ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ
তলত দিয়া প্ৰশ্নসমূহ ২০০৫ চনৰ ডিচেম্বৰ মাহৰ ২৬ তাৰিখে আৰম্ভ হʼবলগীয়া ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত মৌখিকভাৱে আলোচনা কৰা হʼব। স্কুল অধ্যক্ষজনে এই পুনৰ নিৰীক্ষণটো ৩০ মিনিটত সমাপ্তি কৰিব। ইয়াত দিয়া প্ৰশ্নসমূহ ২০০৫ চনৰ নবেম্বৰ ৭ তাৰিখৰ পৰা ডিচেম্বৰ ২৬ তাৰিখৰ নিযুক্তিসমূহৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। [টোকা: যি প্ৰশ্নসমূহৰ পিছত কোনো উদ্ধৃতি দিয়া নাই, সেইবোৰ বিষয়ত আপুনি নিজেই অনুসন্ধান কৰি উত্তৰ দিয়া আৱশ্যক।—পৰিচৰ্য্যা স্কুল, কিতাপৰ ৩৬-৩৭ পৃ. চাওক।]
বক্তৃতাৰ বৈশিষ্ট্য
১. আমি আমাৰ পৰামৰ্শ “প্ৰেমৰ কাৰণে” দিয়াত নিশ্চিত কৰিবলৈ কি কৰিব পাৰোঁ? (ফিলী. ৯) [be ২৬৬ পৃ.]
২. কিদৰে আমি “নিৰাময় শিক্ষাত আশ্বাস” দিব পাৰোঁ? (তীত ১:৮) [be ২৬৭ পৃ. ১-২ অনু.]
৩. আমি কিয় উৎসাহজনক ভাষণ দিয়া আৱশ্যক আৰু আমি ইয়াক কেনেকৈ কৰিব পাৰোঁ? [be ২৬৮ পৃ. ১-৩ অনু. বক্স]
৪. মোচিৰ আৰ্হিক অনুকৰণ কৰি আমি আনক সহায় কৰাৰ দ্বাৰা যিহোৱাই তেওঁৰ লোকসকলক সাহসী কৰি তুলিবলৈ যি কৰিলে, সেই বিষয়ে কি সোঁৱৰিব পাৰি? (দ্বিতী. ৩:২৮; ৩১:১-৮) [be ২৬৮ পৃ. ৫ অনু.–২৬৯ পৃ. ২ অনু.]
৫. বৰ্তমান আৰু ভৱিষ্যতৰ বাবে যিহোৱাই যি কৰিছে, সেই বিষয়ে কৈ শ্ৰোতাসকলক উৎসাহিত কৰি তুলিবলৈ আমি কিয় আনন্দিত হোৱা উচিত? [be ২৭০-২৭১ পৃ.]
ভাষণ নং ১
৬. আমি বাইবেলৰ পৰা যি পঢ়িছোঁ সেইবোৰক কেনে চাৰিটা দৃষ্টিভঙ্গীৰে বিশ্লেষণ কৰি লাভৱান হʼব পাৰোঁ? [wt ২৮, ৩০ পৃ.]
৭. বাইবেলৰ ভৱিষ্যতবাণীসমূহে কিমান বিস্তাৰিতভাৱে যীচুৰ বিষয়ে নিৰ্দ্দেশিত কৰিছে? [wt ৩২, ৩৩ পৃ. ২ অনু.]
৮. আমি যদি বাস্তৱতে যীচুৰ বলিদানৰ ওপৰত বিশ্বাস কৰোঁ, তেন্তে কি কৰা উচিত? [wt ৩৯, ৪০ পৃ. ১৪ অনু.]
৯. প্ৰকৃত খ্ৰীষ্টান ধৰ্ম্মই আমাক কেনে স্বাধীনতা প্ৰদান কৰে? [wt ৪৪, ৪৫ পৃ. ৮ অনু.]
১০. আমি অসিদ্ধ হোৱাৰ বাবে যিহোৱাৰ প্ৰতি আনুগত্য বজাই ৰাখাটো কেনেকৈ সম্ভৱ? [wt ৫৬, ৫৭ পৃ. ১৪ অনু.]
সপ্তাহিক বাইবেল পাঠ
১১. দায়ূদক মন্দিৰ নিৰ্মাণ কৰিবলৈ অনুমতি দিয়া কাৰ্য্যই এইটো নিৰ্দ্দেশিত কৰেনে, যে দায়ূদে কৰা যুদ্ধবোৰৰ বাবে যিহোৱাৰ অনুমোদন নাছিল? (১ বং. ২২:৬-১০)
১২. মন্দিৰৰ সমৰ্পণৰ সময়ত কৰা প্ৰাৰ্থনাৰ দ্বাৰা চলোমনে কেনেকৈ জানিব পাৰিলে যে যিহোৱা ঈশ্বৰে সমূহীয়াকৈ কেৱল তেওঁৰ উপাসকসকলৰ আৱশ্যকতাৰ প্ৰতি মনোযোগ নিদিয়ে, কিন্তু তেওঁলৈ ভয় ৰাখোঁতা সকলৰ বিশেষ কোনো অৱস্থাৰ প্ৰতি ব্যক্তিগতৰূপে অৱগত? (২ বং. ৬:২৯, ৩০)
১৩. দ্বিতীয় বংশাৱলি ১১:১৫ পদত উল্লেখ কৰা “নোমাল জন্তুবোৰ” কি?
১৪. যিহেতু “আচা ৰজাৰ ৰাজত্বৰ তৃতীয় বছৰত” বাচা ৰজাৰ শাসন আৰম্ভ হয় আৰু সেই ৰাজত্ব কাল ২৪ বছৰলৈ আছিল। তেনেহʼলে আমি কেনেকৈ মানি লʼব পাৰোঁ যে, “আচাৰ ৰাজত্বৰ ছয়ত্ৰিশ বছৰ” সময়ত “যিহূদাৰ বিৰুদ্ধে” বাচা ৰজাই যুদ্ধ কৰিবলৈ আহিছিল? (১ ৰাজা. ১৫:৩৩; ২ বং. ১৬:১)
১৫. চয়তানৰ জগতলৈ যি ঘটিব, সেই বিষয়ে ২ বংশাৱলি ২০:২২, ২৩ পদত কেনেদৰে জীৱন্তভাৱে দাঙি ধৰিছে?