ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 মাৰ্চ পৃষ্ঠা ৫
  • যিহোৱাৰ ওপৰত ভৰসা কৰাৰ তিনিটা উপায়

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ ওপৰত ভৰসা কৰাৰ তিনিটা উপায়
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • প্ৰাৰ্থনা—এটা ডাঙৰ সন্মান
    বাইবেলে আমাক কি শিকায়?
  • প্ৰাৰ্থনাই ঈশ্বৰৰ কাষ চাপিবলৈ আপোনাক সহায় কৰিব
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • মই কি কি বিষয়ৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • সমস্যাৰ সন্মুখীন হʼবলৈ বাইবেলে আপোনাক সহায় কৰিব পাৰে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 মাৰ্চ পৃষ্ঠা ৫

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱাৰ ওপৰত ভৰসা কৰাৰ তিনিটা উপায়

দায়ূদে যিহোৱাৰ ওপৰত ভৰসা কৰাৰ বাবে গলিয়াথক পৰাজয় কৰিব পাৰিলে। (১চমূ ১৭:৪৫) যিহোৱাই নিজৰ সকলো সেৱকৰ পক্ষে নিজৰ শক্তি দেখুৱাব বিচাৰে। (২বং ১৬:৯) দায়ূদৰ নিচিনা আমিও নিজৰ দক্ষতা আৰু অভিজ্ঞতাৰ ওপৰত ভৰসা কৰাৰ পৰিৱৰ্তে যিহোৱাৰ ওপৰত ভৰসা কৰা উচিত। ইয়াৰ বাবে আমি কি কৰিব লাগিব? আহক তিনিটা উপায় চাওঁ।

  • বাৰে বাৰে প্ৰাৰ্থনা কৰক। আমি ভুল কৰাৰ পাছত ক্ষমা বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰোঁৱেই, কিন্তু আমি বেয়া কাম কৰিবলৈ প্ৰলোভিত হোৱাৰ সময়তো প্ৰাৰ্থনা কৰা উচিত। (মথি ৬:১২, ১৩) আমি প্ৰায়ে নিৰ্ণয় লোৱাৰ পাছত প্ৰাৰ্থনা কৰোঁ, কিন্তু আমি নিৰ্ণয় লোৱাৰ আগতেও যিহোৱাৰপৰা বুদ্ধি আৰু পৰামৰ্শ বিচৰা উচিত।—যাকো ১:৫.

  • নিয়মীয়াকৈ বাইবেল পঢ়ক আৰু অধ্যয়ন কৰক। প্ৰতিদিনে বাইবেল পঢ়ক। (গীত ১:২) তাত উল্লেখ কৰা লোকসকলৰ বিষয়ে গভীৰভাৱে চিন্তা কৰক আৰু শিকা কথাবোৰ পালন কৰক। (যাকো ১:২৩-২৫) যদিও আপুনি বহুবছৰ ধৰি প্ৰচাৰ কৰি আছে, তথাপি প্ৰচাৰলৈ যোৱাৰ আগতে প্ৰকাশনবোৰত অনুসন্ধান কৰি প্ৰস্তুতি কৰক। সভাবোৰৰপৰা ভালদৰে শিকিবলৈও আগতীয়াকৈ প্ৰস্তুতি কৰক।

  • যিহোৱাৰ সংগঠনক সহযোগ কৰক: আমি সংগঠনৰপৰা পোৱা সকলো নিৰ্দেশনাৰ বিষয়ে জনা উচিত আৰু তাক লগে লগে পালন কৰাও উচিত। (গণ ৯:১৭) আমি প্ৰাচীনসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা পালন কৰিব লাগে।—ইব্ৰী ১৩:১৭.

পুলিচে সীমিত সময়ৰ বাবে এজন ভাইক অধীনত লৈছে আৰু সাংবাদিক আৰু আন ভাই-ভনীসকলে তেওঁ চাই আছে।

অত্যাচাৰৰ বাবে ভয় কৰাৰ কোনো কাৰণ নাই নামৰ ভিডিঅʼখন চাওক আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

• ভাই-ভনীসকলে কি কি কথাক লৈ ভয় কৰিছিল?

• তেওঁলোকে নিজৰ ভয় দূৰ কৰিবলৈ কি কৰিলে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক