“এই এলেকাত আমি বহু বাৰ প্ৰচাৰ কৰিছোঁ!”
১ আপুনি কেতিয়াবা এইদৰে ভাবিছিল নে যে বহু বাৰ সেই একেই এলেকাত প্ৰচাৰ কৰি কোনো মেৰৰদৰে লোক পোৱা নগʼল? আপুনি হয়তো এইদৰে ভাবিছিল: ‘মই জানো লোকসকলে কেনেধৰণৰ প্ৰতিক্ৰিয়া দেখুৱাব। গতিকে আমাৰ বাৰ্ত্তাৰ প্ৰতি কোনো আগ্ৰহ নেদেখুৱা এলেকাত কিয় বাৰে বাৰে যোৱা প্ৰয়োজন?’ এইটো সঁচা যে এনে বহুতো এলেকা আছে যʼত বাৰে বাৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰা হৈছে। তথাপিও তেনে এলেকাবিলাকৰ প্ৰতি আমি অস্বীকাৰমূলক মনোবৃত্তি ৰখাৰ পৰিৰ্ৱত্তে সঠিক মনোবৃত্তি ৰখা উচিত। কিয় ৰখা উচিত? তলত উল্লেখ কৰা চাৰিটা কাৰণৰ প্ৰতি মনোযোগ দিয়ক।
২ আমাৰ প্ৰাৰ্থনাসমূহৰ উত্তৰ দিয়া হʼল: যীচুৱে কৈছিল: “শস্য সৰহ, কিন্তু বনুৱা তাকৰ; এই হেতুকে নিজৰ শস্য-ক্ষেত্ৰলৈ বনুৱাবিলাকক পঠাই দিবলৈ, শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা।” (লূক ১০:২) যুগ যুগ ধৰি আমি অধিকৈ সহায় লাভ কৰিবলৈ যিহোৱালৈ বহুবাৰ প্ৰাৰ্থনা কৰিলোঁ। ফলস্বৰূপে এনে বহুতো ঠাইত প্ৰচাৰ কাৰ্য্য কৰিবলৈ এতিয়া অতিৰিক্ত প্ৰচাৰকৰ সংখ্যা বৃদ্ধি হৈছে আৰু আমি এলেকাসমূহত বাৰে বাৰে প্ৰচাৰ কৰিছোঁ। গতিকে, ইয়াৰ পৰা এইটো প্ৰমাণিত হোৱা নাইনে যে আমাৰ প্ৰাৰ্থনাসমূহৰ উত্তৰ দিয়া হʼল?
৩ উত্তম ফল উৎপন্ন কৰিবলৈ একেৰাহে চেষ্টা কৰা: আনকি বাৰে বাৰে প্ৰচাৰ কৰা এলেকাবোৰতো বহুতে ৰাজ্যৰ বাৰ্ত্তাক গ্ৰহণ কৰি সত্য জ্ঞান লবলৈ পদক্ষেপ লৈছে। গতিকে, আমি বাৰম্বাৰ গৈ প্ৰচাৰ কৰি নম্ৰলোকসকলক বিচাৰি উলিওৱা উচিত। (যিচ. ৬:৮-১১) এই সন্দৰ্ভত যীচুৰ শিষ্যসকলে যিদৰে মনোবৃত্তি দেখুৱালে, ঠিক তেনেদৰে আপুনিও আপোনাৰ নিযুক্ত এলেকাত ‘একেৰাহে গৈ’ তেওঁলোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিকিবলৈ আগ্ৰহী কৰি তুলক।—মথি ১০:৬, ৭.
৪ পৰ্তুগালত থকা বহুতো মণ্ডলীয়ে তেওঁলোকৰ নিযুক্ত এলেকাবোৰত প্ৰত্যেক সপ্তাহত গৈ প্ৰচাৰ কৰে আৰু আজিও তেওঁলোকে নম্ৰলোকসকলক বিচাৰি পাবলৈ সক্ষম হৈছে। ইয়াৰ বিষয়ে সঠিক মনোবৃত্তি ৰখা এগৰাকী ভনীয়ে এইদৰে কয়: প্ৰত্যেক ৰাতিপূৱা প্ৰচাৰকাৰ্য্যত ভাগ লোৱাৰ আগতে মই যিহোৱালৈ প্ৰাৰ্থনা কৰি সহায় বিচাৰোঁ, অন্ততঃ এনে এজন ব্যক্তিক লগ পাওঁ যিজনে ঈশ্বৰৰ বিষয়ে শিকিবলৈ আগ্ৰহী।” এদিনাখন তাই বিউটি পাৰ্লাৰৰ কৰ্ম্মীসকলৰ সৈতে অধ্যয়ন আৰম্ভ কৰিবলৈ আয়োজন কৰিলে। কিন্তু তেওঁলোকৰ ভিতৰত কেৱল এগৰাকী মহিলাহে অধ্যয়ন কৰিবলৈ পদক্ষেপ লয়। সেই মহিলা গৰাকীয়ে এইদৰে কৈছিল: “আনসকলে ইয়াৰ বিষয়ে শিকিব নিবিচাৰে, কিন্তু মই হʼলে বিচাৰোঁ।” সেই ভনী গৰাকীয়ে নিজেই সেই মহিলা গৰাকীৰ সৈতে মাহত দুবাৰকৈ অধ্যয়ন কৰে। অতি সোনকালে তাই বাপ্তিষ্মা লৈ অগ্ৰগামী সেৱক হিচাপে কাৰ্য্য কৰিবলৈ আগবাঢ়ি আহে!
৫ প্ৰচাৰকাৰ্য্যৰ অভিযান চলি আছে: শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ সম্বন্ধে যীচুৱে যিদৰে ভৱিষ্যতবাণী কৰিছিল, বৰ্তমান সময়তো সেই একেইদৰে কাৰ্য্য চলি আছে। (মথি ২৪:১৪) আনকি এনেবোৰ স্থানতো যʼত লোকসকলে “আমাৰ বাৰ্ত্তাৰ বিষয়ে শুনিবলৈ অনিচ্ছুক,” তেওঁলোকেও আমাৰ প্ৰচাৰ কাৰ্য্য দেখি প্ৰভাৱিত হৈছে। গতিকে আমি আশা কৰিব পাৰোঁ যে লোকসকলে শুভবাৰ্ত্তা শুনিবলৈ অনিচ্ছুক হʼব বা সত্যক বিৰোধ কৰিব। কিন্তু, তেতিয়াও আমি তেনে ব্যক্তিসকলক আহিবলগীয়া ঈশ্বৰৰ ন্যায় দিনৰ বিষয়ে সতৰ্ক কৰা আৱশ্যক।—যিহি. ২:৪, ৫; ৩:৭, ৮, ১৯.
৬ প্ৰচাৰ কাৰ্য্য এতিয়াও বাকী আছে: আমি প্ৰচাৰ কাৰ্য্য কেতিয়া সমাপ্ত কৰা আৱশ্যক, এই বিষয়ে কোনো সিদ্ধান্ত লʼব নোৱাৰোঁ। কিন্তু যিহোৱাই এই কাৰ্য্যৰ সমাপ্তিৰ বিষয়ে জানে। আমাৰ নিযুক্ত প্ৰচাৰ এলেকাত কোনসকল ব্যক্তিয়ে এতিয়াও শুভবাৰ্ত্তাৰ প্ৰতি সঠিক মনোবৃত্তি দেখুৱাব পাৰে, এই বিষয়ে কেৱল তেওঁহে জানে। আজি যদিও কিছুমান লোকে আমাৰ বাৰ্ত্তাক শুনিবলৈ আগ্ৰহী নহয়, কিন্তু তেওঁলোকৰ জীৱনলৈ আকস্মিকভাৱে অহা পৰিৱৰ্ত্তন যেনে, চাকৰি হেৰুৱা, মাৰাত্মক বেমাৰ, প্ৰিয়জনৰ মৃত্যু আদিৰ ফলত পাছলৈ হয়তো আমাৰ বাৰ্ত্তা শুনিবলৈ ইচ্ছুক হʼব পাৰে। তদুপৰি, বহুতে আকৌ ব্যস্ত জীৱন বা নিজ ধৰ্ম্মীয় সংস্কাৰৰ বাবে আমি কোৱা বাৰ্ত্তাৰ প্ৰতি কাণ দিব নোৱাৰে। কিন্তু তেনে লোকসকলক বাৰে বাৰে কৰা বন্ধুত্বপূৰ্ণ সাক্ষাতৰ বাবে তেওঁলোকে পাছলৈ আমি যি কওঁ তাক শুনে।
৭ যিসকলে ডাঙৰ-দীঘল হৈ বিয়া-বাৰু কৰি ঘৰ-সংসাৰ পাতিছে, তেওঁলোকে নিজৰ জীৱনৰ বিষয়ে অতি গভীৰভাৱে চিন্তা কৰিছে আৰু এনেধৰণৰ প্ৰশ্নসমূহ দাঙি ধৰিছে যাৰ উত্তৰ কেৱল বাইবেলেহে দিব পাৰে। এগৰাকী যুবা মাতৃয়ে দুগৰাকী সাক্ষী ভনীক নিজৰ ঘৰলৈ আহিবলৈ আমন্ত্ৰণ কৰি এইদৰে কৈছিল: “মই সৰু থকাৰ সময়ছোৱাত কেতিয়াও এইটো বুজিব নোৱাৰিলোঁ যে যেতিয়া যিহোৱাৰ সাক্ষীসকলে বাইবেলৰ বিষয়ে কবলৈ বিচাৰিছিল মোৰ মায়ে কিয় তেওঁলোকৰ বাৰ্ত্তাৰ প্ৰতি কোনো