প্ৰগতিশীল বাইবেল অধ্যয়ন পৰিচালিত কৰা
ভাগ ৭: অধ্যয়ন আৰম্ভ বা সমাপ্তি কৰাৰ সময়ত প্ৰাৰ্থনা কৰক
১ বাইবেল বিদ্যাৰ্থীসকলে আধ্যাত্মিকতাত উন্নতি কৰিবলৈ যিহোৱা ঈশ্বৰৰ আশীৰ্ব্বাদৰ আৱশ্যক। (১ কৰি. ৩:৬) গতিকে অধ্যয়নৰ আৰম্ভ আৰু সমাপ্তিত প্ৰাৰ্থনা কৰাটো অতি আৱশ্যক। ধৰ্ম্মীয়ভাৱে প্ৰৱণতা থকা ব্যক্তিসকলৰ সৈতে অধ্যয়ন আৰম্ভ কৰাৰ সময়ৰে পৰা আমি প্ৰাৰ্থনা কৰা উচিত। কিন্তু আনসকলৰ সৈতে আমি বিবেচক হৈ উপযুক্ত সময়ত প্ৰাৰ্থনাৰ আৰম্ভণী কৰা উচিত। আপুনি হয়তো গীত ২৫:৪, ৫; ১ যোহন ৫:১৪ পদবোৰ বিদ্যাৰ্থীজনক দেখুৱাই প্ৰাৰ্থনা কৰাৰ গম্ভীৰতা আৰু যোহন ১৫:১৬ পদৰ পৰা যীচু খ্ৰীষ্টৰ নামৰ দ্বাৰা প্ৰাৰ্থনা কৰা গুৰুত্বতাৰ বিষয়ে বুজাত সহায় কৰিব পাৰে।
২ বাইবেল অধ্যয়নত কোনে প্ৰাৰ্থনা কৰা উচিত? যদি এজন বাপ্তিষ্মা লোৱা ভায়ে এগৰাকী ভনীৰ সৈতে অধ্যয়নৰ বাবে গৈছে, যদিও ভনীগৰাকীয়ে মূৰত ওৰণি লৈ অধ্যয়ন পৰিচালনা কৰিব, তথাপিও ভাইজনে প্ৰাৰ্থনা কৰা উচিত। (১ কৰি. ১১:৫, ১০) আনহাতে যদি বাপ্তিষ্মা নোলোৱা এজন ভায়ে ভনীগৰাকীৰ সৈতে গৈছে, তেন্তে ভনীগৰাকীয়ে প্ৰাৰ্থনা কৰা উচিত। এনে অৱস্থাত ভনীগৰাকীয়ে মূৰত ওৰণি লৈ প্ৰাৰ্থনা আৰু অধ্যয়ন পৰিচালনা কৰিব।
৩ প্ৰাৰ্থনাত কি অন্তৰ্ভূক্ত কৰিব পাৰি: বাইবেল অধ্যয়নত কৰা প্ৰাৰ্থনা অতি দীঘলীয়া হোৱাৰ পৰিৱৰ্তে নিৰ্দিষ্ট হোৱা উচিত। অধ্যয়নত ঈশ্বৰৰ আশীৰ্ব্বাদ বিচাৰাৰ উপৰিও আমি শিকা সত্যতাৰ বাবে ধন্যবাদ জনোৱা আৱশ্যক। তদুপৰি সত্য শিক্ষাৰ উৎস হোৱাৰ বাবে যিহোৱাক মহিমা কৰা উচিত। (যিচ. ৫৪:১৩) ইয়াৰ উপৰিও আমি বিদ্যাৰ্থীজনৰ প্ৰতি আন্তৰিক আগ্ৰহকতা আৰু সেই শিক্ষা দিবলৈ যিহোৱাই তেওঁৰ সংগঠনক ব্যৱহাৰ কৰাৰ বাবে মূল্যাঙ্কন কৰা উচিত। (১ থিচ. ১:২, ৩; ২:৭, ৮) বিদ্যাৰ্থীজনে কৰা প্ৰচেষ্টাৰ ওপৰত আশীৰ্ব্বাদ বিচাৰি যিহোৱাক নিৱেদন কৰাৰ বাবে বিদ্যাৰ্থীজনে শিকিবলৈ সহায় পাব আৰু “বাক্য পালন কৰোঁতা” হোৱাৰ গুৰুত্বতাক লক্ষ্য কৰিব পাৰিব।—যাকো. ১:২২.
৪ বহুতে বাইবেল অধ্যয়নৰ সময়ত কৰা প্ৰাৰ্থনাৰ পৰা লাভৱান হৈছে। ইয়ে যিহোৱাৰ আশীৰ্ব্বাদ কঢ়িয়াই আনে। (লূক ১১:১৩) প্ৰাৰ্থনাই ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰা গুৰুত্বতাক উল্লেখ কৰে। বিদ্যাৰ্থীসকলে আমাৰ প্ৰাৰ্থনা শুনি কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, সেই বিষয়ে শিকিব পাৰিব। (লূক ৬:৪০) তদুপৰি আন্তৰিকতাৰে কৰা প্ৰাৰ্থনাই বিদ্যাৰ্থীজনক ঈশ্বৰৰ প্ৰতি প্ৰেম আৰু তেওঁৰ অমূল্য গুণবোৰৰ প্ৰতি কৃতজ্ঞতা আৰু তেওঁৰ সৈতে ব্যক্তিগত সম্বন্ধ স্থাপন কৰিবলৈ সহায় কৰিব।
[Study Questions]
১. (ক) বাইবেল অধ্যয়ন আৰম্ভ আৰু সমাপ্তি কৰোঁতে কিয় প্ৰাৰ্থনা কৰা আৱশ্যক? (খ) বিদ্যাৰ্থীৰ সৈতে পৰিচালিত কৰা বাইবেল অধ্যয়নত কেনেকৈ প্ৰাৰ্থনাৰ আৰম্ভণ কৰিব পাৰি?
২. যদি এগৰাকী ভনীয়ে বাপ্তিষ্মা লোৱা ভাই বা বাপ্তিষ্মা নোলোৱা ভাইৰ সৈতে বাইবেল অধ্যয়ন পৰিচালনা কৰিব গৈছে, তেন্তে কোনে প্ৰাৰ্থনা কৰা উচিত?
৩. বাইবেল অধ্যয়নৰ সময়ত কৰা প্ৰাৰ্থনাত কেনেবোৰ উপযুক্ত বিষয়ক অন্তৰ্ভূক্ত কৰিব পাৰি?
৪. অধ্যয়ন আৰম্ভ আৰু সমাপ্তিৰ সময়ত কৰা প্ৰাৰ্থনাই কেনে লাভসমূহ কঢ়িয়াই আনিব পাৰে?