
৪ ইয়াৰ ওপৰিও তেওঁলোকে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলত ভাগ লৈ প্ৰচাৰ কৰিবলৈ অধিক সহায় লাভ কৰিব। কিয়নো এই স্কুলে তেওঁলোকক বিষয়সমূহক সম্পূৰ্ণকৈ বুজি পঢ়িবলৈ আৰু অধ্যয়ন কৰা কাৰ্য্যক অভ্যাসত পৰিণত কৰিবলৈ সহায় কৰিব। তেওঁলোকে এই স্কুলৰ পৰা কেনেকৈ বাইবেলৰ বিষয়সমূহক বৰ্ণনা কৰিব পাৰে, পুনৰ সাক্ষাৎ আৰু বাইবেল অধ্যয়ন পৰিচালিত কৰিব পাৰে, এই বিষয়ে শিক্ষা লাভ কৰিব। এইধৰণৰ শিক্ষাই তেওঁলোকক ভৱিষ্যতে অগ্ৰগামী সেৱা কৰা আৰু বিশেষ অধিকাৰসমূহক গ্ৰহণ কৰাত সহায় কৰিব। উদাহৰণস্বৰূপে বেথেল সেৱা আৰু বিশেষ অগ্ৰগামীৰূপে সেৱা কৰা বহুতো ভাই-ভনীয়ে তেওঁলোকৰ সৰুকালৰ কথা স্মৰণ কৰি কয় যে সৰুকালত লাভ কৰা ব্যৱস্থাসমূহে তেওঁলোকক এক ভাল অভ্যাস গঢ়ি তোলাত সহায় কৰিলে।
৫ যিহেতু, আমি সকলোৱে মহান কুমাৰ যিহোৱাৰ হাতত থকা কোমল মাটিৰ দৰে। (যিচ. ৬৪:৮) সেই মাটি কোমল থাকোঁতেই সহজতে যি কোনো প্ৰকাৰৰ পাত্ৰ তৈয়াৰ কৰিব পাৰ যায়। যদি সেই মাটিক বেছি সময়লৈকে এনেয়ে ৰখা হয়, তেন্তে ই টান হৈ পৰিব আৰু তাৰ পৰা কোনো পাত্ৰ তৈয়াৰ কৰিবলৈ কঠিন হʼব। এতেকে মানুহৰ ক্ষেত্ৰতো সেই একেই। তেওঁলোককো কম বয়সতে অৰ্থাৎ সৰু অৱস্থাতে সহজে শিক্ষা দিব পৰা যায়। গতিকে সৰু কালৰে পৰাই এজনক কেনে শিক্ষা দিয়া হয় তাৰ ওপৰত ভাল আৰু বেয়া এই দুয়োটা কাৰ্য্যই নিৰ্ভৰ কৰে। কিন্তু মৰমীয়াল পিতৃ-মাতৃয়ে নিজৰ সন্তানক খ্ৰীষ্টান প্ৰচাৰ কাৰ্য্যৰ বাবে ভাল অভ্যাস গঢ়ি তুলিবলৈ নিচেই কম বয়সৰে পৰাই অৱচেতন কৰে।