পিতৃ-মাতৃসকল—নিজৰ লʼৰা-ছোৱালীক শিশু-কালৰে পৰা প্ৰশিক্ষণ দিয়ক
১ “লৰাক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া; তাতে সি বুঢ়া হলেও তাক নেৰিব।” (হিতো. ২২:৬) পিতৃ-মাতৃসকল, যদি আপোনালোকৰ লʼৰা-ছোৱালীয়ে সত্যৰ পথক ‘নেৰাটো’ বিচাৰে, তেনেহʼলে কেতিয়াৰ পৰা তেওঁলোকক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰা আৱশ্যক? একেবাৰে কণমাণি অৱস্থাৰ পৰা!
২ পৌলে যেতিয়া তীমথিয়ক “শিশু-কালৰে” পৰা আধ্যাত্মিক শিক্ষা পোৱা বুলি কৈছিল, স্পষ্টৰূপে ইয়াৰ অৰ্থ আছিল তেওঁ একেবাৰে শিশু অৱস্থাৰে পৰা শিক্ষা লাভ কৰিছিল। (২ তীম. ৩:১৪, ১৫) ফলস্বৰূপে তীমথিয়ই উত্তমৰূপে আধ্যাত্মিকতাত বৃদ্ধি হৈছিল। (ফিলি. ২:১৯-২২) গতিকে পিতৃ-মাতৃসকলেও “শিশু-কালৰে” পৰা নিজৰ লʼৰা-ছোৱালীক প্ৰশিক্ষণ দি ‘যিহোৱাৰ সাক্ষাতে বৃদ্ধি’ কৰা আৱশ্যক।—১ চমূ. ২:২১.
৩ তেওঁলোকে বৃদ্ধি হʼবলৈ সেই পানী দিয়ক: যেনেকৈ গছৰ পুলিক লহ্-পহকৈ বৃদ্ধি হৈ এজোপা বৃহত গছলৈ পৰিণত হʼবলৈ পানীৰ আৱশ্যক। ঠিক তেনেদৰে সকলো বয়সৰ লʼৰা-ছোৱালীক ঈশ্বৰৰ পৰিপক্ক সেৱকলৈ বৃদ্ধি হʼবলৈ বাইবেলৰ সত্যৰ পানীৰ প্ৰয়োজন। লʼৰা-ছোৱালীক মৌলিকৰূপে শিকাবলৈ আৰু যিহোৱাৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি তুলিবলৈ নিয়মীয়াকৈ পৰিয়ালত বাইবেল অধ্যয়ন কৰা আৱশ্যক। কিন্তু পিতৃ-মাতৃসকলে প্ৰত্যেকজন লʼৰা-ছোৱালীক ধ্যান দি তেওঁলোকৰ সৈতে সময় অতিবাহিত কৰা আৱশ্যক। কণমাণি লʼৰা-ছোৱালীক শিকাবলৈ যদি অধ্যয়ন অবাধি অল্পকালীন কৰা হয়, তেনেহলে বয়সীয়া সকলতকৈ অধিক ব্যৱহাৰিক হʼব।—দ্বিতী. ১১:১৮, ১৯.
৪ লʼৰা-ছোৱালীৰ নিহিত গুণৰ প্ৰতি কেতিয়াও হেয়জ্ঞান কৰা আৱশ্যক নহয়। তেওঁলোকক বাইবেলত বৰ্ণনা কৰা চৰিত্ৰসমূহৰ বিষয়ে গল্প কওঁক। তেওঁলোকক বাইবেল ঘটনা স্থলৰ ছবি আঁকিবলৈ বা তাৰ ঘটনাবোৰক অভিনয় কৰিবলৈ দিয়ক। আমাৰ ভিডিঅ, অডিঅ কেছেট আৰু বাইবেল নাটকৰ কেছেটসমূহক উত্তমৰূপে ব্যৱহাৰ কৰক। লʼৰা-ছোৱালীৰ বয়স আৰু শিকাৰ যোগ্যতা অনুসাৰে পৰিয়াল অধ্যয়ন কৰক। প্ৰথম অৱস্থাত অলপমাত্ৰত ক্ষন্তেক সময়ৰ বাবে প্ৰশিক্ষণ দিয়ক; কিন্তু, যেনেকৈ লʼৰা-ছোৱালী বাঢ়ি আহিব, তেওঁলোকৰ প্ৰশিক্ষণ বিস্তাৰশীল আৰু বিকাশমুখী হʼব। বাইবেলৰ উপদেশক প্ৰাণৱন্ত আৰু ভিন্নমুখী কৰক। লʼৰা-ছোৱালীয়ে বাক্যৰ প্ৰতি যদি “হাবিয়াহ” কৰাটো বিচাৰে, তেনেহলে অধ্যয়নক ৰসালজনক কৰি তুলা আৱশ্যক।—১ পিত. ২:২.
৫ মণ্ডলীৰ সৈতে জড়িত কৰক: এনে বিকাশমুখী লক্ষ্য ৰাখক যাতে আপোনাৰ লʼৰা-ছোৱালীয়ে সম্পূৰ্ণভাৱে মণ্ডলীৰ সৈতে লিপ্ত হব পৰে। কোনটো তেওঁলোকৰ প্ৰথম লক্ষ্য হʼব পাৰে? এই বিষয়ে দুটা সৰু লʼৰা-ছোৱালীৰ মাক-দেউতাকে এইদৰে কৈছিল: “প্ৰথমতে তেওঁলোকক ৰাজ্যগৃহত নিঃশব্দে বহিবলৈ প্ৰশিক্ষণ দিয়া হʼল।” পাছলৈ তেওঁলোকক সভাত নিজৰ ভাষাত মন্তব্য দিবলৈ আৰু ঈশ্বৰ শাসিত পৰিচৰ্য্যা স্কুলত নিজৰ নামভুক্ত কৰিবলৈ সহায় কৰা হʼল। তদুপৰি, প্ৰচাৰ কাৰ্য্যত এখন ট্ৰেক্ট বা আলোচনী দিবলৈ, শাস্ত্ৰৰ পৰা এটা পদ পঢ়িবলৈ আৰু গৃহস্থৰ সৈতে অৰ্থপূৰ্ণভাৱে কথোপকথন কৰাৰ লক্ষ্যত উপনীত হʼবলৈ এক উত্তম লক্ষ্য ৰাখিবলৈ সাহায্য আগবঢ়োৱা হʼল।
৬ এক উৎসাজনক আৰ্হিৰ প্ৰবন্ধ কৰক: আপোনাৰ লʼৰা-ছোৱালীয়ে নিতৌ আপোনাক যিহোৱাৰ সৈতে কথোপকথন আৰু প্ৰাৰ্থনা কৰা দেখিছেনে? তদুপৰি, তেওঁলোকে ঈশ্বৰৰ বাক্যক অধ্যয়ন, সভাত উপস্থিত, প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা আৰু আনন্দেৰে তেওঁৰ ইচ্ছা পালন কৰাটো দেখিছেনে? (গীত. ৪০:৮) আপুনি যি কৰে তেওঁলোকেও একেলগে তেনে কৰাটো অতি গুৰুত্বপূৰ্ণ। ছটা লʼৰা-ছোৱালী থকা এগৰাকী বিশ্বাসী যিহোৱাৰ সাক্ষী মাতৃৰ বিষয়ে এজনী বয়সত ডাঙৰ হোৱা জীয়েকে এইদৰে কয়: “মায়ে ৰখা উত্তম আৰ্হিয়ে আমাৰ সকলোকে অতিশয়ৰূপে প্ৰভাৱিত কৰিলে। তেওঁ কথাৰে নহয় কিন্তু কাৰ্য্যৰে এক উত্তম আৰ্হি ৰাখিলে।” চাৰিটা লʼৰা-ছোৱালী থকা পিতৃ-মাতৃয়ে এইদৰে কয়: “‘যিহোৱাক প্ৰথম স্থান দিয়া’ কথাশাৰী আমাৰ বাবে সাধাৰণ উক্তি নহয়, কিন্তু আমি নিজেই সেই অনুসাৰে জীৱন-যাপন কৰোঁ।”
৭ পিতৃ-মাতৃসকল, একেবাৰে কণমাণি অৱস্থাৰে পৰা নিজৰ লʼৰা-ছোৱালীক ঈশ্বৰৰ বাক্যৰ সত্যক শিকাওঁক, বিকাশমুখী লক্ষ্য আৰু তেওঁলোকলৈ উত্তম আৰ্হি ৰাখক। তেনে কৰাৰ দ্বাৰা আপুনি আনন্দ লাভ কৰিব!