এক সন্তুষ্টিদায়ক জীৱন কেনেকৈ লাভ কৰিব পাৰি ব্ৰচাৰখন বিতৰণ কৰিবৰ বাবে দিয়া কিছুমান পৰামৰ্শ
▪ “বৰ্তমান আমি সদায়ে সম্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে মনত ৰাখি আপুনি ভাবেনে যে এক সন্তুষ্টিদায়ক জীৱন নিৰ্বাহ কৰাটো সম্ভৱ? [উত্তৰৰ বাবে অলপ ৰওক।] এই বিষয়ে মথি ৫:৫ পদত [পঢ়ক] এটা ব্যৱহাৰিক পৰামৰ্শ দিয়া হৈছে। আমি কেনেকৈ নম্ৰ মন বিকাশিত আৰু আমাৰ ক্ৰোধ নিয়ন্ত্ৰণ কৰিব পাৰোঁ? এই ব্ৰচাৰখনৰ ৯ পৃষ্ঠাৰ শিৰোনামাটোলৈ লক্ষ্য কৰক।” তাৰ পাছত গৃহস্থক ৮ পৃষ্ঠাৰ ১১ অনুচ্ছেদত মনোযোগ দিবলৈ কওক।
▪ “বৰ্তমান জগতৰ হানিকাৰক পৰিৱেশত লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰাটো বহুতো মাক-দেউতাকৰ বাবে বাস্তৱতে এটা চিন্তাৰ বিষয় বুলি আপুনি মান্তি নহʼবনে? [উত্তৰৰ বাবে অলপ ৰওক।] এনে হানিকাৰক পৰিৱেশৰ পৰা মাক-দেউতাকে নিজৰ লʼৰা-ছোৱালীক নিৰাপত্তা দিবলৈ কি কৰিব পাৰে?” হিতোপদেশ ২২:৬ পদটো পঢ়ক। তাৰ পাছত ব্ৰচাৰখনৰ পৰা ৫ পৃষ্ঠাৰ পৰামৰ্শ আৰু ২ অনুচ্ছেদৰ ওপৰত দিয়া ছবিখনৰ বিষয়ে আলোচনা কৰক।
▪ “বৰ্তমান আমাৰ বহুতে শান্তি আৰু সুখ বিচাৰি সংগ্ৰাম কৰিছে, তথাপিও তাক বিচাৰি পোৱাটো কঠিন হৈ পৰিছে। সেইবোৰ বিচাৰি পোৱাটো কঠিন বুলি আপুনি কিয় ভাবে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই বিষয়ে ইয়োব ১৪:১, ২ পদত মানৱজাতিৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে কি কৈছে তাক লক্ষ্য কৰক। প্ৰকৃত সুখ লাভ কৰিবলৈ কিহে আমাক সহায় কৰিব পাৰে?” ২২ পৃষ্ঠাৰ ২ অনুচ্ছেটো গৃহস্থক লক্ষ্য কৰিবলৈ কওক আৰু সেই পৃষ্ঠাত দিয়া ছবিখনৰ বিষয়ে আলোচনা কৰক।