ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 জুলাই পৃষ্ঠা ১৫
  • আপুনি মন কৰেনে যিহোৱাই আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি মন কৰেনে যিহোৱাই আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ কাষ চাপক
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • যিহোৱাই মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিব নে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • প্ৰাৰ্থনা—এটা ডাঙৰ সন্মান
    বাইবেলে আমাক কি শিকায়?
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 জুলাই পৃষ্ঠা ১৫
এজনী ভনীয়ে প্ৰাৰ্থনা কৰি আছে। তাইৰ টেবুলত বাইবেল আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আপুনি মন কৰেনে যিহোৱাই আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে?

প্ৰাচীন সময়ত যিহোৱাৰ বহুতো সেৱকে নিজৰ চিন্তাৰ বিষয়ে তেওঁক কৈছিল। আমি বাইবেলত পঢ়িবলৈ পাওঁ যে তেওঁলোকে যিহোৱালৈ কি প্ৰাৰ্থনা কৰিছিল আৰু যিহোৱাই তেওঁলোকক কেনেকৈ উত্তৰ দিছিল। যেতিয়া তেওঁলোকে দেখিলে যে যিহোৱাই কেনেকৈ তেওঁলোকক সহায় কৰিছে, তেতিয়া হয়তো তেওঁলোকৰ বিশ্বাস বাঢ়িল। ঠিক সেইদৰে, যদি আমিও স্পষ্টকৈ নিজৰ চিন্তাৰ বিষয়ে যিহোৱাক জনাওঁ, তেনেহʼলে আমি দেখিবলৈ পাম যে তেওঁ কেনেদৰে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে। হয়তো বহুবাৰ আমি বিচৰা অনুসৰি যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ নিদিবও পাৰে। হয়তো আমি যি বিচাৰিছিলোঁ, তাতকৈ বেছি তেওঁ আমাক দিয়ে। (২কৰি ১২:৭-৯; ইফি ৩:২০) যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেদৰে দিয়ে?

  • সমস্যাৰ সন্মুখীন হোৱাৰ সময়ত তেওঁ আমাক সাহস আৰু শক্তি দিয়ে। ইয়াৰ উপৰিও বিশ্বাস দৃঢ় কৰিবলৈ সহায় কৰে।—ফিলি ৪:১৩

  • সঠিক নিৰ্ণয় লʼবলৈ তেওঁ আমাক বুদ্ধি দিয়ে।—যাকো ১:৫

  • কোনো এটা কাম কৰিবলৈ তেওঁ আমাৰ ইচ্ছা জন্মাই আৰু আমাক শক্তি দিয়ে।—ফিলি ২:১৩

  • যেতিয়া আমি চিন্তিত হওঁ, তেতিয়া তেওঁ আমাক মনত শান্তি দিয়ে।—ফিলি ৪:৬, ৭

  • তেওঁ আনৰ যোগেদি আমাক সহায় আৰু উৎসাহিত কৰে।—১যোহ ৩:১৭, ১৮

  • তেওঁ সেই লোকসকলক সহায় কৰে, যিসকলৰ বাবে আমি প্ৰাৰ্থনা কৰোঁ।—পাঁচ ১২:৫, ১১

যিহোৱা “প্ৰাৰ্থনা শুনোতা” ঈশ্বৰ নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • বেমাৰৰ বাবে যদি আমি বেছিকৈ সেৱা কৰিব নোৱাৰোঁ, তেনেহʼলে ভাই চিমিজুৰ উদাহৰণৰপৰা আমি কেনেকৈ সাহস লাভ কৰোঁ?

  • আমি ভাই চিমিজুৰ দৰে কি কি কৰিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক