খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ভৱিষ্যতৰ মুক্তি—ঈশ্বৰ আৰু খ্ৰীষ্টৰ যোগেদি
আপুনি প্ৰতিদিনে জীৱনত সংঘৰ্ষ কৰিব লগীয়া হয়নে? আপুনি একেলগে বহুতো দায়িত্ব পূৰ কৰি থকা এজন পিতৃনে? আপুনি অকলে পৰিয়ালৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিবলৈ কঠিন পৰিশ্ৰম কৰিব লগীয়া হয়নে? স্কুলত আপোনাক লʼৰা-ছোৱালীয়ে আমনি বা গুণ্ডাগিৰি কৰেনে? আপুনি অসুস্থ অথবা বয়সস্থ হোৱাৰ বাবে কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি? জীৱনত সকলোৱে সমস্যাৰ সন্মুখীন হয়। কিন্তু আমি জানো যে অতি সোনকালে আমি এই সকলো সমস্যাৰপৰা মুক্ত হʼম।—২কৰি ৪:১৬-১৮.
বৰ্তমান সময়ত জীৱন অতিবাহিত কৰা সহজ নহয়, কিন্তু যিহোৱাই আমাৰ পৰিস্থিতি ভালদৰে বুজি পায়, সেইবাবে আমি শান্ত্বনা লাভ কৰোঁ। তেওঁ আমাৰ ধৈৰ্য্য আৰু বিশ্বাসৰ গুণ লক্ষ্য কৰে আৰু ভৱিষ্যতে আমাক আশীৰ্বাদ দিব। (যিৰি ২৯:১১, ১২) যীচুৱেও আমাৰ দুখ-কষ্ট বুজি পায়। এই হেতুকে তেওঁ প্ৰতিজ্ঞা কৰিছে যে ‘মই তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।’ (মথি ২৮:২০) সেইবাবে আমি ভৰসা কৰিব পাৰোঁ যে নিজৰ দায়িত্ব পূৰ কৰিবলৈ, তেওঁ আমাক সহায় কৰিব। ঈশ্বৰৰ ৰাজ্যত আমি পাব লগীয়া উদ্ধাৰৰ বিষয়ে ধ্যান কৰিলে, আশাৰ ওপৰত আমাৰ বিশ্বাস দৃঢ় হʼব। লগতে, সমস্যাবোৰ সন্মুখীন হʼবলৈ সাহস পাম।—ৰোম ৮:১৯-২১.
যেতিয়া ধুমুহাৰ দৰে সমস্যা আহে, তেতিয়া নিজৰ ধ্যান যীচুৰ ওপৰত বজাই ৰাখক!—ভৱিষ্যতে ৰাজ্যৰপৰা লাভ কৰিব লগীয়া আশীৰ্বাদ নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
মানৱজাতিয়ে ঈশ্বৰৰপৰা কেনেকৈ আঁতৰি গʼল আৰু ইয়াৰ পৰিণাম কি হʼল?
যিসকলে যিহোৱাৰ আজ্ঞা পালন কৰে, তেওঁলোকে ভৱিষ্যতে কি লাভ কৰিব?
আমি কাৰ যোগেদি সেই ভৱিষ্যত লাভ কৰিম?
আপুনি নতুন পৃথিৱীত কি আশীৰ্বাদ লাভ কৰিবলৈ উচ্ছুক?
নতুন পৃথিৱীত আছে বুলি কল্পনা কৰক