ফেব্ৰুৱাৰী ১৭-২৩
আদিপুস্তক ১৮-১৯
গীত ১ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“‘সমুদায় পৃথিবীৰ বিচাৰকৰ্ত্তা জনাই’ চদোম আৰু ঘমোৰা নগৰ ধ্বংস কৰিলে”: (১০ মি.)
আদি ১৮:২৩-২৫—অব্ৰাহামৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱাই সদায় ধাৰ্মিকতাৰে ন্যায় কৰিব (w১৭.০৪-HI ১৮ ¶১)
আদি ১৮:৩২—যিহোৱাই অব্ৰাহামক আশ্বাস দিছিল যে দহজন ধাৰ্মিক ব্যক্তি থাকিলেও তেওঁ চদোম নগৰখন ধ্বংস নকৰিব (w১৮.০৮-HI ৩০ ¶৪)
আদি ১৯:২৪, ২৫—যিহোৱাই চদোম আৰু ঘমোৰাক ধ্বংস কৰিছিল, কিয়নো তাত থকা লোকসকল দুষ্ট আছিল (w১০-HI ১১/১৫ ২৬ ¶১২)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
আদি ১৮:১, ২২—যিহোৱাই কেনেকৈ “অব্ৰাহামক দৰ্শন” দিছিল আৰু তেওঁৰ “সন্মুখত থিয় হৈ” আছিল? (w৮৮-E ৫/১৫ ২৩ ¶৪-৫)
আদি ১৯:২৬—লোটৰ পত্নী কিয় “লোণৰ স্তম্ভ” হৈ পৰিল? (w১৯.০৬-HI ২০ ¶৩)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) আদি ১৮:১-১৯ (শিক্ষা অধ্যায় ১২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: প্ৰচাৰকজনে শাস্ত্ৰপদটো কেনেকৈ ভালদৰে পৰিচয় দিছে? তেওঁ শাস্ত্ৰপদৰ শিক্ষাটো কেনেকৈ স্পষ্ট কৰিছে?
প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৬)
প্ৰথম পুনৰ সাক্ষাৎ: (৫ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত বাইবেলে শিকায় কিতাপখন দিয়ক আৰু ৯০-৯১ পৃষ্ঠাত দিয়া ছবিখনৰ ওপৰত আলোচনা কৰক। (শিক্ষা অধ্যায় ৯)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক কিতাপখনৰপৰা আপুনি উপকৃত হৈছে নে?”: (১৫ মি.) আলোচনা। জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব (১যোহ ২:১৫) নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৭ ¶১-৮
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ৪২ আৰু প্ৰাৰ্থনা