আগ্ৰহ নাই বুলি যাবলৈ কৈছিল। কিন্তু সেই সময়ত মই মনতে ভাবিছিলোঁ যে ডাঙৰ হৈ বিয়া-বাৰু কৰি যেতিয়া মোৰ নিজা ঘৰ হʼব, তেতিয়া মই যিহোৱাৰ সাক্ষীসকলক বাইবেলৰ বিষয়ে বৰ্ণনা কৰিবলৈ আমন্ত্ৰণ কৰিম।” ঠিক সেইদৰেই তাই কৰিলে আৰু যিসকল ভনীক নিমন্ত্ৰণ কৰা হৈছিল তেওঁলোকেও সেই মহিলা গৰাকীক সাক্ষাৎ কৰি আনন্দিত হৈছিল।
৮ আপুনি এই কাৰ্য্যত অধিক কাৰ্য্যকাৰী হʼব পাৰেনে? আমি বাৰে বাৰে প্ৰচাৰ কৰা এলেকাবোৰত যে সদায়ে লোকসকলে আমাৰ বাৰ্ত্তাৰ প্ৰতি অনিচ্ছুক হʼব, এনে নহয়। ইয়াৰ বিপৰীতে আমি নিজেই তেওঁলোকৰ ওচৰলৈ গৈ প্ৰচাৰ কৰিব নিবিচাৰোঁ। আমি নিৰুদ্ধাত্মক মনোবৃত্তি ৰাখি প্ৰচাৰ কাৰ্য্য আৰম্ভ কৰোঁনে? যদি তেনে কৰোঁ, তেনেহʼলে নিৰুদ্ধাত্মক মনোবৃত্তিয়ে তেওঁলোকৰ প্ৰতি আমাত আমাৰ অশ্বীকাৰমূলক বিচাৰধাৰা, কঠুৱা কন্ঠস্বৰ আৰু আমাৰ মুখৰ চেহেৰা বিকৃত কৰি তুলিব পাৰে। সেইবাবে এক উচিত মনোবৃত্তি ৰাখি আনন্দময় অভিব্যক্তিৰ বিকাশিত কৰা আৱশ্যক। গৃহস্থৰ সৈতে প্ৰত্যেক বাৰে নতুন বিষয় লৈ আগবাঢ়ক। ইয়াৰ ওপৰিও বিভিন্ন প্ৰকাৰৰ বিষয় লৈ শুভবাৰ্ত্তাক উত্তমভাৱে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰক। সম্ভৱতঃ আপুনি গৃহস্থৰ ওচৰত বেলেগ বেলেগ প্ৰশ্ন দাঙি ধৰি আৰম্ভ কৰিব বা আলোচনাৰ সময়ত বেলেগ বেলেগ শাস্ত্ৰীয় পদসমূহ পঢ়ি শুনাব পাৰে। তদুপৰি আন ভাই-ভনীসকলক শুধিব পাৰে যে তেওঁলোকে এনে এলেকাত কাৰ্য্য কৰি কেনেকৈ সফলতা লাভ কৰিছে। বেলেগ বেলেগ প্ৰচাৰক আৰু অগ্ৰগামী ভাই-ভনীৰ সৈতে প্ৰচাৰকাৰ্য্যত ভাগ লৈ তেওঁলোকে কেনেকৈ সফলতা লাভ কৰিছে, এই বিষয়ে লক্ষ্য কৰিব পাৰে।
৯ ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰকাৰ্য্যত যিহোৱাৰ অনুমোদন আৰু আশীৰ্ব্বাদ থাকে, এই প্ৰচাৰ কাৰ্য্যত সম্পূৰ্ণৰূপে ভাগ লোৱাৰ দ্বাৰা আমি যিহোৱা আৰু চুবুৰীয়াৰ প্ৰতি প্ৰেম প্ৰতিফলিত কৰোঁ। (মথি ২২:৩৭-৩৯) সেইবাবে আঁহক আমি এই প্ৰচাৰ কাৰ্য্য শেষ নোহোৱা পৰ্য্যন্ত বাৰে বাৰে আমাৰ নিযুক্ত এলেকালৈ যাবলৈ ক্লান্ত অনুভৱ নকৰোঁহঁক।