ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০৪ পৃষ্ঠা ৩
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০৪ পৃষ্ঠা ৩

ঘোষণাসমূহ

◼ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। জুলাই আৰু আগষ্ট: ৩২ পৃষ্ঠাৰ যি কোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তি বিশ্বাস কৰা উচিত নে?, সেই ঈশ্বৰীয় নাম চিৰকাললৈ থাকিব, সেই চৰকাৰ যি পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি​—⁠আপুনি ইয়াক কেনেকৈ বিচাৰি পাব? আৰু যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়। ছেপ্টেম্বৰ: এক সন্তুষ্টিদায়ক জীৱন কেনেকৈ লাভ কৰিব পাৰি। যদি এই ব্ৰচাৰখন আপোনাৰ ভাষাত উপলব্ধ নাই তেনেহʼলে বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন বা সৰ্বশ্ৰেষ্ঠ মানৱ নামৰ পুস্তকখন বিতৰণ কৰিব পাৰে।

◼ ছেপ্টেম্বৰ মাহৰ আৰম্ভণীৰ পৰা চাৰ্কিট ওভাৰচিয়াৰসকলে এটা ৰাজহুৱা ভাষণ দিব, যাৰ বিষয় হৈছে “ভৱিষ্যতে কঠিন পৰিস্থিতিসমূহত বিশ্বাস আৰু সাহসেৰে সম্মুখীন হোৱা।”

◼ প্ৰকাশকসকলে অনিযুক্ত এলেকাত কাৰ্য্য কৰাৰ সময়ত বিচাৰে ব্ৰচাৰ বা জ্ঞান কিতাপখন বিতৰণ কৰিব পাৰে। যদি গৃহস্থসকলৰ ওচৰত ইতিমধ্যেই এই দুয়োখন প্ৰকাশন আছে তেনেহʼলে আন প্ৰকাশনসমূহ দিব পাৰে। সকলোৰে ওচৰত ভিন্ন প্ৰকাৰৰ ট্ৰেক্ট থকা আৱশ্যক যাতে ঘৰত লগ নোপোৱা বা প্ৰকাশন গ্ৰহণ নকৰা লোকবিলাকক দিব পাৰে। বিশেষকৈ মণ্ডলীৰ কাষত থকা অনিযুক্ত এলেকাত লগ পোৱা আগ্ৰহী লোকক পুনৰ সাক্ষাৎ কৰিবলৈ ব্যৱস্থা কৰা উচিত।

◼ মণ্ডলীৰ চেক্ৰেটাৰীয়ে যথেষ্ট মাত্ৰাত নিয়মিত অগ্ৰগামী সেৱাৰ আৱেদন পত্ৰ (S-205) আৰু সহযোগী অগ্ৰগামী সেৱাৰ আৱেদন পত্ৰ (S-205b) ৰাখা আৱশ্যক। এই পত্ৰবোৰ সাহিত্য আৱেদন পত্ৰ (S-14) দ্বাৰা নিৱেদন কৰিব পাৰে। অন্ততঃ এক বছৰলৈ উপলব্ধ কৰিব পৰাকৈ পত্ৰসমূহ ৰাখা আৱশ্যক।

◼ নিয়মিত অগ্ৰগামী সেৱাৰ বাবে ভৰ্ত্তি কৰা পত্ৰসমূহ শাখা কাৰ্য্যালয়লৈ পঠোৱাৰ পূৰ্বেই সেইবোৰ সম্পূৰ্ণকৈ ভৰ্ত্তি কৰা হৈছে নে নাই সেই বিষয়ে মণ্ডলীৰ চেক্ৰেটাৰীয়ে পৰীক্ষা কৰা উচিত। যদি আৱেদনকৰ্ত্তাজনৰ নিজৰ বাপ্তিষ্মাৰ সঠিক তাৰিখটোৰ বিষয়ে মনত নাই তেনেহʼলে এটা অনুমানিক তাৰিখ উলিয়াই পত্ৰখনত লিখা আৰু তাক ভৱিষ্যতে ব্যৱহাৰৰ বাবে ভালকৈ লিপিবদ্ধ কৰি ৰাখা আৱশ্যক। চেক্ৰেটাৰীয়ে বাপ্তিষ্মাৰ সেই তাৰিখটো মণ্ডলীৰ প্ৰকাশক ৰেকৰ্ড পত্ৰত টোকি ৰাখা আৱশ্যক।

◼ অন্য দেশলৈ গৈ মণ্ডলীৰ সভা, এখন সন্মিলন বা জিলা অধিৱেশন উপস্থিত হʼবলৈ যেতিয়া আঁচনি বনোৱা হয় তেতিয়া আপুনি তাৰিখ, সময় আৰু ঠিকনাৰ বাবে জানিবলৈ সেই দেশৰ শাখা কাৰ্য্যালয়ক নিৱেদন কৰা উচিত। শাখা কাৰ্য্যালয়ৰ ঠিকনাবোৰ চলিত বছৰৰ বাৰ্ষিক পুস্তকʼৰ শেষৰ পৃষ্ঠাত দিয়া আছে।

◼ শাখা কাৰ্য্যালয়ৰ বাবে সকলো মণ্ডলীৰ প্ৰিজাইডিং ওভাৰচিয়াৰ আৰু চেক্ৰেটাৰীৰ শেহতীয়া ঠিকনা আৰু টেলিফোন নম্বৰৰ সঠিক ৰেকৰ্ড বজাই ৰাখাটো আৱশ্যক। যদি তেওঁলোকৰ ঠিকনা বা টেলিফোন নম্বৰ সলনি হৈছে, তেনেহʼলে মণ্ডলীৰ সেৱা সমিটিয়ে সম্পূৰ্ণকৈ চহী কৰি প্ৰিজাইডিং ওভাৰচিয়াৰ/চেক্ৰেটাৰীৰ ঠিকনা সলনি নামৰ ফৰ্মখন (S-29) কোনো পলম নকৰাকৈ পঠোৱা উচিত। তদুপৰি যদি অঞ্চলটোৰ টেলিফোনৰ কোড্‌ নম্বৰ সলনি হৈছে, তেনেহʼলে সেই বিষয়েও ফৰ্মখনত উল্লেখ কৰা আৱশ্যক।

◼ নতুন প্ৰকাশন উপলব্ধ:

এই জগতখন ৰক্ষা পাব নে? (ট্ৰেক্ট নং. ১৯) ​—⁠উৰিয়া, সিন্ধী

হতাশগ্ৰস্ত লোকলৈ শান্ত্বনা (ট্ৰেক্ট নং. ২০) ​—⁠সিন্ধী

বাস্তৱতে জগতখনত কোনে শাসন কৰিছে? (ট্ৰেক্ট নং. ২২) ​—⁠সিন্ধী

যীচু খ্ৰীষ্ট​—⁠তেওঁ কোন? (ট্ৰেক্ট নং. ২৪) ​—⁠কোংকনী (কানাড়া আখৰত), উৰ্দু

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক