খ্ৰীষ্টান হিচাপে জীৱন-যাপন
চিঠিৰ আৰ্হি
নিজৰ ঠিকনা দিয়ক। যদি আপুনি অনুভৱ কৰে যে নিজৰ ঠিকনা দিয়াটো উচিত নহয়, তেনেহʼলে আপুনি ৰাজ্যগৃহৰ ঠিকনা দিব পাৰে। কিন্তু এনে কৰিবলৈ প্ৰাচীনসকলৰ অনুমতি লোৱা উচিত। আপুনি কেতিয়াও শাখা কাৰ্য্যালয়ৰ ঠিকনা দিয়া উচিত নহয়।
যদি আপুনি ব্যক্তিজনৰ নাম জানে, তেনেহʼলে তাক উল্লেখ কৰক। ইয়াৰ বাবে তেওঁ কোনো ব্যৱসায়ৰ বিজ্ঞাপন বুলি ভবাৰপৰা আঁতৰি থাকিব।
বানান, ব্যাকৰণ আৰু যতি চিনবোৰৰ ওপৰত ধ্যান দিয়ক। চিঠিখন পৰিষ্কাৰ হোৱা উচিত। যদি হাতে লিখা হয়, তেনেহʼলে ই সহজে পঢ়িব পৰা হোৱা উচিত। চিঠিৰ ভাষা একেবাৰে আনুষ্ঠানিক বা একেবাৰে সাধাৰণ হোৱা উচিত নহয়।
এই কথাবোৰ মনত ৰাখি এখন চিঠিৰ বাবে আৰ্হি তুলি ধৰা হৈছে। আপুনি চিঠি লিখাৰ সময়ত এই কথাবোৰ আখৰে আখৰে লিখাৰ প্ৰয়োজন নাই। আপুনি পৰিস্থিতি আৰু পৰম্পৰাৰ কথা মনত ৰাখিব পাৰে আৰু যি উদ্দেশ্যেৰে লিখিছে, সেই অনুসৰি আপুনি আপোনাৰ চিঠিখন সাল-সলনি কৰিব পাৰে।