ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১০/০১ পৃষ্ঠা ৮
  • উৎসৱৰ সময়ছোৱাত যিহোৱাক সন্মান কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • উৎসৱৰ সময়ছোৱাত যিহোৱাক সন্মান কৰক
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১০/০১ পৃষ্ঠা ৮

উৎসৱৰ সময়ছোৱাত যিহোৱাক সন্মান কৰক

১ আগষ্ট মাহৰ মৌচুমী জলবায়ুৰ পৰা লৈ জানুৱাৰী মাহৰলৈকে ভাৰতত বিভিন্ন প্ৰকাৰৰ উৎসৱ পালন কৰা হয়। যেনে, দীপাৱলী, দশমী, গণেশ পূজা, অনাম আৰু পংগল আদিৰ দৰে আন আন উৎসৱসমূহে বহুতৰে বাবে আনন্দ কঢ়িয়াই আনে। আপুনি এই উৎসৱৰ সময়ছোৱাত নিজৰ অতিৰিক্ত ছুটিৰ বাবে কেনেকৈ পৰিকল্পনা কৰিব পাৰে?

২ অতিৰিক্ত ছুটিত ঈশ্বৰ শাসিত কাৰ্য্য কৰা: এই সময়ছোৱাত বহুতে নিজৰ চাকৰিৰ পৰা ছুটি পায়। এই ছুটিৰ সময়ছোৱাত তেওঁলোকে প্ৰতিবেশীসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে উত্তম হʼব। কিয়নো এই সময়ছোৱাত প্ৰায়ভাগ লোককে ঘৰত পোৱা যায়, তেওঁলোকৰ মন আৰু হৃদয়ো উৎসৱৰ বাবে আনন্দেৰে উৰা-জুৰা হৈ পৰে। সেইবাবে এই সময়ছোৱাত প্ৰচাৰ কাৰ্য্যত সফলতা লাভ কৰিব পাৰি।

৩ এই ছুটি সময়ছোৱাত উত্তমৰূপে প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ কৰিবলৈ মণ্ডলীৰ প্ৰাচীনে বিশেষৰূপে প্ৰচাৰ কৰিবলৈ আগৰে পৰা সাজু থকা আৱশ্যক। পৰিয়ালৰ মুখীয়ালজনে নিজৰ পৰিয়ালৰ সৈতে এই ছুটিৰ সময়ছোৱাত প্ৰচাৰ কাৰ্য্য কৰিবলৈ আগৰে পৰা পৰিকল্পনা কৰা উচিত। সম্ভৱত আপুনি অলপ কষ্ট কৰি সহযোগী অগ্ৰগ্ৰামী সেৱা কৰিব পাৰে। যীচুৱে ক্লান্ত হৈ পৰাৰ সময়ত কোনো উত্তম আহাৰ গ্ৰহণ কৰাৰ নিচিনাকৈ প্ৰচাৰ কৰি সতেজতা অনুভৱ কৰিছিল। (যোহন ৪:⁠৩৪) গতিকে আমি নিশ্চিত যে চুবুৰীয়াক আমাৰ ব্যক্তিগত সময়ত সাক্ষাৎ কৰি সেই একেই অভিজ্ঞতা লাভ কৰিব পাৰিম।

৪ বিবেচনাশীল হৈ নিজৰ বুজ শক্তিক ব্যৱহাৰ কৰক: আনৰ প্ৰতি থকা আমাৰ প্ৰেমে তেওঁলোকৰ পৰিস্থিতিৰ বিষয়ে বুজিবলৈ সহায় কৰিব। সাধাৰণতে এনে সময়ছোৱাত লোকসকলে আতিথিৰ সৈতে ৰং-ধেমালী কৰাত বা তেওঁলোকৰ বাবে উত্তম আহাৰ তৈয়াৰ কৰাত ব্যস্ত হৈ থাকে। গতিকে এই কথা মনত ৰাখি ভাই-ভনীসকলক সংক্ষেপতে তেওঁলোকৰ বিষয়বোৰক প্ৰস্তুত কৰিলে সহায়ক হʼব। আপুনি হয়তো এনে ব্যক্তিসকলকো লগ পাব যিসকলে ঘৰত আৰাম কৰিছে আৰু তেওঁলোকে আধ্যাত্মিক বিষয়ত কথা-বতৰা হʼবলৈ আগ্ৰহী। আপুনি সুবিবেচক হৈ তেনে লোকসকলৰ সৈতে কথা-বতৰা আৰম্ভ কৰিব পাৰে। আপুনি এইদৰে কʼব পাৰে:

▪“আজি ছুটিৰ দিন হোৱাৰ বাবে বহুতে আনন্দিত হোৱা দেখা গৈছে! কিছুমানৰ বাবে আজিৰ দিনটো হৈছে উৎসৱৰ দিন আৰু আন কিছুমানৰ বাবে আজিৰ দিনটো হয়তো চাকৰিৰ পৰা বিৰত থকা সময়। সাধাৰণতে এই দিনবোৰত সকলো পৰিয়ালৰ সদস্যই আৰামেৰে একেলগে কটায়। যদি বছৰটোৰ সকলো কেইটা দিন আজিৰ দিনটোৰ দৰে কোনো চিন্তা নথকা আৰু আনন্দৰ সময় হোৱা হʼলে কিমান যে ভাল আছিল, আপুনি এই বিষয়ে কি ভাৱে? উত্তৰৰ বাবে ক্ষন্তেক ৰওঁক। আপুনি জানেনে যে ধাৰ্ম্মিক লোকৰ বাবে তেনে কৰাটো হৈছে ঈশ্বৰৰ উদ্দেশ্য?” উত্তৰৰ বাবে ক্ষন্তেক অপেক্ষা কৰক। গৃহস্থজনৰ পৰা উত্তৰ পোৱাৰ পাছত আপুনি গীতমালা ৩৭:⁠১১, ২৯ পদটো পঢ়ি এইদৰে কওঁক: “আমি সকলো লোকক এই বিষয়ে বিবেচনা কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ, যেতিয়া এই পৃথিৱীত সকলোৱে প্ৰত্যেক দিনা আনন্দেৰে কটাব পাৰিব।” জ্ঞান কিতাপখনৰ ৪ আৰু ৫ পৃষ্ঠাৰ ছবিখন দেখুৱাক। তেওঁক কওক যে আপুনি তেওঁৰ ওচৰলৈ পুনৰ আহি সেই কিতাপখনৰ ১ অধ্যায়ৰ পৰা পুনৰ আলোচনা কৰিব।

৫ ইয়াত কোনো সন্দেহ নাই যে গৃহস্থই আমাক উৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিব। এই ক্ষেত্ৰতত আমি এটা কথা মনত ৰাখিলে উত্তম হʼব: আমি এই জগতৰ ধৰ্ম্মৰ কোনো উৎসৱ বা তেওঁলোকৰ উৎযাপনত ভাগ নলওঁ অথবা কোনো উৎসৱৰ শুভেচ্ছাৰ ভাব বিনিময় নকৰোঁ। (২ কৰি. ৬:⁠১৪-⁠১৮) তদুপৰি, আমি গৃহস্থক এনে ধৰণৰ কোনো কথা কৈ অনাৱশ্যকীয়ভাৱে অসন্তুষ্টও কৰিব নিবিচাৰোঁ। এনে ক্ষেত্ৰত আমি তেওঁলোকৰ শুভেচ্ছাৰ বিনিময়ত “ধন্যবাদ” বা হাহি মুখে “নমস্কাৰ” বুলি কʼব পাৰোঁ। আমি তেওঁলোকে আমাৰ বাৰ্ত্তা শুনাৰ বাবে ধন্যবাদ কৰি আন প্ৰকাৰে সেই পৰিস্থিতিটোক চম্ভালিব পাৰোঁ। এইদৰে আমি চুবুৰীয়াই কোৱা কোনো ধৰ্ম্মীয় শুভেচ্ছা বা বাক্যৰ বিনিময় কৰাৰ পৰা বিৰত থাকিব পাৰোঁ।

৬ যদি তেওঁলোকে আপোনাক পূজাৰ প্ৰসাদ আগবঢ়াই তেনেহʼলে কি কৰিব? আমি সেই প্ৰসাদ অৰ্থাৎ ‘বলি দিয়া আহাৰক’ মাত্ৰ খাদ্য হিচাপে আৰু ব্যক্তিগত বিবেকৰ বিষয় বুলি দৃষ্টি কৰিমনে? (১ কৰি. ১০:⁠২৮) নিশ্চয়ে নহয়, কিয়নো সাধাৰণতে কোনো আলহী, সাক্ষাৎকাৰীক সেই দিনটোত কৰা পূজাত ভাগ লোৱা লোক হিচাপে প্ৰসাদ আগবঢ়ায়। সেয়েহে যেতিয়া এনে কোনো পৰিস্থিতিৰ সম্মুখীন হওঁ, তেতিয়া আমি বিবেচনাশীল হৈ কৌশলেৰে এইদৰে কোৱা আৱশ্যক: “ধন্যবাদ, কিন্তু মই আপুনি দিয়া প্ৰসাদক গ্ৰহণ কৰিব নোৱাৰোঁ তাৰ বাবে যেন বেয়া নাপায়।” (পাঁচনিৰ কৰ্ম্ম ১৫:​২৮, ২৯) হয়তো সেই সময়ছোৱাত কিছুমান গৃহস্থই আলহীক কোনো মিঠাই বা জলপান দিয়াটো তেওঁলোকৰ অভ্যাস হʼব পাৰে। সেই অভ্যাস পূজাৰ সৈতে কোনো সম্বন্ধ নাথাকে, সেইবাবে নিসন্দেহে সেইবোৰক খাব পাৰে।

