ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/০৫ পৃষ্ঠা ৬
  • লোকসকলৰ সৈতে উপযুক্তভাৱে কথোপকথন কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • লোকসকলৰ সৈতে উপযুক্তভাৱে কথোপকথন কৰক
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • প্ৰচাৰ কাৰ্য্যত প্ৰস্তুত কৰা প্ৰস্তাৱনাবোৰৰ পৰামৰ্শ দিয়া হ’ল
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • “সংক্ষেপতে বিষয়টো কওঁক!”
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/০৫ পৃষ্ঠা ৬

লোকসকলৰ সৈতে উপযুক্তভাৱে কথোপকথন কৰক

লোকসকলৰ প্ৰতি থকা আমাৰ আন্তৰিকতাই আমাক তেওঁলোকৰ আৱশ্যকতাসমূহক বিবেচনা আৰু কেনেকৈ ঈশ্বৰৰ ৰাজ্যই সম্মুখীন হোৱা সমস্যাবোৰৰ সম্পূৰ্ণ সমাধান কৰিব সেই বিষয়ে কʼবলৈ চেষ্টা কৰাত প্ৰেৰিত কৰে। (ফিলি. ২:⁠৪) গতিকে লোকসকলৰ পৰিস্থিতিৰ বুজ লৈ বহুতো প্ৰকাশকে আমাৰ বাইবেল আধাৰিত প্ৰকাশনবোৰত দৃষ্টান্তৰূপে দিয়া পৰমদেশৰ ছবিবোৰ তেওঁলোকৰ সম্মুখত দাঙি ধৰি সেই সম্পৰ্কে মন্তব্য দিবলৈ কাৰ্য্যকাৰীৰূপে আমন্ত্ৰণ কৰিব পাৰিছে। প্ৰকাশকসকলে লোকসকলৰ সৈতে আৰম্ভ কৰা কথোপকথনৰ কিছুমান আৰ্হি এই পৃষ্ঠাৰ সোঁফালে দিয়া শাৰীত দিয়া হৈছে। আপুনিও হয়তো সেইবোৰক ব্যৱহাৰ কৰিব বিচাৰিব:

◼ “ছবিখনত দেখুৱা মানৱ পৰিয়ালৰ দৰে ভৱিষ্যতে আমি তেনে এক পৰিস্থিতিৰ আনন্দ লাভ কৰিব পাৰিম বুলি আপুনি ভাবেনে?”

◼ “ইয়াত কোনো সন্দেহ নাই যে আমাৰ সকলোৱে এই ছবিখনত দেখুৱা পৰিৱেশৰ দৰে পৰিস্থিতিত আমাৰ লʼৰা-ছোৱালীয়ে সুখী হোৱাটো বিচাৰোঁ। এনে পৰিস্থিতিৰ পৰা লাভৱান হʼবলৈ আপুনি কি কৰা আৱশ্যক বুলি ভাৱে?”

◼ “যেতিয়া ঈশ্বৰৰ ইচ্ছা যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীত পূৰ্ণ হব তেতিয়া কেনে পৰিস্থিতিত থাকিব পাৰিম, সেই বিষয়ে এই দৃষ্টান্তমূলক ছবিখনৰ জৰিয়তে এটা আভাস দিয়া হৈছে। ছবিখনত এনে কোনো এটা বিষয় লক্ষ্য কৰিব পাৰিছেনে যিটো আজিৰ সময়তকৈ একেবাৰে ভিন্ন?”

◼ “এই ছবিখনত দেখুৱাৰ দৰে পৰিস্থিতিত আপুনি জীৱন-যাপন কৰিব বিচাৰেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] আপুনি ভাবেনে যে এনে পৰিস্থিতিৰ প্ৰতি থকা আশা আমাৰ সময়ত বাস্তৱতে পূৰ্ণ হʼব?”

ব্যক্তিজনে কিদৰে উত্তৰ দিয়ে সেই বিষয়ে মনোযোগেৰে শুনক আৰু নম্ৰতাৰে ব্যক্তিজনৰ হৃদয়ত কি আছে, সেই বিষয়ে জানিবলৈ অতিৰিক্ত এটা বা দুটা প্ৰশ্ন সোধক। কিছুমান ক্ষেত্ৰত ব্যক্তিজনে হয়তো কʼব পাৰে যে তেওঁ ছবিখনত দেখুৱা পৰিস্থিতিত বাস কৰিব নিবিচাৰে বা তেনে পৰিস্থিতি বাস্তৱতে সম্ভৱ বুলি বিশ্বাস নকৰিব পাৰে। তেনে অৱস্থাত আপুনি তৎক্ষণাত এইটো সিদ্ধান্ত নলʼব যে ব্যক্তিজনে আগ্ৰহী নহয়। সতৰ্কতাৰে জানিবলৈ চেষ্টা কৰক যে তেওঁ কিয় তেনেদৰে ভাবিছে। তেওঁলোকে দিয়া মন্তব্যত হয়তো মানৱজাতিয়ে সম্মুখীন হৈ থকা অমীমাংসাহীন সমস্যাবোৰৰ প্ৰতি থকা গম্ভীৰ বেজাৰ প্ৰকাশ পাব পাৰে।​—⁠যিহি. ৯:⁠৪.

গৃহস্থৰ বিবেচনাৰ বিষয়ে জনাৰ পিছত সেই অনুসাৰে আপুনি কথোপকথন আৰম্ভ কৰক। ব্যক্তিজনৰ আৱশ্যকতাৰ বিষয়ে মনত ৰাখি ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাৰ তেনে দিশবোৰক পোনপটীয়াকৈ উল্লেখ কৰক যি ব্যক্তিজনক বিবেচনা কৰাত সহায় কৰিব পাৰে। ব্যক্তিজনে বিবেচনা কৰা বিষয়টোৰ সৈতে সম্পৰ্ক থকা এটা বা দুটা শাস্ত্ৰীয় পদ দাঙি ধৰক। (সোঁহাতে দিয়া শাৰীত পৰামৰ্শটো চাওক।) ঈশ্বৰৰ বাক্যৰ পৰা ব্যক্তিজনক নিজেই চাই পঢ়িবলৈ কওক। যদি তেওঁ অধিক জানিবলৈ ইচ্ছুক, তেন্তে সেই প্ৰকাশনখন গৃহস্থক দি পুনৰ সাক্ষাতৰ বাবে আয়োজন কৰক আৰু আগন্তুক কথোপকথনৰ বাবে তেওঁৰ আগ্ৰহকতা জগাই তুলক।

[Box on page 6]

পৰমদেশৰ ছবিৰ দৃষ্টান্তবোৰ

সৃষ্টি কিতাপৰ: ২৩৭, ২৪৩, ২৫১ পৃষ্ঠা

শিক্ষক কিতাপৰ: ২৫১-২৫৪ পৃষ্ঠা

জ্ঞান কিতাপৰ: ৪-৫, ১৮৮-১৮৯ পৃষ্ঠা

বিচাৰে ব্ৰচাৰৰ: ১১, ১৩ পৃষ্ঠা

প্ৰকৃত শান্তি কিতাপৰ: ৯৮ পৃষ্ঠা

ঈশ্বৰক উপাসনা কিতাপৰ: ৯২-৯৩ পৃষ্ঠা

[Box on page 6]

বৰ্তমান সময়ত লোকসকলে বিবেচনা কৰা বিষয়বোৰ

ভ্ৰষ্টাচাৰ, অন্যায়

যিচয়া ৯:⁠৬, ৭;

২ পিতৰ ৩:⁠১৩

অপৰাধ, হিংসা

গীত ৩৭:⁠১০, ১১;

হিতোপদেশ ২:⁠২১, ২২

মৃত্যু, বেদনা

যিচয়া ২৫:⁠৮;

প্ৰকাশিত বাক্য ২১:⁠৩, ৪

মানসিক অৱসাদ

গীত ৩৪:⁠৮;

যিচয়া ৬৫:⁠১৭-⁠১৯

দুৰ্ভিক্ষ, অপুষ্টিকৰ

গীত ৭২:⁠১৬;

যিচয়া ২৫:⁠৬

বাসস্থান, আৰ্থিক সমস্যা

যিচয়া ৬৫:⁠২১, ২২

অসমৰ্থ চৰকাৰ

গীত ১৪৬:⁠৩, ৪;

দানিয়েল ২:⁠৪৪

জীৱ-জন্তুৰ সৈতে দুৰ্ব্যৱহাৰ

হিতোপদেশ ১২:⁠১০

নৈতিকতাৰ অধঃপতন

২ তীমথিয় ৩:⁠১-​৫

দৰিদ্ৰতা, অত্যাচাৰ

গীত ৭২:⁠১২-​১৪;

উপদেশক ৮:⁠৯

পক্ষপাত, সামাজিক বৈষম্য

যিচয়া ১১:⁠৩-​৫;

পাঁচনিৰ কৰ্ম্ম ১০:⁠৩৪, ৩৫

পৃথিৱীখনক জৰা-জীৰ্ন অৱস্থালৈ পৰিণত কৰা

প্ৰকাশিত বাক্য ১১:⁠১৮

বেমাৰ, শাৰীৰিক বা মানসিক অক্ষমতা

যিচয়া ৩৩:⁠২৪; ৩৫:⁠৫, ৬

যুদ্ধ, সন্ত্ৰাসবাদ

গীত ৪৬:⁠৮, ৯;

মীখা ৪:⁠৩, ৪

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক