ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। ছেপ্টেম্বৰ: “তোমাৰ ৰাজ্য হওক” বা এই জীৱনকালেই সকলো নে? অথবা ১৯৮৮ চনত ছপা কৰা ১৯২ পৃষ্ঠাৰ যিকোনো সৰু কিতাপ যিবোৰৰ কাগজ হালধীয়া পৰিছে নতুবা বিবৰ্ণ হৈছে। অক্টোবৰ: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ বিতৰণ কৰক। যʼত লোকসকলে আগ্ৰহকতা দেখুৱাই তেওঁলোকক বিচাৰে ব্ৰচাৰখন দিয়ক আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষ চেষ্টা কৰক। নবেম্বৰ: জ্ঞান কিতাপ আৰু বিচাৰে ব্ৰচাৰখন বিতৰণ কৰক। যিসকল গৃহস্থক এই প্ৰকাশনসমূহ ইতিমধ্যেই দিয়া হৈছে তেওঁলোকক ঈশ্বৰক উপাসনা নামৰ কিতপখন অথবা কোনো পুৰণি প্ৰকাশন আগবঢ়াব পাৰে। ডিচেম্বৰ: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল। বিকল্প বিতৰণৰূপে আপুনি হয়তো বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন বা আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে, নামৰ কিতাপখন গৃহস্থক দিব পাৰে।
▪ প্ৰচাৰকসকলে ব্যক্তিগতভাৱে আলোচনী বিচাৰি পঠোৱা আৱেদন পত্ৰ সংস্থাই গ্ৰহণ নকৰে। মণ্ডলীয়ে সংস্থালৈ মাহেকীয়া আলোচনী নিৱেদন কৰাৰ আগতে প্ৰিজাইডিং ওভাৰচিয়াৰে প্ৰত্যেক মাহত ঘোষণা কৰিবলৈ ব্যৱস্থা কৰা উচিত, যাতে ইচ্ছুক ভাই-ভনীসকলে ব্যক্তিগতভাৱে আলোচনীৰ নিৱেদন সেই ভাইজনক দিব পাৰে যিজনে আলোচনীৰ চোৱা-চিতা কৰে। অনুগ্ৰহ কৰি বিশেষ অনুৰোধৰ আলোচনীবোৰৰ বিষয়ে মনত ৰখা উচিত।
▪ মণ্ডলীত পুনঃসংস্থাপন হʼবলৈ ইচ্ছা কৰা বহিষ্কাৰ বা সমাজচ্যুত ব্যক্তিসকলৰ বাবে প্ৰাচীনসকলক এপ্ৰিল ১৫, ১৯৯১ চনৰ প্ৰহৰীবুৰুজ ২১-৩ পৃষ্ঠাত দিয়া পৰামৰ্শৰ অনুসাৰে কাৰ্য্য কৰিবলৈ সোঁৱৰাই দিয়া হৈছে।
▪ এই সংখ্যাৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰখনত জ্ঞান কিতাপখন কিদৰে লোকসকলক দিব পাৰি এই বিষয়ে প্ৰস্তাৱনা আগবঢ়োৱা হৈছে। সেইবোৰক যিমান পাৰে আপোনাৰ সাক্ষী দিয়া কাৰ্য্যত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক আৰু তাৰ পৰিণামৰ প্ৰতি মনোযোগ দিয়ক।
▪ বাঙ্গালোৰত থকা শাখা কাৰ্য্যালয়ে এতিয়াও তেনে বহুতো লোকৰ পৰা লোনাভালাৰ ঠিকনাত পঠোৱা চিঠি-পত্ৰ পাইছে। বিশেষকৈ তেনে ব্যক্তিসকলৰ পৰা যিসকলে আমাৰ সাহিত্য লৈছিল, কিন্তু পিছলৈ যিহোৱাৰ সাক্ষীসকলে তেওঁলোকক পুনৰ সাক্ষাৎ কৰা নাই। বৰ্তমানে ছপা কৰা সাহিত্য আৰু আলোচনীসমহূৰ বাহিৰে পূৰ্বেই ছপা কৰা বেচিভাগ আলোচনী বা প্ৰকাশনসমূহত এতিয়াও লোনাভালাৰ ঠিকনা দিয়া আছে। ইয়াৰ উপৰিও প্ৰকাশক আৰু মণ্ডলীৰ ষ্টকত এতিয়াও লোনাভালাৰ ঠিকনা উল্লেখ কৰা প্ৰকাশনসমূহ থাকিব পাৰে। যেতিয়ালৈকে সেইবোৰ শেষ হৈ নাযায় অথবা সেইবোৰক পুনৰাই ছপা কৰা নহয়, তেতিয়ালৈকে আমি প্ৰকাশকসকলক অনুৰোধ কৰিছোঁ যে তেওঁলোকে তেনে আলোচনী বা সাহিত্য দিয়াৰ সময়ত পুৰণি ঠিকনা সলনি কৰি বাঙ্গালোৰ শাখা কাৰ্য্যালয়ৰ ঠিকনা যেন লিখে। এনে কৰাৰ দ্বাৰা চিঠি-পত্ৰ লোনাভালালৈ যোৱাৰ পৰিৱৰ্তে বাঙ্গালোৰ শাখা কাৰ্য্যালয়লৈ পোনপটীয়াকৈ আহিব আৰু তেনে আগ্ৰহীলোকৰ সৈতে যোগাযোগা কৰাটো পলম নহʼব।
▪ ২০০৪ চনৰ স্মৰণীয় পৰ্বৰ সময়ছোৱাত দিবলগীয়া ৰাজহুৱা ভাষণ এপ্ৰিল ১৮ তাৰিখে দিয়া হʼব। সেই ৰাজহুৱা ভাষণৰ বিষয়বস্তুৰ বিষয়ে পিছত জনোৱা হʼব। যদি কোনো মণ্ডলীত সেই উক্ত তাৰিখটোত পৰিব্ৰাজক অধ্যক্ষৰ ভ্ৰমণ বা সন্মিলন থাকে, তেনেহʼলে বিশেষ ৰাজহুৱা ভাষণ তাৰ পিছৰ সপ্তাহত দিবলৈ ব্যৱস্থা কৰা আৱশ্যক। কোনো মণ্ডলীয়ে ২০০৪ চনৰ এপ্ৰিল ১৮ তাৰিখৰ পূৰ্বেই এই বিশেষ ৰাজহুৱা ভাষণ দিয়া উচিত নহয়।
▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:
যিহোৱাৰ সাক্ষীসকল আৰু শিক্ষা —হিন্দী
জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব? —বাংলা, মাৰাঠী, হিন্দী
বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে? —কানাড়া, গুজৰাটী, বাংলা, মাৰাঠী, হিন্দী
যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে? —ইংৰাজী
যিহোৱাৰ স্তুতি গীত গোৱা (২৯ টা গীতৰ সৈতে ছপা কৰা হৈছে) —হিন্দী
কুৰুক্ষেত্ৰৰ পৰা আৰমাগিদোনলৈ—আৰু আপোনাৰ উত্তৰজীৱি —গুজৰাটী, কানাড়া, বাংলা, মালায়ালম, তামিল, তেলেগু
মৃত্যুৰ ওপৰত জয়ী হোৱা —নেপালী
আমাৰ জীৱন কিচমতৰ ওপৰত নিৰ্ধাৰিত নে—নাইবা আল্লাই আমাৰ জীৱনৰ হিচাপ লয়নে? (ইছলাম ধৰ্ম্মাৱলী লোকৰ বাবে) (ট্ৰেক্ট নং ৭১) —উৰ্দু