৭ সেই সময়ছোৱাত কেৱল যিহোৱাৰ সাক্ষীসকলেহে তেওঁলোকক সাক্ষাৎ কৰে এনে নহয়। এনে কিছুমান সমূহো আছে যিসকলে স্থানীয় কোনো পূজা বা উৎসৱৰ বাবে দান একত্ৰিত কৰিবলৈ আমাৰ ঘৰলৈ আহিব পাৰে। ঠিক একেইদৰে স্কুল বা আমাৰ কাৰ্য্যস্থলতো লোকসকলে আমাৰ পৰা দান বিচাৰিব পাৰে। এনেধৰণৰ আৱেদনসমূহে আমাৰ উপাসনাত প্ৰশ্ন উত্থাপন কৰিব পাৰে। সেয়েহে, এনে পৰিস্থিতিত কি কৰা উচিত সেই সম্পৰ্কে আগতীয়াকৈ সাজু হৈ থকা আৱশ্যক। এনে অৱস্থাত আমাক কৌশলতা অৱলম্বন কৰিলে অধিক উত্তম হʼব। আমি কিছুমান বাছি লোৱা শব্দ ব্যৱহাৰ কৰি লোকসকলক বৰ্ণনা কৰিব পাৰোঁ যে এনেধৰণৰ বিষয়বোৰক বিবেচনা কৰাৰ অৰ্থ হৈছে আমাৰ উপাসনাৰ সৈতে বুজা-বুজি কৰা। তদুপৰি, আমাৰ ঈশ্বৰে, তেওঁৰ লোকসকলে এনেধৰণৰ মিছা উৎসৱ বা উৎযাপনৰ বাবে দান দিয়াটো কেতিয়াও নিবিচাৰে।

৮ যিসকলে এনেধৰণৰ উৎসৱত ভাগ লয়, তেওঁলোকে বিশ্বাস কৰে যে বছৰটোৰ গোটেই কেইটা দিন ভালে কুশলে যাব। এই কাৰণসমূহৰ বাবে তেওঁলোকে নতুন বছৰটোক কিছুমান ভাল বাক্য আৰু কাৰ্য্য কৰাৰ যোগেদি আৰম্ভ কৰে। গতিকে যেতিয়া আমি তেনে সময়ত লোকবিলাকৰ সৈতে কথা পাতো তেতিয়া আমি কিছুমান নেতিবাচক ভাবধাৰা যেনে, “মৃত্যু,” “বেমাৰ” আৰু “ক্লেশ” আদিৰ দৰে শব্দ ব্যৱহাৰ কৰাৰ পৰা আঁতৰি থকা আৱশ্যক। ইয়াৰ পৰিৱৰ্তে আমি “সুস্থ শৰীৰ,” আৰু “নতুন জগতত এক চিৰস্থায়ী শান্তি স্থাপন হোৱা” আদিৰ দৰে বাক্যশাৰী ব্যৱহাৰ কৰিব পৰোঁ। কিয়নো সেই সময়ছোৱাত এনেবোৰ বিষয়ত কথা-বতৰা পাতিবলৈ বহুতে পচন্দ কৰিব।

৯ এতেকে আঁহক আমি এই উৎসৱৰ সময়ছোৱাত অধিকভাৱে যিহোৱাক সন্মান কৰিবলৈ উৎসাহিত হওঁহঁক। গতিকে আমি আমাৰ বিশ্বাসৰ সৈতে কোনো বুজা-বুজি নকৰিবলৈ দৃঢ় নিশ্চয়তা আৰু লোকসকলক আমাৰ বাৰ্ত্তা শুনাবলৈ সতৰ্কতা অৱলম্বন কৰা আৱশ্যক। আঁহক আমি আমাৰ চুবুৰীয়াক এই উৎসৱৰ সময়ছোৱাত তেওঁলোকক যিহোৱাই নতুন পৃথিৱীত প্ৰস্তুত কৰি ৰখা চিৰস্থায়ী আনন্দলৈ পৰিচালিত কৰোঁহঁক।​—⁠জখ. ১৪:⁠১৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক