ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ১৩
  • ঈশ্বৰক বিশ্বাস নকৰা লোকসকলক যিহোৱাৰ বিষয়ে জানিবলৈ সহায় কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰক বিশ্বাস নকৰা লোকসকলক যিহোৱাৰ বিষয়ে জানিবলৈ সহায় কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • শিক্ষাদানৰ সঁজুলিৰ বাকচটো ভালদৰে ব্যৱহাৰ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস দৃঢ় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • ‘সঠিক মন ৰখা লোকসকলক’ সোনকালে সহায় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ১৩
এজনী ভনীয়ে এছিয়াৰ এজনী তিৰোতাক প্ৰচাৰ কৰি আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ঈশ্বৰক বিশ্বাস নকৰা লোকসকলক যিহোৱাৰ বিষয়ে জানিবলৈ সহায় কৰক

বহু বাৰ আমি ভাবিব পাৰোঁ যে ‘যিসকল লোকে কোনো ধৰ্মৰ ওপৰত বিশ্বাস নকৰে, তেওঁলোকক প্ৰচাৰ কৰি একো লাভ নাই, কাৰণ তেওঁলোকে নুশুনিব।’ কিন্তু আমি মনত ৰখা উচিত যে এনেধৰণৰ কিছুমান লোক, আনকি নাস্তিক লোকেও যিহোৱাৰ সাক্ষী হৈছে। প্ৰায়ে দেখিবলৈ পোৱা গৈছে যে ঈশ্বৰ আছে বুলি চালি-জাৰি চাবলৈ তেওঁলোকক সহায়ৰ প্ৰয়োজন হয়।—ৰোম ১:২০; ১০:১৪.

মনত ৰাখক—যিকোনো লোকে সত্য গ্ৰহণ কৰিব পাৰে—ঈশ্বৰক বিশ্বাস নকৰা লোক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নৰ উত্তৰ দিয়ক:

টমাচʼৰ অনুভৱৰ পৰা আপুনি ঈশ্বৰক বিশ্বাস নকৰা লোকসকলক প্ৰচাৰ কৰাৰ বিষয়ে কি শিকিলে?

এয়া কেনেকৈ কৰিব পাৰোঁ?

যদি কোনোবাই কয় যে তেওঁ ঈশ্বৰক বিশ্বাস নকৰে, তথাপি তেওঁৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰক। তেওঁৰ কথা মনোযোগেৰে শুনক আৰু তেওঁ এইদৰে কিয় ভাবে তাক বুজিবলৈ চেষ্টা কৰক। (২তীম ২:২৪) তেওঁ যিবোৰ বিষয়ত আগ্ৰহী, সেইবোৰৰ বিষয়ে কথা পাতক। তেওঁ সেই প্ৰমাণবোৰৰ বিষয়ে আলোচনা কৰিবলৈ সাজু আছেনে, যিবোৰ চালি-জাৰি চাই বহুতো লোকে সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস কৰিব পাৰিছে। যদি সাজু আছে, তেনেহʼলে তেওঁক সেই কিতাপ-পত্ৰিকা আৰু ভিডিঅʼবোৰ দেখুৱাওক, যি এই উদ্দেশ্যেৰেই বনোৱা হৈছে। যেনে, জীৱনৰ আৰম্ভণি—পাঁচটা প্ৰশ্নৰ উত্তৰ জনাৰ প্ৰয়োজন (হিন্দী) ব্ৰচাৰ। এতিয়া এই ব্ৰচাৰবোৰ শিক্ষাদানৰ সঁজুলি বাকচত দিয়া হৈছে যাতে সহজে এইবোৰ আনক দেখুৱাব পাৰি।

এনে লোকসকলৰ লগত কথা পতাৰ বিষয়ে ভাবিয়েই হয়তো আপোনাক ভয় লাগিব পাৰে। আপুনি কোনো অভিজ্ঞ ভাই বা ভনীৰ সহায় লʼব পাৰে। আনকি ভাল মন ৰখা লোকসকলৰ হৃদয় স্পৰ্শ কৰিবলৈ যিহোৱাও আপোনাক সহায় কৰিব পাৰে, যদিও তেওঁলোকে আৰম্ভণিতে ঈশ্বৰক বিশ্বাস কৰিবলৈ অস্বীকাৰ কৰে।—পাঁচ ১৩:৪৮.

“জীৱনৰ আৰম্ভণি—পাঁচটা প্ৰশ্নৰ উত্তৰ জনাৰ প্ৰয়োজন” (হিন্দী) ব্ৰচাৰ।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক